সংজ্ঞা বিচাৰি
ভাস্কৰ কলিতা
যোৰহাট
চঞ্চল মন আজি মোৰ
দুচকুৰ মিলনত যে আজি আজুৰি আনিম আকাশৰ তৰা
এয়াই যে প্ৰেম
না তুমি যে মৰীচিকা, কাষ চাপোতেই অন্তধ্যান অস্পষ্ট প্ৰতিবিম্ব হৈ
তুমি আহিলা পপিয়া তৰা হৈ
তোমাৰ লগত হোৱা বাৰ্তালাপত পাহৰি পেলাইছোঁ এই পৃথিৱী
উম এয়াই প্ৰেম
কিন্তু এইয়া কি নিজকে তুমি অৰ্পণ কৰিলা চৰকাৰী মহৰি ওচৰত
যি হয় ভালে হয় দিয়া
তোমাক কাষত পাই আজি পাহৰি গৈছোঁ সকলো বেদনা
তোমাৰ দুই ওঁঠৰ পৰশত নিজকে অৰ্পন কৰিছোঁ তোমাতে
আজি যে এই পৃথিৱীত তুমি আৰু মই
উম! এইয়াই প্ৰেমৰ সংজ্ঞা
কি ই এক স্বপ্ন আছিল
কি সাহসৰে তুমি আজি আনৰ হ’লা
প্ৰেম ই কি তোমাতকৈ শ্রেষ্ঠ পালে তোমাক ত্যাগ কৰা বুজায়
সঁচাই ক্লান্ত আজি মই প্ৰেমৰ সংজ্ঞা বিছাৰি
হ’ব দিয়া ধন্য আজি মই দুদিনৰ বাবে হ’লেও তোমাক কাষত পায়
তোমাৰ লগত হোৱা বার্তালাপে পাহৰাই নিছে জীৱনৰ সকলো যন্ত্ৰণা
পাইছোঁ আজি জীৱন যুঁজৰ সাহস
তোমাৰ নিস্বার্থ মৰমত সন্মানেৰে মোৰ দু-খাই
সঁচাই তুমি বহুত ভাল
হয়তো আকৌ লগ নাপাওঁ তোমাক
তুমি ভালে থাকা, ভাল হওক তোমাৰ
তোমাৰ ওঁঠৰ হাঁহিতো সদায় লাগি থাকক
সঁচাই তুমি দি গ’লা মোক প্ৰেমৰ সংজ্ঞা
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment