মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত ৰাতি বিহু
লহৰজ্যোতি মৰাণ
কাকপথাৰ
উজনি অসমৰ এটা অন্যতম ভূমিপুত্র জনগোষ্ঠী হৈছে মৰাণ জনগোষ্ঠী। ইতিহাসত উল্লেখ আছে যে আহোম ৰজা চুকাফাই মৰাণ ৰজাৰ সহায় লৈ অসমত নিজৰ ৰাজ্য স্থাপন কৰিছিল। উজনি অসমৰ, বিশেষকৈ তিনিচুকীয়া, ডিব্ৰুগড়, আৰু অৰুণাচল প্ৰদেশৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত মৰাণ জনগোষ্ঠী লোক সকলে বসবাস কৰে। তেওঁলোকৰ ভাষা, সংস্কৃতি, পৰম্পৰা আৰু নৃত্য-গীত আজিও নিজৰ স্বকীয়তা বহন কৰি আছে।
মৰাণসকল মূলত অসমীয়া ভাষা ব্যৱহাৰ কৰে, কিন্তু তেওঁলোকৰ নিজস্ব বহুতো স্থানীয় শব্দ আৰু উপভাষা আছে। আগতে মৰাণ ভাষা প্ৰচলিত আছিল, কিন্তু বৰ্তমান খুব কম ই বিলুপ্তিৰ পথত আছে।
বৰ্তমান মৰাণ সকল সমাজৰ বিভিন্ন ক্ষেত্ৰত অগ্ৰসৰ হৈছে। শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে আৰু বহুতো মৰাণ যুৱক-যুৱতী চৰকাৰী চাকৰি,কাৰিকৰী বৃত্তি মুলক শিক্ষা আদি ক্ষেত্ৰত সফল হৈ উঠিছে। মৰাণ জাতিক ST (Scheduled Tribe) মান্যতাৰ দাবী বহুদিন ধৰি চলি আছে, যদিও এতিয়াও সঠিক স্বীকৃতি পোৱা নাই।
মৰাণসকল মূলত কৃষিজীৱী। তেওঁলোকে ধানখেতি, মাটি মাহ, ঘৰুৱা শাক-পাচলিৰ,কমলা খেতি, চাহৰ খেতি, লগতে পশুপালনৰ আৰু মীন পালনৰ লগত জড়িত।
মৰাণ জনগোষ্ঠীৰ এটা অন্যতম পৰম্পৰাগত উৎসৱ হৈছে ৰাতি বিহু। পাহিলা ব'হাগৰ প্ৰথম দিনটোতে “জাং জাং, তিঘিনজাং” ঢোলৰ চেওঁৱে গাঁওৰ সকলো লোকে প্ৰাণ প্ৰায় উঠে।
“হেই হাঁচতি ঐ চ’ত
বিচতি ঐ চ’ত
বুধে বিৰচতি মঙলে উৰুকা
বিহু গৈ আছিলি ক’ত ?”
ৰাতি বিহুৰ প্ৰস্তুতি আৰু আয়োজন হিচাপে বিহু ঘৰ নিৰ্মাণ গাঁৱৰ ডেকাসকলে দল বদ্ধ হৈ বাঁহ কাটি আনে আৰু দুটা কোঠালিযুক্ত বিহু ঘৰ সাজে। এটা কোঠা ডেকাসকলৰ বাবে আৰু আনটো কোঠা গাভৰুসকলৰ বাবে নিৰ্ধাৰণ কৰা হয়। বিহু ঘৰ সাজোঁতে গেৰগুৱা পাত ব্যৱহাৰ কৰা হয়। গাভৰুসকলে তাঁতৰ কাপোৰত নতুন বিহুৱান বৈ খাদ্য তৈয়াৰ কৰে। পিঠা গুৰি খুণ্ডা, পিঠা-পনা, চিৰা, দৈ, সান্দহ, কোমল চাউল, তিলপিঠা, মিঠা লাড়ু ৰন্ধন সামগ্ৰী যোগান ধৰে। লগতে ৰাতি বিহু গাবলগীয়া ঠাই দুখৰ পৰিষ্কাৰ কৰি ৰাখে। চাৰিও কাষে কাষে বাঁহৰ বেৰা দি বান্ধি ৰাখে।
“ন পানী বাঢ়িলে হাঁয় হাঁয় ঐ
বাঢ়ক জান ঐ মৰম জান হাঁয়
দুহাতে দুহাতে দুচলু খাম,
তয়ে বৈ দিয়া
চেলেং ছকঠিয়া
বুকুত লৈ টোপনি যাম।”
ৰাতি বিহুৰ এক অনন্য পৰম্পৰা ছোৱালী বিচৰা ৰীতি বিহুৱা ডেকাসকলে ছোৱালী বিচৰা এটা বিশেষ ৰীতি এই ৰীতিটোৱে সমাজৰ মাজত বিশ্বাস, সম্প্ৰীতি আৰু দায়িত্ববোধৰ এক অপূৰ্ব উদাহৰণ সৃষ্টি কৰিছে।
বিহুৰ আগদিনাই ডেকাসকলে গাঁওৰ ছোৱালীৰ ঘৰলৈ যায়। তেওঁলোকে তামোল-পানৰ খুম (শৰাই) লৈ গৃহস্থৰ ওচৰত অনুমতি বিচাৰে।গৃহস্থ যদি সন্মতি দিয়ে, তেন্তে ছোৱালীয়ে ৰাতি বিহুত ভাগ ল’ব পাৰে।গৃহস্থৰ উত্তৰ “এতিয়া পৰা আমাৰ ছোৱালী তোমালোকে দায়িত্ব ল'ব লাগিব।” ইয়াৰ অৰ্থ, বিহু শেষ নোহোৱালৈকে ডেকাসকলে ছোৱালীৰ সুৰক্ষাৰ দায়িত্ব ল’ব লাগিব। পিছ দিনা ডেকাসকলে কেৰাচিন তেলৰ চুঙা (তেলৰ ব’ম) লৈ ছোৱালী বিচাৰিবলৈ ওলায়।গৃহস্থৰ ঘৰৰ পৰা ছোৱালী খুজি বিহু ঘৰলৈ আনে। গৃহস্থৰ মাত দিয়ে: “আমাৰ ছোৱালী যদি বিহু তলিৰ পৰাই নাইকীয়া হৈ যায়, তেন্তে আমাক আমাৰ ছোৱালী লাগিব।”
“এই বেলি বিহু গৈ যাবি বোলা শুনিছোং
মোৰ পেটত লাগিছে ভয়,
কেনেকৈ খাবি গৈ কেনেকৈ থাকিবি
কেনেকৈ বুলিবি পয়!”
ডেকাসকলে প্ৰতিশ্ৰুতি দিয়ে “খেৰৰ জুমুঠি আকাৰে বনাই হ'লেই দি যাম।” অৰ্থাৎ, তেওঁলোকে সম্পূৰ্ণ দায়িত্ব ল’ব সেই কথা জনাই দিয়ে।
এই বিশেষ নিয়মে সমাজত বিশ্বাস আৰু দায়িত্ববোধৰ নিদৰ্শন। ছোৱালীৰ সুৰক্ষা নিশ্চিত কৰাৰ এক ঐতিহ্য। বিহু উপলক্ষে গাঁৱৰ সকলোৱে একতাবদ্ধ হৈ আনন্দ উপভোগ কৰাৰ পৰম্পৰা। সকলোবোৰ মৰাণ জনগোষ্ঠীৰ সাংস্কৃতিক গৌৰৱ আৰু সমাজত মহিলাসকলৰ সন্মান প্ৰতিফলিত কৰে।
বিহুৱা ডেকাই পৰিধান সাজপাৰ তাঁতৰ শালত বোৱা ন-চুৰীয়া পৰম্পৰাগত কাপোৰ যিয়ে মৰাণ সমাজৰ ঐতিহ্য বহন কৰে। কামিজ-চোলা– এটি ডাঙৰ হাতৰ চোলা, যি সাধাৰণতে বগা সুতা আৰু বিশেষ নক্সাৰে সজোৱা হয়। মৰাণ ফুলাম গামোচা – ডিঙিত আৰি লোৱা হয়, যি মৰাণ জনগোষ্ঠীৰ নিজস্ব ডিজাইনযুক্ত গামোচা।
গাভৰুসকলে পৰিধান কৰা সাজপাৰ হিচাপে ফুলাম ৰিহা-মেখেলা – বিশেষ নক্সাযুক্ত তাঁতৰ বস্ত্ৰ। মূগা ৰিহা-মেখেলা – দামি মূগা ৰেশমৰ কাপোৰ, যি গৰিমাময় পৰম্পৰাৰ প্ৰতীক।পাটৰ মেখেলা– শ্বেত-সুবাসিত পাটৰ কাপোৰ, যি সৌন্দৰ্য্য আৰু আভিজাত্যৰ প্ৰতীক। কলীয়া ৰিহা – গাভৰুসকলে কলীয়া ৰঙৰ বিশেষ নক্সাযুক্ত ৰিহা-মেখেলা পৰিধান কৰে, যি মৰাণ সংস্কৃতিৰ অন্যতম বৈশিষ্ট্য।
“বৰনৈৰ সিপাৰে ধনে ৰিং মাৰিলে
নৈ চাকলি হাঁফলুত বহি
উকিটোহে শুনিলোং ধনকহে নেদেখোং
দেহ মোৰ উজনি ভাটি।”
মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু কেৱল এটি উৎসৱ নহয়, ই সমাজিক সম্প্ৰীতি, আনন্দ আৰু নতুন সম্পৰ্ক গঢ়াৰ এক বিশেষ অনুষ্ঠান। ডেকা-গাভৰুসকলৰ সমাগম গাঁৱৰ ছোৱালীবোৰ গোট খাই বিহু ঘৰলৈ আহে। দুই কোঠালিযুক্ত বিহু ঘৰত এটা কোঠাত ডেকাসকলে আৰু আনটো কোঠাত গাভৰুসকলে স্থান লয়।সকলোৱে ঘূৰণীয়া হৈ পদ জুৰি জুৰি বিহু নাম গায়।
“হাঁচতি ঐ ৰাইডং বেতৰে পাত
প্ৰকৃতিৰ বুকুলে বিহুটি আহিছে
ৰাইজাই কৰিছে গাত,”
“হে’ এ’ ই’…
হাঁচতি ঐ ৰাইডং বেতৰে পাত
বেলী যায় লহিয়াই
বিহু যায় ভটিয়াই
অগনি জলিছে গাত।”
অন্য গাঁৱৰ ডেকাসকলৰ আগমন হোৱাৰ লগে লগে বাঁহৰ বেৰাৰ কাষত ৰৈ থাকে গাভৰু সকলক গীত গায় গায় নচুৱাবলৈ। গাভৰু সকলে গৈ আন গাঁৱৰ ডেকা সকলৰ কাষত গৈ চাকচনি প্ৰদান কৰে। এনে দৰে ডেকা-গাভৰুসকলৰ মাজত চিনাকি হয়। পিছত ডেকা সকলে চাকচনি বাই বাই গীত পৰিবেশন কৰে, আৰু গাভৰুসকলে উৰে নিশা নাচি থাকে।
“ৰাতি সো মজিয়াত চেনাইটি ঐ
নাহিবি দেই অকলে
কেকায়ে পাবহি দেখি।
ভূঁইৰে টঙিতে চেনাইটি ঐ
অকলে মই থাকোঁতে
হেদাঙে হেদাঙে যাবি।”
সাত দিন ধৰি নিশা-দিন বিহু গোৱা হয়। প্ৰতিদিনে বিভিন্ন পৰম্পৰাগত গীত, নৃত্য, আৰু ৰং-ধেমালিৰ মাজেৰে আনন্দ উপভোগ কৰা হয়। ৰাতিপুৱা আন গাঁৱৰ ডেকাসকলে গাভৰুসকলৰ পিছে পিছে গৈ তেওঁলোকৰ ঘৰত আলহী হিচাপে থাকে।ই এক সম্প্ৰীতিৰ প্ৰতীক, য’ত সকলো লোকে একেলগে সময় কটায়। অন্তিম দিনা সকলো ডেকা-গাভৰু মিলি গাঁওৰ নামঘৰত সমবেত হয়। বিহুৰ বিদায় হিচাপে নামঘৰত সেৱা লৈ আশীৰ্বাদ গ্ৰহণ কৰে। এনেদৰে মৰাণ সকলৰ বছৰৰ বিহু ৰাতি বিহু সমাপ্ত হয়।
সামাজিক সম্প্ৰীতি আৰু মিলনৰ উৎসৱ। ডেকা-গাভৰু সকলৰ মাজত নতুন বন্ধুত্ব তথা চিনাকিৰ পথ মুকলি কৰে। গাঁৱৰ সংস্কৃতি সংৰক্ষণ আৰু ঐতিহ্যৰ প্ৰচাৰ-প্ৰসাৰ। এইদৰে, ৰাতি বিহু মৰাণ জনগোষ্ঠীৰ এক বর্ণিল, মনোৰঞ্জনপূৰ্ণ, আৰু ঐতিহ্যসুলভ উৎসৱ হিচাপে আজি পৰ্যন্ত পালন কৰি আহিছে।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৫
No comments:
Post a Comment