১৯
টম মেদক
এইবাৰো আহিল কুলি
আহি
কুউউ কুউউউ কৰি মাতি
আমাৰ টেঙৰ কাউৰীক
ঠগি
কাউৰীৰ বাহতে কণী পাৰি
উৰি গুচি যাব
যুগ যুগ ধৰি এনেকৈয়ে চলি আহিছে
আৰু চলি থাকিব
বেচেৰা মেম্বৰ
মেম্বৰে বাৰে বাৰে উনুকিয়াই দিলেও
এই যে আমাৰ কাউৰীয়ে
নুবুজে
বুজিব নোখোজে
কিয়নো বুধিয়ক কাউৰীৰ
জাত যোৱাৰ ভয়।
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment