বাসন্তী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 6, 2025

বাসন্তী

 


বাসন্তী


              হেমাঙ্গ ঠাকুৰীয়া


কি ফুল ফুলিছে 

হাবিয়ে হাবিয়ে! 

গোন্ধে আমোল মোলাই! 

বাসন্তী ফুলৰ সুবাসে 

ৰাজপথ মলেমলাই। 

নতুনৰ বৰষুণ পাই 

প্ৰাণ মোৰ ৰঙতে ভৰি যায়।


বৰষুণ জাক মোৰ আজিও প্ৰিয়। 

কৈশোৰৰ ওফন্দি উঠা নৈ খন 

বৈ যাব খোজে ফেনে ফুটুকাৰে।


ডাৱৰৰ বুকুত বিজুলীৰ ৰেখাই 

তৰংগ দীপ্ত কৰে ৰিক্ত মনৰ 

গভীৰ কোঠালী।


বনৰীয়া ফুলৰ ৰেণু উৰে 

আকাশে-বতাহে 

মন মোৰ উতলুৱা কৰে 

কৈশোৰৰ প্ৰাণৰ দৰে।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৫



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages