অসমৰ জনজাতীয় ভাষাৰ উত্থানে অসমীয়া ভাষাক সমৃদ্ধ কৰিব
বিভিন্ন জাতি জনজাতিৰ ভাষা-সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্যৰ সমাহাৰে অসমক এখন বৈচিত্ৰ্যপূৰ্ণ ৰাজ্য হিচাপে সমৃদ্ধ কৰিছে। ভাষিক দিশৰ পৰা চাব গ’লে ৰাজ্যৰ প্ৰধান চৰকাৰী ভাষা অসমীয়াৰ লগতে অঞ্চলভেদে বড়ো, মিচিং, কাৰ্বি, তিৱা, ৰাভা, ডিমাচাকে ধৰি বহু জনজাতীয় ভাষাও অসমত সমানে প্ৰচলিত হৈ আহিছে। কিছুদিন পূৰ্বে অৰ্থাৎ এই বৰ্ষৰ ২ এপ্ৰিল দিনা অসমৰ প্ৰাথমিক বিদ্যালয় শিক্ষাত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ আধাৰত এক নৱ সংযোজনেৰে মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে পাঠদান শুভাৰম্ভ কৰাৰ লগতে ৰাভা, তিৱা, দেউৰী আৰু ডিমাছাকে ধৰি মুঠ পাঁচোটা জনজাতীয় ভাষাক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি প্ৰদান কৰি ৰাজ্যিক চৰকাৰে জনজাতীয় ভাষাৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বহুল প্ৰচাৰৰ বাবে যি ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া সঁচাকৈয়ে অসমৰ জনজাতীয় ভাষাসমূহৰ বাবে গৌৰৱৰ ক্ষণ।
অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে অসমৰ মিচিং অধ্যুষিত অঞ্চলৰ মুঠ ১১ খন জিলাৰ ১০০% শতাংশ মিচিং শিক্ষাৰ্থী থকা ২০০ খন প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ মাধ্যম হিচাপে মিচিং ভাষাৰ পাঠদান আনুষ্ঠানিকভাৱে শুভাৰম্ভণী কৰিলে। ঠিক একেদৰে ২৮খন নিম্ন প্ৰাথমিক বিদ্যালয়ক দেউৰী ভাষাক মাধ্যম হিচাপে ৯৮খন নিম্ন প্ৰাথমিক বিদ্যালয়ক তিৱা ভাষাক মাধ্যম হিচাপে আৰু ১০৪ খন নিম্ন প্ৰাথমিক বিদ্যালয়ত ৰাভা ভাষাক স্বীকৃতি প্ৰদান কৰিছে। নিজৰ জাতি, ভাষা-সংস্কৃতিক ভালপোৱা প্ৰতিগৰাকী ব্যক্তিৰ বাবে ইয়াতকৈ অন্য ভাল ভাল খবৰ থাকিব নোৱাৰে।
এতিয়া কথা হ’ল এই জনজাতীয় ভাষাসমূহৰ উত্থানে মূল অসমীয়া ভাষাক দুৰ্বল কৰি তুলিব পাৰে বুলি একাংশ লোকে আশংকা কৰা পৰিলক্ষিত হৈছে যদিও সেয়া প্ৰকৃত সত্য নহয়। প্ৰকৃত সত্যটো হ’ল অসমৰ জনজাতীয় ভাষাসমূহৰ উত্থান আৰু প্ৰচাৰ প্ৰসাৰে অসমীয়া ভাষাক অধিক চহকী আৰু শক্তিশালীহে কৰিব, ইয়াক হ্ৰাস নকৰে।
অসমীয়া ভাষাৰ জন্মলগ্নৰে পৰা ই বিভিন্ন জনজাতীয় ভাষাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। বড়ো, মিচিং, কাৰ্বি, ডিমাছা ভাষা মূলৰ বহু শব্দ ইতিমধ্যে অসমীয়াৰ লগত সংযুক্ত হৈ ইয়াৰ শব্দভাণ্ডাৰ চহকী কৰি তুলিছে। নদী, ঠাই, গছ-গছনি, জীৱ-জন্তুৰ বহুতো নাম জনজাতীয় ভাষাৰ পৰা আহি অসমীয়া শব্দ ভাণ্ডাৰক সমৃদ্ধ কৰিছে। উদাহৰণস্বৰূপে, বড়ো ভাষাৰ পানী বা ‘দৈ’ ‘দি’, (যেনে- দিখৌ, ভোগদৈ, দিহিং, দিচাং) আদি পানী বা নদী বুজোৱা বড়োমূলীয় শব্দ অসমীয়া অভিধানৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে। মিচিঙৰ চি - যুক্ত নদীবাচক আৰু নামবাচক ঠাই শব্দ যেনে - চিয়াং, চিচিবৰ, চিয়ম, চিলাপথাৰ আদি শব্দবোৰ মিচিং ভাষাৰ পৰা আহিছে। তদুপৰি কিছুমান স্থানবাচক, খাদ্যৰ নাম বুজোৱা, উৎসৱ সম্বন্ধীয় বহু শব্দ মিচিং ভাষাৰ পৰা অসমীয়া ভাষালৈ আহিছে। যেনে - মুৰ্কংচেলেক, চিমেন চাপৰি; আপং, নামচিং; অই নিঃতম, পেম্পা (পেঁপা) আদি। একেদৰে কাজিৰঙা, কপিলী, লামডিং আদি শব্দবোৰ কাৰ্বি ভাষাৰ পৰা আহিছে। বড়ো, কাৰ্বি, মিচিং ভাষাৰোপৰিও দেউৰী, ডিমাছা, তিৱা, ৰাভা আদি জনজাতীয় ভাষাৰ বহু শব্দ ব্যৱহাৰিক জীৱনত ব্যবহৃত শব্দ আৰু সংস্কৃতিৰ লগত জড়িত শব্দ অসমীয়া ভাষাত সোমাই পৰিছে। জনজাতীয় ভাষাৰ শব্দ লগত অসমীয়া ভাষাৰ শব্দৰ সাদৃশ্যও বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। ভাষিক বিনিময়ৰ এই প্ৰক্ৰিয়াটো এককালীন পৰিঘটনা নহয়, বৰঞ্চ ই এক নিৰন্তৰ, বিকশিত পৰিঘটনাহে।
জনজাতীয় ভাষাসমূহত প্ৰকৃতি, পৰিৱেশ, লোকাচাৰ, জীৱনশৈলী, আবেগ-অনুভূতি আদিৰ সৈতে জড়িত বহুতো শব্দ আছে যিবোৰৰ প্ৰতিশব্দ অসমীয়াত হয়তো নাই বা থাকিলেও সিমান প্ৰকাশক্ষম নহয়। অসমত যেতিয়া জনজাতীয় ভাষাবোৰৰ চৰ্চা বাঢ়িব, চৰকাৰী বিদ্যালয় শিক্ষাত ব্যৱহৃত হ’ব আৰু অধিক সাহিত্য সৃষ্টি হ’ব; তেতিয়া সেই ভাষাবোৰৰ বহু নতুন নতুন শব্দ অসমীয়া ভাষাত সহজে প্ৰৱেশ কৰিব। ই অসমীয়া ভাষা সাহিত্য আৰু শব্দ ভাণ্ডাৰৰ পৰিসৰ বৃদ্ধি কৰি অধিক গতিশীল আৰু প্ৰকাশক্ষম কৰি তুলিব।
ভাষা কেৱল শব্দৰ সমষ্টি নহয়, ভাষাই সংস্কৃতিক প্ৰতিফলিত কৰে। জনজাতীয় ভাষাৰ উত্থানৰ লগে লগে এই জনজাতিসমূহৰ লোকসাহিত্য, লোকসংগীত, লোকবিশ্বাস, পৰম্পৰা আদিৰ বিষয়ে অধিক চৰ্চা হ’ব। এই সাংস্কৃতিক উপাদানসমূহ অসমীয়া ভাষা-সাহিত্য, সংগীত, নাটক, বোলছবি আদিত প্ৰতিফলিত হ’ব, যাৰ ফলত অসমীয়া ভাষা আৰু সংস্কৃতি অধিক বৈচিত্ৰ্যপূৰ্ণ আৰু সমৃদ্ধি হোৱাৰ লগতে ই বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত পাৰস্পৰিক বুজাবুজি আৰু সন্মান বৃদ্ধি কৰিব।
প্ৰতিটো ভাষাৰে নিজা চিন্তা কৰাৰ ধৰণ আৰু প্ৰকাশভংগী থাকে। জনজাতীয় ভাষাসমূহৰ বিকাশৰ লগে লগে সেই ভাষাসমূহৰ মাজেৰে প্ৰকাশ পোৱা নতুন চিন্তা, নতুন ধাৰণা, দৃষ্টিভংগী আৰু উপস্থাপনশৈলীয়ে অসমীয়া ভাষাৰ প্ৰকাশভংগীকো প্ৰভাৱিত কৰিব। বৈচিত্ৰময় অভিব্যক্তিৰ এই সঞ্চালনে দ্ৰুতগতিত পৰিৱৰ্তিত পৃথিৱীখনত অসমীয়া ভাষাক বিকশিত কৰিব আৰু ইয়াক অধিক গতিশীল কৰি তুলিব। যেতিয়া কোনো এখন দেশত বা সমাজত সকলো ভাষাক সমানে গুৰুত্ব আৰু সন্মান দিয়া হয়, তেতিয়া সেই সমাজত ভাষিক সহনশীলতা বৃদ্ধি পায়।
অসমৰ প্ৰতিগৰাকী জাতি জনগোষ্ঠীৰ লোকে প্ৰাণৰ অসমীয়া ভাষাক যেনেকৈ আদৰি লৈছে ঠিক একেদৰে জনজাতীয় ভাষাসমূহকো আমি প্ৰতিজন অসমীয়াই আদৰি ল’ব লাগিব। তেতিয়াহে অসমীয়া ভাষাৰ মৰ্যাদা আৰু অধিক বৃদ্ধি পাব। জনজাতীয় ভাষাসমূহৰ বিকাশৰ ক্ষেত্ৰত আমি অবদান আগবঢ়াব নোৱাৰিলেও সেই ভাষাসমূহক গ্ৰহণ কৰি অসমীয়া ভাষাৰ সমান্তৰালভাৱে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিব লাগিব।
জনজাতীয় ভাষাৰ উত্থানৰ লগে লগে অসমীয়া সাহিত্যৰ অনুবাদ সাহিত্যৰো অধিক বিকাশ হ’ব। জনজাতীয় ভাষাত ৰচিত সাহিত্য অসমীয়ালৈ আৰু অসমীয়া সাহিত্য জনজাতীয় ভাষালৈ অনুবাদ হোৱাৰ প্ৰক্ৰিয়া ত্বৰান্বিত হ’ব। ইয়াৰ ফলত উভয় পক্ষৰ মাজত জ্ঞান আৰু অভিজ্ঞতাৰ আদান-প্ৰদান হ'ব, যিয়ে অসমীয়া ভাষা আৰু সাহিত্যক নতুন মাত্ৰা প্ৰদান কৰিব।
কিছুমানে আশংকা কৰিব পাৰে যে জনজাতীয় ভাষাৰ উত্থান আৰু বহুল প্ৰচাৰ প্ৰসাৰে অসমীয়া ভাষাৰ গুৰুত্ব কমাই পেলাব। অৱশ্যে এই ধাৰণা অমূলক। অসমীয়া ভাষাই অসমৰ সংযোগকাৰী ভাষা বা (Link Language) হিচাপে ইতিমধ্যে প্ৰতিষ্ঠিত। জনজাতীয় ভাষাসমূহৰ বিকাশৰ অৰ্থ হ’ল সেই ভাষাসমূহক নিজৰ পৰিসৰত বিকশিত হোৱাৰ সুযোগ দিয়া, অসমীয়া ভাষাৰ স্থান দখল কৰা নহয়। বৰঞ্চ, এই সহাৱস্থানে এক শক্তিশালী আৰু সমৃদ্ধ ভাষিক পৰিৱেশৰ সৃষ্টি কৰিব, য'ত প্ৰতিটো ভাষাই আনটোৰ পৰিপূৰক হিচাপে কাম কৰিব। বৰঞ্চ, এই সহাৱস্থানে এক শক্তিশালী আৰু সমৃদ্ধ ভাষিক পৰিৱেশৰ সৃষ্টি কৰিব, য’ত প্ৰতিটো ভাষাই আনটোৰ পৰিপূৰক হিচাপে কাম কৰিব।
অসমৰ জনজাতীয় ভাষাসমূহ ৰাজ্যখনৰ বাবে এক অমূল্য সম্পদ। এই ভাষাসমূহৰ সংৰক্ষণ, বিকাশ আৰু প্ৰসাৰ কেৱল সেই জনগোষ্ঠীসমূহৰ বাবেই নহয়, বৰঞ্চ সামগ্ৰিকভাৱে অসমীয়া ভাষা আৰু অসমীয়া জাতিৰ বাবেও অত্যন্ত গুৰুত্বপূৰ্ণ। জনজাতীয় ভাষাৰ উত্থানে অসমীয়া ভাষাক প্ৰতিযোগী হিচাপে নহয়, সহযোগী হিচাপেহে সহায় কৰিব। ই অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰ, প্ৰকাশভংগী আৰু সাংস্কৃতিক পৰিসৰক অধিক বিস্তৃত, সমৃদ্ধ আৰু গতিশীল কৰি তুলিব। সেয়েহে, আমি সকলোৱে মিলি এই ভাষিক বৈচিত্ৰ্যক উদযাপন কৰি পাৰস্পৰিক সন্মান আৰু সহযোগিতাৰে অসমৰ সকলো ভাষাৰ উত্তৰণৰ বাবে কাম কৰা উচিত, যিয়ে অসমীয়া ভাষাকো এক নতুন শিখৰলৈ লৈ যাব।
তপন লাল
সম্পাদক, Doksiri দকচিৰি
Doksiri দকচিৰি, এপ্ৰিল, ২০২৫
No comments:
Post a Comment