আৱৰণ
ৰেবিকা নেওগ
তিনিচুকীয়া
কিহবাই আৱৰি থাকে মোক, অনবৰতে
আনক চাব নোৱাৰাকৈ
আনক চুব নোৱাৰাকৈ
আনেও চাব নোৱাৰাকৈ চুব নোৱৰাকৈ
ইমান গভীৰ এই আৱৰণ
চকু মেলিও মনিব নোৱাৰি
জ্বলি থাকে তীব্ৰ আন্ধাৰ অথচ ওলাই যাব নোৱাৰি আৱৰণ ভেদি
ভ্ৰম এখিনি বুকুত বান্ধি জী থাকিব পাৰি
পি খাব পাৰি মুঠিয়ে মুঠিয়ে বিহ
অথচ এৰিব নোৱাৰি বন্ধীত্বৰ (!) মোহ
আৱৰণত বন্দী নে
আনৰ পৰা মুক্তি বুজিব নোৱাৰি
মুঠতে পিন্ধি ল’ব পাৰি ভ্ৰমৰ সাজ
বন্ধ কৰি চকুৰ দুৱাৰ।
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment