ৰ’বট - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 6, 2025

ৰ’বট

 

ৰ’বট


            যুগল বৰা



আৰ্টিফিছিয়েল দুনীয়াত

মানুহবোৰ ৰ'বট হৈ পৰিছে

জীয়াই থকাৰ হেঁপাহত 

সপোনৰ ভৰত লাহে লাহে

টোপনিবোৰ কমি আহিছে


মানুহবোৰ ৰ’বট হৈ পৰিছে…


এফালে যদি সপোন মৰহিছে

আনফালে জীয়াই থকাৰ দিন কমিছে

ব্যস্ত পৃথিৱীৰ ব্যস্ত মানুহ.…


কোনে বুজিব কোনে শুনিব

সপোনত ঘূণে ধৰাৰ কাহিনী

যান্ত্ৰিকতাৰ হাতত উশাহবোৰ বন্ধকীত ৰাখিছে…


মানুহবোৰ ৰ’বট হৈ পৰিছে…


Doksiri দকচিৰি, এপ্ৰিল, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages