আত্মজ
অবিনাশ বাস্তৱ
চহৰখন পুৰণি
বাটটো নতুন
শিলেৰে ভাৰাক্ৰান্ত হৈ গধুৰ হৈ পৰিছে অট্টালিকাবোৰ।
দিনটোৰ ব্যস্ততাৰ অন্তত ভাগৰুৱা হৈ
চহৰখনৰ আটাইতকৈ প্ৰিয় হোটেলখনত
তেওঁৰ সৈতে একাপ ফিকা চাহ !
প্ৰায়ে সন্ধ্যা তেওঁৰ সৈতে মোৰ কথা হয়।
কথা মানে......!
বিশেষ একো নাই;
অ’ৰ ত’ৰ বাৰেবিংকৰা এসোপা কথা।
মাজনিশা তেওঁৰ সৈতে খেপিয়াই ফুৰোঁ
বতাহত সৰি পৰা পাতবোৰ স্মৃতি।
পুৱাই তেওঁৰ হাতত ধৰি দৌৰিবলৈ আৰম্ভ কৰোঁ
দৌৰি থাকো অহৰহ...
তেওঁ আগবাঢ়ি যায়,
মই পিছপৰি ৰওঁ।
কাৰণ, তেওঁ যে জানে গতি আৰু বেগৰ সবিশেষ।
বেকা হাঁহিত অভ্যষ্ট তেওঁ কয়,
“পাৰিবা জানো মোৰ সৈতে ফেৰ মাৰিব !”
মই কওঁ, “নৰকলৈ বাট কেনি ?”
যেতিয়া তেওঁ প্ৰথম আহিছিল,
সন্মুখৰ পথাৰত আঘোণ নামিছিল।
আৰু এতিয়া কুঁৱলী !
এতিয়া বাৰু তেওঁ ক’ত ?
মোৰ প্ৰতি টোপাল ঘামৰ গোন্ধত তেওঁ।
চহৰখনে কয়, “মই হেনো ডাচকেপিটেল।”
মই যদি ডাচকেপিটেল...
প্ৰতিটো পৃষ্ঠাৰ অন্তত তেওঁ।
প্ৰতিদিনে তেওঁক মই আত্মাত কঢ়িয়াই ফুৰোঁ।
ওজন পিছে আগতকৈ কমিছে !
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment