দিন এটি পাদপীঠত
ঋষভ নাথ
দিনৰ পাছত দিন বগাই যাওঁতে
এটি পাদপীঠত যদি দুই-চাৰি
শুভাকাংক্ষী হাত ফুলে
তেনেহ’লে দেখোন এঘড়ী থমকৰ কথাই
ওপৰৰপৰা তল কিয় বা তেতিয়া ওচৰ
তাহানিৰ দিন যেন কাহিনী হোৱাই নাই
সৰাপাতত লাগি থকা গছৰ গন্ধই
সূৰ্যৰ স্পৰ্শ সোঁৱৰায় বিষাদ ছটিয়ায়
পাতৰ ঠাই সেই দিন সেই ডাৱৰ আৰু নাই
দিনক দিনে তথাপি কাষ চাপি আহিছিল সি
এটা শেষৰ পিনে যি নোহোৱাৰ আৰম্ভণি
বৰদৈচিলাৰ চুলিত এমুঠি দুমুঠিকৈ
আমৰ মলি গুঠি ৰতিকাতৰ হ’লে ৰাতি
সৰিপৰা কণীৰ জীউ লৈ কুঁহিপাত উৰে
আকৌ পৰে শগুণৰ পাখি গৈ শনিত
আৰু ভৰি গণি গণি টোপনি যোৱা
চিৰিবোৰে যেতিয়া চিঞৰি উঠে
কিজানি ঠিক তেতিয়াই
পপীয়া তৰা হৈ পৰা দেখোঁ
অন্ধ গণকৰ চকুৰ মণি
নিৰ্জন জাৰ ক্ষুৰধাৰ দাঁতেৰে
টুকুৰা-টুকুৰ কৰা কোনো মগনীয়াক
দিবলৈ এখন পৰঠা বা একাপ চাহ
থকাহেঁতেন প্ৰতিবাৰেই মোৰ হাতত
আৰু থকাহেঁতেন মোৰ জোতাত মৰসাহ
থিয় কৰাবলৈ মোক মাউৰা সৈনিকৰ
তেজ-পিছল পাদপীঠত
গতিকে কথা মই ক’ত মোক থৈ ছুই চাওঁ
ৰং আঙুলিয়াই দিয়া সুহৃদ অন্তৰ
জগতৰ অত অগণন জন্মদিনে
নিতৌ জন্ম দিয়া
জাবৰৰ কোনখন ফুলনিত
কাণ পাতি পান কৰোঁ
শুভ ইচ্ছাৰ মধু ধ্বনি
প্ৰাপ্তি সঠিক ক’ত মোৰ এই দিনটোৰ
মাহ-বছৰকৈ নাকৰ বা বলাই যোৱা
সময়ৰ খামোচ সুলকি
অকস্মাৎ ওখ এটি পাদপীঠত
ই এটা দিনেই নে কি আহে আৰু যায়
সুযোগ পাই পুনৰ নিয়তিক পতিয়ন নিয়াও
কৰযোৰে লুকুৱাই ৰখা লৌহ নখৰ ৰেখা
আৰু আজিও মই টিকি থকাটো যে সঁচা
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment