কৃষ্ণচূড়া
শকুন্তলা দেৱী হাজৰিকা
ৰত্নপুৰ, নগাঁও
সেউজী প্ৰকৃতিৰ কোলাত
ৰক্তিম অনল শিখা
শীতল ছত্ৰছায়া
মৰতত সৰগীয় সুধা,
গগনচুম্বী ৰক্তবৰ্ণ সুশোভিত কান্তি
যুগজয়ী প্ৰেমৰ
মুৰ্তময় প্ৰকাশ,
প্ৰেমাসক্তৰ হৃদয় উত্তাল
কোনোবা প্ৰেয়সীৰ খোপাৰ শৃংগাৰ,
নতুবা ব্যৰ্থ প্ৰেমিকৰ
বিৰহ গাঁথাৰ নিৰৱ সাক্ষী,
গন্ধহীন তোমাৰ নামত
নকৰে পুৰোহিতে মন্ত্ৰোচ্ছাৰন
নহয় বেদীত সমৰ্পণ,
তথাপিও সৰ্বত্ৰে
তোমাৰেই জয়গান;
তুমি মাথোঁ ফুলেই নহয়
তুমি যে প্ৰেমৰ জোৱাৰ
ৰাধিকাৰ প্ৰিয়, কৃষ্ণচূড়া নাম তোমাৰ–!
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment