বহাগ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 6, 2025

বহাগ

 

বহাগ


            গীতা ৰাজখোৱা


চ’তৰ–

ৰিমঝিম বৰষুণত

তিতি বুৰি–

শুকান লঠঙা গছত

সেউজীয়া কোমল কিশলয়

তোমাৰ পৰশত 

ঠন ধৰি উঠে।

অ’ বহাগ –

কিনো আছে তোমাৰ নামত?

তোমাৰ বাতৰি পালে

কুলিটিয়ে যে মিঠা মাত মাতে

কেতেকীৰ হিয়া ভগা কান্দোঁনত

বিৰহী নাচনীৰ ছন্দ ভাঙে

মনৰ সমস্ত আবেগ ঢালি

জেতুকাৰে 

দুহাতত হৃদয় সজায় 

ৰৈ থাকে নাচনী

ঢুলীয়াৰ বাবে।


জীৱনৰ কুঁ‌হে কুঁ‌হে 

ফাগুন নামে,

ৰঙালীক আদৰাৰ সময় এয়া

যাতনা সহস্ৰ বাধা অতিক্ৰমি

জীৱনত ৰং সিঁ‌চাৰ 

সময় এয়া।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages