শ্ৰমিক দিৱস
ৰফিকুল ইছলাম
তেজপুৰ
মই শ্ৰমিকে কৈছোঁ
মইয়ে চাহৰ দোকানত কৰ্মৰত
দৈনিক চাহ বনাই দিয়া
কাম মোৰ গ্ৰাহকক।
বিভিন্ন শ্ৰমিকে বিভিন্ন ধৰণৰ
কাম কৰে।
পকাৰ কাম, ৰং, খেতি কৰা
বাঁহৰ কামকে ধৰি ইত্যাদি।
মই শ্ৰমিকে কৈছোঁ,
মালিক মই কাম কৰিম
যদি থাকে কাম
জনাব।
মে’' মাহৰ এক তাৰিখ যদিও
শ্ৰমিক দিৱস
আনন্দ ক’ত শ্ৰমিকসকলৰ।
কাম কৰি দুই পইচা উপাৰ্জনৰ পথ হয়
তেতিয়াহে আনন্দৰে
মন প্ৰাণ ভৰপূৰ হৈ।
মই শ্ৰমিকে কৈছোঁ,
মালিক পকাৰ কাম
ৰংৰ কাম বেৰৰ কাম
মাথোঁ কাম থাকিলে
জনাবচোন।
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment