তিৱা ভাষা সাহিত্যয়ো এদিন জগত সভালৈ যাব - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 6, 2025

তিৱা ভাষা সাহিত্যয়ো এদিন জগত সভালৈ যাব


 তিৱা ভাষা সাহিত্যয়ো এদিন জগত সভালৈ যাব 


শৰৎ পাটৰ


   হৎ পণ্ডিত সকলে কৈ গৈছে– “সাহিত্যই হৈছে এটা জাতিৰ দাপোন।” নিমজ দাপোন এখনত যেনেকৈ আমাৰ সৰ্বশৰীৰৰ প্ৰতিবিম্বত ৰূপ লাৱণ্য প্ৰত্যক্ষ কৰোঁ তদ্ৰপ সাহিত্যয়ো সেই জাতিৰ, জনগোষ্ঠীৰ ৰূপ লাৱণ্য, শৌৰ্য-বীৰ্য, ঐতিহ্য, গুণ-গৰিমা প্ৰতিবিম্বত কৰে। কোনো এক জাতিৰ উন্নতিৰ মাপকাঠী নিৰূপণ হয় সেই জাতি জনগোষ্ঠীৰ ভাষা সাহিত্যৰ উৎকৰ্ষ তথা শ্ৰীবৃদ্ধি সাধনৰ ওপৰত । জগতত সভ্যতাৰ চৰম শিখৰত আৰোহণ কৰা বহু দেশৰ জাতি জনগোষ্ঠীৰ ভাষা সাহিত্যৰ মানদণ্ড অতিকৈ চকুত লগা, যাৰবাবে বিশ্বই সেই দেশসমূহক উন্নত দেশ হিচাপে স্বীকৃতি দিবলৈ বাধ্য হৈছে । উন্নত সেই দেশসমূহৰ জাতিসমূহে তেওঁলোকৰ সভ্যতা, কলা কৃষ্টি, শৌৰ্য-বীৰ্য, ঐতিহ্যৰে কালজয়ী সাহিত্য সৃষ্টি কৰি বিশ্বৰ সভাত দখল ৰাখি গৈছে। বিশ্বৰ চহকী ভাষা সাহিত্যৰ সমৃদ্ধিশালী ধ্ৰপদী সাহিত্যৰাজিৰ পৰা জ্ঞান আহৰণ কৰি স্ব-জাতিক উন্নতিৰ চৰম শিখৰত আৰোহণ কৰাৰ ক্ষেএত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰাৰ বিষয়ে জানিব পাৰি ।

এই প্ৰসঙ্গত ১৮৪৮ ৰ ইউৰোপ মহাদেশত সূচনা হোৱা নৱ জাগৰণ যুগৰ কথা প্ৰণিধানযোগ্য । অতীত কালৰ গ্ৰীক, ৰোভান, সিন্ধু আৰু আৰবীয় সভ্যতাৰ সময়ত সৃষ্টি হোৱা এই ধ্ৰপদী সাহিত্যৰ সাগৰ মথি অমৃত সদৃশ জ্ঞান আহৰণেৰে নতুন নতুন ধ্যান-ধাৰণাৰে কালজয়ী সাহিত্য কৃতিৰে সভ্যতাৰ ইতিহাসত এক যুগান্তকাৰী অধ্যায় হিচাপে চিহ্নিত কৰি গেছে । গ্ৰীক কবি হোমাৰৰ মহাকাব্য ইলিয়াড্‌, অ’ডিচি, হিন্দুৰ কাব্যগন্থ ৰামায়ন, মহাভাৰত, গীতাকে আদি কৰি খ্ৰীষ্টান ধৰ্মগ্ৰন্থ বাইবেল আৰু হজৰত মহন্মদৰ কোৰাণ শ্বৰীফ আদি ধৰ্মগ্ৰন্থসমূহ ভাষা সাহিত্যৰ যুগান্তকাৰী যুগ হিচাপে চিহ্নিত নৱ জাগৰণ যুগতেই বিশ্বৰ বিভিন্ন ভাষালৈ অনুদিত হৈ সমাদ্‌ত হৈছিল ।

বিভিন্ন জাতি জনগোষ্ঠীৰ ৰম্যভূমি ভাৰত উপমহাদেশ। 

   এই উপমহাদেশত ২০০১ চনৰ লোকপিয়ল অনুসৰি ১৭২১ টা ভাষা চিহ্নিত কৰা হৈছে। ইয়াৰে ১২২ টা অধিক সংখ্যক লোকে ব্যৱহাৰ কৰা আৰু ১৪৯৯ টা সৰু বৰ জাতি জনজাতিয়ে ব্যৱহাৰ কৰা বুলি চিনাক্ত কৰা হৈছে। অসম মুলুকত ভাৰতবৰ্ষৰ সংবিধানৰ দ্ধাৰা স্বীকৃতিপ্ৰাপ্ত মুঠ ভাষাৰ সংখ্যা ১৮ টা । ইয়াৰ উপৰিও ৬৮ টা অস্বীকৃতিপ্ৰাপ্ত ভাষাৰ প্ৰচলন আছে । অন্যান্য ভাষা সমূহৰ ভিতৰত অসমৰ তিব্বত বৰ্মীয় ভাষাৰ সংখ্যাই সৰ্বাধিক প্ৰায় ৪৪ টা । সমগ্ৰ দেশত তিব্বত বৰ্মীয় ভাষাৰ সংখ্যাই সৰ্বাধিক ১৬৭ টা । ইয়াৰ ভিতৰত ৯৩ টাই তিব্বত বৰ্মীয় মূলৰ ভাষা । আন এক সমীক্ষাৰ মতে ১৭৪ টা উপগোষ্ঠীক সামৰি ভাৰতবৰ্ষৰ ৬২৩ টা জনজাতীয় সম্প্ৰদায়ে মুঠ ১৯৬ টা ভাষা ব্যৱহাৰ কৰে। ইয়াৰে ১০৬ টা তিব্বত বৰ্মীয় পৰিয়ালৰ অন্তৰ্গত ।

    সম্প্ৰতি বিশ্বায়নৰ প্ৰভাৱে সৰু বৰ জাতি জনগোষ্ঠীৰ ভাষা সাহিত্যলৈ ভাবুকি কঢ়িয়াই অনাৰ সময়তো দেশৰ সংবিধান স্বীকৃত কিছু কিছু ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ ভাষা সাহিত্যই আলোকৰ সন্ধান দিব পাৰিছে । অসমত ক্ষুদ্ৰ জাতি জনগোষ্ঠীসমূহৰ বাবে এয়া এক সুখকৰ বিষয়। অসমৰ অন্যতম ভূমিপুএ হিচাপে খ্যাত বড়ো জনগোষ্ঠী এই ক্ষেএত উল্লেখযোগ্য উদাহৰণ। ১৯৫২ চনৰ ১৬ নৱেম্বৰৰ মহেন্দ্ৰ ক্ষণতজনগোষ্ঠীটোৰ ভাষা সাহিত্যৰ সৰ্বতোদিশৰ উৎকৰ্ষ সাধনৰ বাবে উৎসৰ্গিত জাতীয় অনুষ্ঠান বড়ো সাহিত্য সভাই জন্ম লাভ কৰিছিল। স্বৰ্ণজয়ন্তী অতিক্ৰমী বড়ো সাহিত্য সভাই আজি উন্নতিৰ জখলাত বগাইছে। অসমৰ বড়ো জনগোষ্ঠীৰ ভাষা সাহিত্যৰ জাতীয় অনুষ্ঠান বড়ো সাহিত্য সভাৰ যি উখান তাক একে মুখে স্বীকাৰ কৰিবই লাগিব। মঙ্গলছিং হাজোৱাৰী, অধ্যাপক ড° অনিল বড়ো , ড° প্ৰেমানন্দ মোছাহাৰী, অৰবিন্দ উজীৰ, নবীন মল্ল বড়ো, ড° স্বৰ্ণপ্ৰভা স্বৰ্গীয়াৰী, জনিল কুমাৰ ব্ৰক্ষ আৰু শেহতীয়াকৈ ঋতুৰাজ বসুমতাৰীকে আদি কৰি অনেক সুলিখক, কবি, সাহিত্যিক সৰ্বভাৰতীয় পৰ্য্যায়ৰ সাহিত্য অকাডেমি বঁটাকে আদি কৰি বিভিন্ন ৰাষ্ট্ৰীয় বঁটাৰে সন্মানীত হৈ ৰাজ্যখনলৈ খ্যাতি আজুৰি আনিবলৈ সক্ষম হৈছে ।

   কাৰ্বি সাহিত্যৰ ক্ষেএখনলৈ দৃষ্টি নাবন্ধ কৰিলে দেখা পাওঁ সু-সাহিত্যি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাং, কাৰ্বি ভাষা সাহিত্যৰ অন্যতম কাণ্ডাৰী প্ৰয়াত বংলং তেৰাং, লংকাম টেৰণ আদিয়ে কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত লোক সাহিত্যৰ সোণসেৰীয়া সম্ভাৰ ৰাজিক প্ৰণালীবদ্ধ ৰূপত সংগ্ৰহ কৰি কাৰ্বি ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। মিচিং ভাষা সাহিত্যৰ ক্ষেএতো বিশিষ্ট লেখক টাবু টাইড, নাহেন্দ্ৰ পাদুন আদিয়ে স্ব-জনগোষ্ঠীয় ভাষা সাহিত্যৰ শ্ৰীবৃদ্ধিৰ লগে লগে অসমীয়া ভাষা সাহিত্যৰ মজিয়াতো মৰ্যদাপূৰ্ণ দখল ৰাখি জনগোষ্ঠীটোৰ গৌৰৱৰ ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে। আজিৰ তাৰিখত অসমৰ বৰ্ণিল সমাজ জীৱনত ৰাজ্যখনৰ সকলো জাতি জনগোষ্ঠীৰ বাবে এয়া নিশ্বয়কৈ এক অনুকৰণীয় বিষয় । ৰাভা ভাষা সাহিত্যৰ ক্ষেএতো অধ্যাপক ড° উপেন ৰাভা হাকাচাম আদিয়ে স্ব-জনগোষ্ঠীয় ভাষা সাহিত্যৰ উপৰিও অসমীয়া ভাষা সাহিত্যৰ ভঁৰাললৈ অমূল্য অৱদান আগবঢ়াবলৈ সক্ষম হৈছে ।


    অসমৰ মাজমজিয়াত বসবাস কৰি অহা ভূমিপুএ তিৱা (লালুং) সকলেও স্ব-গোষ্ঠীয় ভাষা সাহিত্যৰ শ্ৰীবৃদ্ধিৰ বাবে অহোপুৰুষাৰ্থ প্ৰচেষ্টা কৰি অহা পৰিলক্ষিত হৈছে। জনগোষ্ঠীটোৰ ভাষা সাহিত্যৰ বিকাশৰ বাবে ১৯৮০ চনতে জন্ম লাভ কৰা তিৱা মাথনলাই তখ্ৰাই (তিৱা সাহিত্য সভা)। জন্মলগ্নৰে পৰা তখ্ৰাই স্ব-গোষ্ঠীয় ভাষা সাহিত্য, লোক সাহিত্যৰ উদ্‌গতিৰ হকে প্ৰচেষ্টা অব্যাহত ৰাখিছে । তিৱা ভাষা সাহিত্যৰ কাণ্ডাৰী স্বৰূপ, ভাষা সাহিত্যৰ গৱেষক মনেশ্বৰ দেউৰী, তখ্ৰাৰ প্ৰাক্তন সভাপতিদ্বয় প্ৰয়াত বলাইৰাম সেনাপতি আৰু প্ৰয়াত গনেশ সেনাপতি শিক্ষক মহেশ পাটৰ, অধ্যাপক চিদাম দেউৰী আদিয়ে জনগোষ্ঠীটোৰ ভাষা সাহিত্যৰ উওৰণত উল্লেখনীয় অৱদান আগবঢ়াই গৈছে । সাহিত্যিক হৰচিং খলাৰে এই বৰ্ষত পোন প্ৰথমবাৰৰ বাবে সাহিত্য অকাডেমিক ভাষা সন্মিন বঁটা লাভ কৰা বিষয়টোয়ে তিৱা সাহিত্যৰ এক নতুন মাএা প্ৰদান কৰিব বুলি আশা কৰিব পাৰি । এই মহানসকলে দেখুৱাই যোৱা পথ সমগ্ৰ জাতিটোৰ বাবে অনুকৰণীয় আৰু আদৰণীয় ।

      বয়সৰ জোখাৰে তিৱা মাথনলাই তখ্ৰাৰ আয়ুসে ৩৮ টা বৰ্ষ গৰকিলে যদিও অদ্যপি চাকুকীয়া অৱস্থাৰেই আগবাঢ়িছে তখ্ৰাৰ কাম কাছ । একাগ্ৰতা, সততা আৰু অৰ্থপূৰ্ণভাবে সেৱা আগবঢ়োৱা সেৱকৰ অভাব যেন অনুভৱ হৈছে। ভৈয়ামত বসবাস কৰা জনগোষ্ঠীটোক বহু সংখ্যক প্ৰতিষ্ঠিত লিখকেই অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰাৰ বাবে জাতীয় অনুষ্ঠানটোৰ পৰা এৰা পলৰীয়া কৰি ৰখা হৈছে। প্ৰতিষ্ঠিত লেখক লেখিকাসকলৰ চিন্তা চেতনা আৰু সুচিন্তিত আঁচনিসমূহে তিৱা ভাষা সাহিত্যক মান্যতাৰ দিশত এঢাপ আগুৱাই নিয়াত যথেষ্ট সমল যোগাব ।

      আজিৰ উঠি অহা শিক্ষিত নৱ-প্ৰজন্মই ভেদাভেদ নেওচি উদাৰ আৰু বহল দৃষ্টিভংগীৰে স্ব-জনগোষ্ঠীৰ ভাষা সাহিত্যৰ জটিল সন্ধিক্ষণত প্ৰকৃত সেৱকৰ দায়িত্ব মূৰপাতি লৈ জাতিক উদ্ধাৰৰ বাবে ঐক্যবদ্ধ হৈ আগুৱাই যাব লাগিব ।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages