এটি আবেলিৰ গান - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, April 5, 2025

এটি আবেলিৰ গান

 


এটি আবেলিৰ গান


                                       মনজিত বৰা

                                         কলিয়াবৰ


শুনি আমনি নলগা গানটো

পালতৰা নাওত ওলমি উজাই গ’ল….


মই ৰাগিলগা সন্ধ্যাত উপত্যকাৰ জঠৰ তৰা।


নিশ্চুপ হৈ বহি আছে হেজাৰতা হুমুনিয়াহ

শিলুৱা শেলুৱৈয়ে নিচুকাবও নোৱাৰে যাক!!


নিজানত পৰি ৰোৱা বাট এটাৰ দৰে বুকুখন

কিজানি তুমি হোৱাহেতেঁন এজাক বাসন্তী বতাহ….


যদি আমি গীতাৰত কপাঁ আঙুলি হ’লোহেতেঁন

আকৌ নিয়ৰত তিতা দুবৰি!!


হয়, একো হ’ব নোৱাৰাটোও অনন্য তৃপ্তিৰ সুমধুৰ বাসনা।


কত কথাত ভুল ৰ’ল

নজহা নপমা কথাৰ আওল অভিমানত লাগি ৰ’ল।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages