এবাৰ সুযোগ
ইৰা দেৱী
তেজপুৰ
ভুলৰ অন্ধকাৰতে হেৰালোঁ ৰঙা পোহৰ,
আশাৰ একোণত গলি আছিল ভালপোৱাবোৰ।
তেওঁ গ’ল
মই ৰ’লোঁ
আঁচলত আঘাত, চকুলোত নীৰৱ বতাহ।
তেতিয়াও মৰম এফালেই ৰৈছিল,
যেন চুপে চুপে কৈ আছিল
তেওঁ মোৰ আছিল,
অ’ হৃদয়, ক্ষমা দিব পাৰিবি ?
আজি ঘূৰি আহিছে, চকুত অজস্ৰ পাপ,
মুকলি কলিজাৰ মুখে কয়
মই ভূল কৰিলোঁ…
সঁচাকৈয়ে তোক ভাল পাওঁ।
মনত পাহৰণিৰে মুঠি বান্ধি ভাবোঁ
এই সুযোগটো ভালপোৱাৰ বাবে,
নহয়টো অভিমানৰ বাবে।
হয়তো তেওঁ সঁচাকৈয়ে শিকিছে,
হয়তো মোৰ হৃদয়েও বিশ্বাস দিব শিকিব।
মই ভাবিছোঁ,
এবাৰ, কেৱল এবাৰ
মৰমৰ নামত, নিজক দিওঁ এটা শান্তি।
সেয়ে মই ক’লোঁ —
এবাৰ সুযোগ,
কিন্তু হৃদয়খনি ল’বা ধৰি
মোক আকৌ নাযাবা ভাঙি
মোক আকৌ নাযাবা ভাঙি।।
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment