সাম্প্ৰতিক সময়ৰ বিহু - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, April 5, 2025

সাম্প্ৰতিক সময়ৰ বিহু



 সাম্প্ৰতিক সময়ৰ বিহু


মিনু হাজৰিকা

গোৱালপাৰা


   বিহু অসমৰ প্ৰধান উৎসৱ। কৃষিভিত্তিক অসমীয়া সমাজে ইতিহাস ঢুকি নোপোৱা সময়ৰ পৰাই বিহু পালন কৰি আহিছে। বিহু উৎসৱৰ লগত জড়িত হৈ আছে সংস্কৃতিৰ ভৌতিক, অভৌতিক, পৰিৱেশ্য কলাৰ ভিন্ন উপাদান। অসমৰ সমাজ জীৱনৰ অৰ্থনৈতিক, সামাজিক, আদি দিশত বিহুৱে বিশেষ ভূমিকা লৈ আহিছে।

  সময়ৰ পৰিবৰ্তনে অসমৰ সমাজ জীৱনৰ লগতে বিহু সংস্কৃতিতো প্ৰভাৱ পেলাইছে। কৃষিজীৱী সমাজৰ বিহুৱে কালক্ৰমত গছৰ তলৰ পৰা মঞ্চ পালেহি। এই দীঘলীয়া পথছোৱাত বিহুৰ উপাদানসমূহৰ ৰূপৰ যথেষ্ট সালসলনি হৈছে। সাম্প্ৰতিক সময়ত বিহু সংস্কৃতিত এনে পৰিবৰ্তন অতি ক্ষিপ্ৰ হোৱা দেখা গৈছে। এই ক্ষেত্ৰত বৈদ্যুতিক মাধ্যমে বিশেষ ভূমিকা লোৱা দেখা গৈছে। সেয়েহে বৈদ্যুতিক মাধ্যম যেনে– ৰেডিঅ’, টেলিভিশ্যন, বিভিন্ন সামাজিক মাধ্যম আদিয়ে সাম্প্ৰতিক বিহু সংস্কৃতিক বাৰুকৈয়ে প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে।

    বিহুত অসমীয়াৰ পৰম্পৰাগত আভৰণ ব্যৱহাৰ কৰা হয়। অৱশ্যে সাম্প্ৰতিক কালত পৰিবৰ্তন ঘটিলেও বিহুত নাৰীয়ে তিনি বস্ত্ৰ আৰু পুৰুষে ধুতি আৰু বিভিন্ন ধৰণৰ চোলা পৰিধান কৰে। ব’হাগ বিহুত বিহু নাচোতে ছোৱালীয়ে ৰিহা আৰু মেখেলা পৰিধান কৰে। অতীজতে কপাহী, মুগা সকলো ধৰণৰ চাদৰ মেখেলা, ৰিহা নাচনিয়ে পৰিধান কৰিছিল। কিন্তু বৈদ্যুতিক মাধ্যমে অনুষ্ঠিত কৰা প্ৰতিযোগিতা, অনুষ্ঠানে মুগাৰ ৰিহা আৰু মেখেলাক অধিক গুৰুত্ব দিলে। অৱশ্যে বিহু নাচ মঞ্চত উঠাৰ ফলতেই মুগাৰ কাপোৰৰ গুৰুত্ব পাইছিল।

  বিহু অসমীয়াৰ আৱেগ। বিহু সকলোৰে চিনাকি। বিহুৱে অসমীয়া সংস্কৃতি-সভ্যতাক এক নতুন মাত্ৰা প্ৰদান কৰিছে। সাম্প্ৰতিক সময়ত বিহুৱে যথেষ্ট প্ৰসাৰতা লাভ কৰিছে। অসমৰ সকলো লোকে বিহুৰ লোকাচাৰ, ৰীতি-নীতি, সম্পৰ্কে বিভিন্ন মাধ্যমৰ দ্বাৰা পৰিচিত। অৱশ্যে এইবোৰৰ আঁৰতো ব্যৱসায়ীক দৃষ্টিভংগী লুকাই আছে। তথাপিও লোকাচাৰ, লোকবিশ্বাস, ৰীতি-নীতিৰ সালসলনি হ’লেও সাম্প্ৰতিক সময়তো অসমৰ সমাজ, বিহু সংস্কৃতিৰ লগত ওতপ্ৰোতভাৱে জড়িত।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৫



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages