তুমি হীনতাৰ কাবান
ধৰণী চেতিয়া
চিলাপথাৰ, ধেমাজি
তুমি হীনতাৰ কাবান
মিছ দুৱৰা
এই নষ্ট কবিৰ
বুকু উদং কৰি
তুমি যিদিনা এৰি গৈছিলা
আৰু সিদিনা
এই নষ্ট কবিৰ
বুকুৰ আকাশ ভাগি পৰিছিল
হৃদয় ভাগি থান বান হৈ
চকুলোৱে নৈ হৈ বৈছিল
এটি সুৰ
অন্ত পৰা নাই আজিও সেই শোকৰ বিননি
বাৰে বাৰে মনত পৰিছিল
তুমি ৰান্ধি যতনাই দিয়া
মই খাই ভাল পোৱা
চিকেন বিৰীয়ানি নতুবা আলুৰ পিতিকা
আৰু সেইদিন তোমাৰ হাতেৰে খোৱাৰ আনন্দই অনেক আছিল
আজি হঠাৎ তুমি হীন এটি সুৰ
সুৰ হীন এটি কবিতা
সুৰ হীন এটি গান।।
কুশলে থাকিবা
মিছ দুৱৰা
প্ৰথম প্ৰেমৰ যি শিহৰণ জাগিছিল তাক জানো সহজে পাহৰিব পাৰি
মিছ দুৱৰা
হঠাৎ যদি বিশ্বাসঘাতকতা কিম্বা প্ৰতাৰণাই দেখা দিয়ে
এই নষ্ট কবিক
উৎসৰ্গিব তোমাৰ নামতে
আজীৱন ব্ৰহ্মচৰ্য ব্ৰত।।
মিছ দুৱৰা
তুমি বাধাৰ প্ৰাচীৰ ভাঙি
এবাৰ আহি নোযোৱা কিয়
মিছ দুৱৰা
এই নষ্ট কবিৰ হৃদয় উপচাবলৈ
তুমি হীনতাত এই নষ্ট কবিয়ে
আজিও ৰাখিছে ব্ৰহ্মচৰ্য ব্ৰত
তুমি বিনে কাকো গৃহীত নকৰে
এই নষ্ট কবিৰ হৃদয় সদনে।।
মিছ দুৱৰা
মই জানো এই নষ্ট কবিৰ হৃদয় জোৰাবলৈ
তুমি আকৌ আহিবা
ফাগুনৰ শেষৰজাক বতাহ
নতুবা চ'তৰ বৰদৈচিলাজনি হৈ।।
মিছ দুৱৰা
কালি এই অখ্যাত কবিয়ে এটা বিখ্যাত সপোন দেখি
টোপনিয়েই নগ’ল
কুশলে থাকিবা
মিছ দুৱৰা
আপেক্ষিছো মাথোঁ কিছু দিন কিছু প’ল
তৎসত্বেও যদি উপলব্ধ নহয়
এই নষ্ট কবি
সমাগত
নিশ্চিত প্ৰতিবাদ।।
বুকুৰ কথাবোৰ বুকুৰ মাজতে
সীমাবদ্ধ কৰি নাৰাখিবা
মিছ দুৱৰা
মিছ দুৱৰা
এই কুটিলতাপূৰ্ণ সংসাৰত নিজকে জাহ যাব নিদিবা
কুশলে থাকিবা মিছ দুৱৰা।।
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment