মোৰ ঘৰটো
ৰশ্মিৰীয়া গগৈ
বাহীচোতালখনত ওৰে ৰাতি সাৰে থকা
কেইটামান নীলা চৰাইৰ খৰমৰণিত প্ৰতিপুৱা ঘৰটো সাৰ পাই
হাতত সাৰে, ভৰিত সাৰে ৰ’দ-ঘাই হ’বলৈ আগৰাতি জৰাজীৰ্ণ হোৱা আটাইবোৰ আতাহ আৰু বেদনা চোতালখনৰ এচুকত গোট খাই
উচুপনি এটা হৈ ঘৰটোৰ ভিতৰখনে নিশাহ খামুচি তৰাং হয়
উচপিচাই, চটফটাই
উদাস হৈ থিয়দি থকা
খিৰিকীবোৰৰ পৰ্দা বতাহত কঁপে ।
মোৰ ঘৰটো অন্ধকাৰত ডুবাই
তামৰঙীbজোনজনী কোনোৱে টোমত ভৰাই লৈ গ’ল।
দি গল শতিকাৰ ঘোপমৰা এন্ধাৰ,
ঘৰটোৰ এনে হোৱাৰ কথা
আগতে কেতিয়াও আমি পতা নাই!
ভিতৰ চৰাত মই চটফটাইছোঁ,
পায়চাৰি কৰিছোঁ,
আজুৰি চাইছোঁ মোৰ সত্তা,
প্ৰাণৰ তাড়না
পৃথিৱীৰ আটাইবোৰ তুচ্ছতা আৰু
প্ৰকাণ্ড এটা শূণ্য তুমি মোলৈ দলিয়াই দিছা, মোহাৰি মাৰিব খুজিছা এই পুৰাতন স্তব্ধতা,
মই উঠিছোঁ,পৰিছোঁ,
ফুলিছো, শুকাইছোঁ,
ডুবিছো, পুনৰ উঠিছোঁ
তথাপিও শোকে ডুবাই মাৰিব পৰা নাই !
আপাততঃ
য’ত সমাধিস্থ কৰা হৈছিল আচবাব পুৰ্ণ অজস্ৰ কোলাহল।
খুটি পোন কৰি ঘৰটো তাতেই গঁজিছে
এআকাশ নীলা সমগ্ৰতে শিপাইছে
আৰু অতলৰ বহ্মাণ্ড শোক সাগৰত
মই ডুবি আছোঁ
গলি আছোঁ অবিৰল!
বিঃ দ্ৰঃ সাৰাংশ বিচাৰি তোমাকেই হেৰুৱালো, সাৰমৰ্ম জনাৰ ইচ্ছা সেয়ে নাই।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৫

No comments:
Post a Comment