সমাজ পৰিৱৰ্তনত সাহিত্যৰ ভূমিকা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 6, 2025

সমাজ পৰিৱৰ্তনত সাহিত্যৰ ভূমিকা

 

সমাজ পৰিৱৰ্তনত সাহিত্যৰ ভূমিকা


নৱজ্যোতি বৰা


    ভাষাৰ প্ৰকাশ কৰা কোনো অৰ্থপূৰ্ণ বক্তব্যই সাহিত্য। সাহিত্যৰ প্ৰধান বাহক হ’ল ভাষা। ভাষাৰ মাধ্যমেদি ৰচকৰ বক্তব্য প্ৰকাশ পায়। সাহিত্যৰ কেইবাটাও ভাগ আছে যদিও ইয়াৰ প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয়। এক হ’ল– সৃষ্টিশীল সাহিত্য আৰু আন বিধ হ'ল যৌগিক সাহিত্য। সষ্টিশীল সাহিত্য বুলিলে যেনে ধৰক প্ৰৱন্ধ, কবিতা, গল্প, নাটক, উপন্যাস বা উপন্যাসিকা আদিক বুজাজায়। থিক সেইদ্বৰে যৌগিক সাহিত্য বুলিলে আমি সেইবোৰ সাহিত্যক বুজো যিবোৰ সাহিত্যত লিখকৰ নিজস্ব কোনো দৰ্শন দৃষ্টিভংগী প্ৰতিফলিত নহৈ বিভিন্ন লেখকৰ দৃষ্টিভংগী সংকলিত হয়। যৌগিক সাহিত্যৰ ভিতৰত পৰে– ছাএ-ছাএীসকলৰ বাবে প্ৰনয়ণ কৰা পাঠ্যপুথি, সহায়িকা কিতাপ ইত্যাদি ।

   সমাজ আৰু সাহিত্যৰ মাজত এক নিবিড় সম্পৰ্ক আছে। সমাজক বাদ দি কোনো সাহিত্য সৃষ্টি হ’ব নোৱাৰে । লিখকে সদায় সমাজত বসবাস কৰা মানুহৰ বাবে সাহিত্য ৰচনা কৰে আৰু সমাজৰ পৰাই লিখনিৰ কেঁচামালবোৰ সংগ্ৰহ কৰে। লিখকে সমাজত দৈনন্দিন ঘটি থকা ঘটনাবোৰৰ পৰা, সমাজত বাস কৰা মানুহৰ জীৱন শৈলী মানুহৰ আশা-আকাংক্ষা, চিন্তা-চৰ্চা আদি সাহিত্যৰ মাজেদি প্ৰতিফলিত কৰি তোলে। সেয়ে সাহিত্যক সমাজৰ দাপোণ বুলি কোৱা হয় । এজন ইংৰাজ সাহিত্যিকে কৈছিল– “মোক এখন কিতাপ দিয়া, মই সেই জাতিটোৰ সম্পৰ্ণ বুৰঞ্জী কৈ দিম।” তেওঁ কোৱা কথাবোৰ সুনিবলৈ আচহুৱা যেন লাগিলেও তাৰ মাজত যে প্ৰকৃত সত্য লোকাই আছে। কাৰণ তাহানিতে শংকৰদেৱ আৰু মাধৱদেবে ৰচনা কৰা সাহিত্যসমূহে ভালকৈ অধ্যয়ন কৰিলে আমি পঞ্চদশ আৰু সষ্টাদশ শতিকাৰ আমাৰ পুৰণা অসমৰ বিষয়ে বহু নজনা তথ্য জানিব পৰাৰ লগতে সেই সময়ছোৱাত অসমৰ মানুহৰ সামাজিক স্থিতি, ধৰ্মীয় বিশৃঙ্খলতা, সামাজিক অস্থিৰতা, মানসিক প্ৰয়োজনীয়তাৰ সাম্যক জ্ঞান লাভ কৰিব পাৰি । থিক সেইদ্বৰে আহোম, কোচ, চুতিয়া, কছাৰি, মোগল সকলৰ দ্বাৰা ৰচিত সাহিত্য সমূহে সেই যোৰগ-সামাজিক, ৰাজনৈতিক আৰু ধৰ্মীয় কথাবোৰ আমাৰ মাজত আজিও দলিলস্বৰূপে ধৰা দি আছে । এক কথাত কব পাৰি সাহিত্য হৈছে সমাজৰ কলাত্মক প্ৰতিচ্ছবি ।

   সাহিত্যই সমাজ এখন পৰিৱৰ্তনত মূখ্য ভূমিকা গ্ৰহণ কৰে । সাহিত্যিক সকলে সমাজৰ বাবে সাহিত্য ৰচনা কৰে আৰু সাহিত্য সৃষ্টিৰ জৰিয়তে সমাজৰ প্ৰতি তেখেতসকলৰ সামাজিক দায়বদ্ধতা পালন কৰে। সাহিত্যিকসকলে অকল যে সমাজৰ প্ৰতিচ্ছবিয়েই সৃষ্টিকৰ্মত দাঙি নধৰে, তেওঁলোকে জীৱন দৰ্শনৰ দৃষ্টিভংগীকো দাঙি ধৰে। গল্প, উপন্যাস, নাটক আদিৰ দ্বাৰা সৰ্মাজৰ কলুষ-কালিমা অন্ধবিশ্বাস, সামাজিক বৈষম্য, দৃষ্টিভংগীৰ সংঘাট প্ৰতিফলিত হয় । এইখিনিতে লক্ষীনাথ বেজবৰুৱাৰ সাহিত্যৰ কথা উনুকিয়াব পাৰি যি সাহিত্যই অসমীয়া সমাজৰ কেৰোণসমূহ হাস্য-ব্যঙ্গ ৰূপত তেখেতৰ লিখনিত অংকিত কৰি গৈছে। থিক তেনে দৰে ইংৰাজসকলৰ বিৰুদ্ধে ৰাইজৰ মাজত জনজাগৰণ সৃষ্টি কৰাত বিষ্ণুৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, অম্বিকাগিৰি ৰায়চৌধুৰীৰ গীত আৰু কবিতাসমূহে বলিষ্ট ভূমিকা গ্ৰহণ কৰিছিল । আমি যদি উদাহৰণ হিচাপে চাওঁ অষ্টাদশ শতিকাৰ শেষৰ পিনে ফ্ৰান্সত স্বেচ্ছাচাৰী ৰাজতন্তক ওফৰাই গনতন্ত্ৰ প্ৰতিষ্ঠা কৰাত ভন্টেয়াৰ, মন্টেষ্ক’, ৰচো আদিৰ লিখনিয়ে সেই সময়ত যাদুৰ দৰে কাম কৰিছিল। সেইদৰে জাৰ শাসিত ৰাছিয়াত স্বেচ্ছাচাৰী ৰাজতন্ত্ৰক উৎখাত কৰি গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাত মেক্মিম গোৰ্কী, ডষ্টভয়েস্কি, লেনিন, টলষ্টয়, টুৰ্গেনিভ, আদিৰ সাহিত্যই বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। সাহিত্যই যে অকল ৰাজনৈতিক দৃষ্টিভংগী সলনি কৰাত বিষশ ভূমিকা গ্ৰহণ কৰে সেয়া ভাবিলে ভুল কৰা হ’ব । সাহিত্যই যে অকল ৰাজনৈতিক দৃষ্টিভংগী সলনি কৰাত বিষেশ ভূমিকা গ্ৰহণ কৰে সেয়া ভাবিলে ভুল কৰা হ’ব। সাহিত্যই মানুহৰ চিন্তা আৰু দৰ্শনকো আমূল পৰিৱৰ্তন ঘটাব পাৰে । পোন্ধৰ শতিকাৰ মাজ ভাগত ইউৰোপত হোৱা নৱ-জাগৰণৰ বাবেই বিশ্বৰ প্ৰগতিবাদী চিন্তা-চৰ্চা বিচাৰ বিশ্লেষণ’ৰ দৃষ্টিভংগীৰ অভূতপূৰ্ব প্ৰৰিৱৰ্তনৰ সূচনা হয় । থিক তেনেদৰে চাৰ্লচ ডাৰউইনৰ “The Origin of Species” গন্ঠই জীৱ-জগতৰ লগতে মানৱ জাতিৰ বৌদ্ধিক বিৰ্বতন সম্পকে মানুহৰ পুৰণিকলীয়া দৃষ্টিভংগী সমলি কৰি দিছিল ।

  The pen is mighter than the sword– অৰ্থ্যাত তৰোৱালতকৈ কলম বেছি শক্তিশালী । আমি কলমৰ দ্বাৰা যি কাম কৰিব পাৰো তৰোৱালৰ দ্বাৰা সেয়া কেতিয়াও কৰিব নোৱাৰি। তাহানিত মহাবীৰ আলেকজেণ্ডাৰৰ গ্ৰীক সাম্ৰাজ্য, মোগল সাম্ৰাজ্য, খ্ৰষ্টানসকলৰ ৰোমান সাম্ৰাজ্য কেতিয়াবাই ধ্বংস হৈ গৈছে। কিন্তু সাহিত্যৰ জৰিয়তে প্ৰতিষ্ঠিত হোৱা ভাৰতীয় সভ্যতাৰ লগতে নিউটনৰ Principia গ্ৰন্ঠৰ জৰিয়তে সূচণা হোৱা মহাকাশ বিজ্ঞানৰ বিজয় যাএা আজিও অব্যাহত আছে । এটা কথা থিক যে সুন্দৰ আৰু শৃংখলাবদ্ধ সমাজ এখন গঠনত সৃষ্টিশীল সাহিত্যৰ ভূমিকা বিশেষ গুৰুত্ব আছে । সেয়ে আমি সকলোৱে সাহিত্য অধ্যয়ন কৰিব লাগে। ইয়াৰ লগতে আজি উঠি অহা নৱ-প্ৰজন্মক সাহিত্য অধ্যয়ন কৰাৰ বাবে উপযুক্ত পৰিবেশ গঠন কৰি এটা জাতীক উন্নত শিখৰলৈ লৈ যোৱাত সহায় কৰি দিব লাগে আজিৰ সাহিত্য সভাই তেতিয়াহে সাহিত্য সভাৰ আছল উদেশ্য পূৰণ হ’ব বুলি ভাবিব পৰা হ’ব।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৫



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages