এনেকৈয়ো আহেনে‌ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, April 5, 2025

এনেকৈয়ো আহেনে‌


 

এনেকৈয়ো আহেনে‌


ভূমিকা দাস 

গুৱাহাটী


   ভদাইৰ ককাক ৰঙামহাজনে ৰাতিপুৱা শোৱাপাটি এৰি বাৰান্দাতে কিছুপৰ বহি আছিল। হঠাৎ বহাৰ পৰা উঠি মুখ হাত ধুবলৈ বুলি কুঁৱাৰ পাৰলৈ যাবলৈ  ওলোৱাত ডাঙৰ পুতেক ৰ’দায়ে ক’লে “পিতাই, ইমান পলম কৰিলি যে । যা, সোনকালে মুখ হাত ধুই আহগৈ। মই আজি জৰুৰী কাম এটাত গুৱাহাটীলৈ‌  যাব লাগিব আৰু দুদিনমান আহিব নোৱাৰিম।। ৰাতিপুৱাৰ চাহ জলপানখিনি‌ লগে ভাগেই খাওঁ।  সোনকালে আহ পিতাই ।”

   ৰঙামহাজনে ক’লে, “বোপাই ‘আজি সন্ধিয়ালৈকে ভাগৱত পাঠ অলপ কৰিম বুলি ভাবিছোঁ। গাৱঁৰ ভকত কেইজনমানক তই যোৱাৰ আগে গাঁৱৰ ভকত কেইজনমানক আমন্ত্ৰণ জনাই আহিবিচোন।

কথা মতেই কাম । সন্ধিয়ালৈকে  ভাগৱত পাঠ আৰম্ভ হ'ল । এঘন্টা  মান পঢ়ি উঠাৰ পিছত গুৰু জনাৰ নামঘোষা এফাঁকিৰে ভক্ত সকলে ভাগৱত পাঠ  সামৰণি মাৰিলে ।

  শেষত ভদাই আৰু মাকে ককাক ৰঙামহাজনৰ‌ 

লগত আঠুকাঢ়ি ভকতৰ আশীৰ্বাদ ল’লে ।

  আঠুকাঢ়ি সেৱালৈ‌ ৰঙা মহাজন আৰু উঠি নবহিল । গাওঁখনৰ ৰঙামহাজন নাইবা ৰঙা বুঢ়া বুলি খ্যাত মানৱ দৰদী মানুহজনৰ প্ৰাণ পখী ভগৱানৰ চৰণত ভক্তিভাৱেৰে সেৱা লৈ থাকোঁতেই উৰি গুচি গ'ল অজান মুলুকলৈ....!!!


Doksiri দকচিৰি, এপ্ৰিল, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages