অতীজ
নিৰু দত্ত
ৰৈ যোৱা লগৰীয়াবোৰক সুধিছিলো
আৰু কি কি ৰৈ গ’ল যি সলনি নহ’ল ?
অগাধ অৰণ্য আৰু বিশাল ধানৰ পথাৰখন
বুকুত লৈ জীপাল আছিল শৈশৱ কৈশোৰ
পুৱাৰ ফেঁহুজালিক আদৰি অনা চৰাইৰ স্তুতিগীতত
সাৰ পোৱা পুৱাটোৰ লৰা-ঢপৰাত বাজি আছিল
জীৱন জীয়ন । বাজি আছিল চেনেহ তাঁৰৰ বীণ।
কঢ়াই সমাৰ বোৱা পথাৰত গোবৰ পাই
লহপহ এডৰা সুৱাগমনি
বিজ্ঞাপনৰ কৃষি বিপ্লৱ ধীৰে ধীৰে নামিছিল এথোন
গেঁৰ ধৰা ধানৰ তলত খেলি থকা গৰৈ চিৰিকা
চঞ্চল চেনীপুঠি আৰু কাৱৈটিলাৰ দেহাত
অচিন বেদনা
টুনিজাক বিজুলী তাঁৰত নবহাই হ’ল
বালিঘোঁৰাৰ মাত তল পেলাই
সেই যে আহিছিল মটৰগাড়ী
ঘৰঘৰাই
কংক্ৰিটৰ পুলি এটি ৰুই থৈ গুছি গ’ল
প্ৰবাসী চহৰীয়া।
তেতিয়াৰে পৰা, ঠিক তেতিয়াৰে পৰা
চৰাই ঠোঁটত সুহুৰি হেৰাল
বিজতৰীয়া ধানৰ সঁচত সোৱাদ নাপাই
ভঁৰালবোৰ নিশকতীয়া হ’ল
জয় পৰা দূপৰীয়া বেলিৰ চোক সহিব নোৱাৰি
গঁঞা হেনো হিতাধিকাৰী হ’ল।
ওভতনিৰ পথ হেৰুৱাই শেঁতা আবেলি
মোহাছন্ন মই অতীজ দিনৰ।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৫


No comments:
Post a Comment