কোন তুমি বাৰু - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, May 1, 2025

কোন তুমি বাৰু

 


কোন তুমি বাৰু


                              প্ৰশান্ত টাইদ

                                 লখিমপুৰ


কোৱাচোন এবাৰ

কোন তুমি বাৰু ? 

এবাৰেইতো নহয় কতবাৰ সুধিলো

দিবলৈ তোমাৰ সঠিক পৰিচয়

নিদিলা কদাপি কোনো প্ৰত্যুত্তৰ! 

অথচ তোমাৰ পৰিচয়


ব্যৰ্থ হ’লো 

চাব বিচাৰিলেও

প্ৰত্যক্ষ নহ’ল কাহানিও মোৰ দৃশ্যপটত

তোমাৰ চেহেৰা! 

আন্ধাৰত তুমি বিগলিত হোৱা 

এইবাবেই আন্ধাৰ সহ্য কৰিব নোৱাৰা

কিন্তু ছাঁৰ সতে তোমাৰ ভিন্নতা নোহোৱা


নহ’ব পাৰে মোৰ দৰে

কিন্তু তুমি অশৰীৰী প্ৰতিকৃতি

অথচ পুষ্ট-শীৰ্ণ হোৱা আভাৰ পৰশত


হয়তো অচিন দেশৰ পৰা আহিলা হ’বলা

এৰি থৈ আহিলা হ’বলা তোমাৰ ৰূপ পৰিচয়

হয়তো এদিন নি যাবাগৈ 

তোমাৰ অচিন দেশলৈ

সেইদিনা হ’ব পঞ্চত্ব এই পাৰ্থিৱ জীৱন


Doksiri দকচিৰি, মে, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages