কহুঁৱাৰ সাজকটা বাট
প্ৰতীক্ষা শৰ্মা
কটন বিশ্ববিদ্যালয়
কহুঁৱাৰ বাট ফালি ফালি বগা ৰং চোৱাই নহ’ল,
নহ’ল চোৱা তাৰ মাজেৰে দেখা পোৱা হেঙুলীয়া বেলিটিক।
বাট ভাঙি ভাঙি
আহি পাই দেখো, ৰঙা বুলিবলৈ নাছিল একোৱে,
আছিল সেই ৰঙাখিনিৰ বাট
যাক এৰি থৈ আহিছিলো সেই কহুঁৱাৰ লগতেই।
উভতি কহুঁৱাৰ মাজলৈ যাব বিছাৰিলো।
কিন্তু তাত এখন বালিময় পথাৰৰ বাহিৰে একো নাপালোঁ।।
সাজকটা পথাৰৰ কুমলীয়া দুপটীয়া বীজটিও সেইখিনিতে এৰি থৈ আহিলো।
শ্ৰেষ্ঠীৰ নৌকাখনও,
যৌৱনৰ ইতিবৃত্তও
মনৰ ষড়দৰ্শনও ।।
তাত এখন বালিময় পথাৰৰ বাহিৰে একো নাপালোঁ।।
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment