আকাশৰ সমবেদনা
বিনিময় দাস
নগাঁও
অকলশৰীয়া মই চলমান
বুকুৱে বহন কৰিছে দুখ এক বেগ,
ল'বলৈ কোনোৱেই নাই ওচৰে-পাজৰে।
কাষৰ পথাৰো যেন ৰুক্ষ –
নাই আৱেগ।
সেয়ে মই বেগৰ পৰা দুখখিনি লৈ
দলিয়াই দিলোঁ আকাশত,
অলপ পিছত আকাশে
পৰিৱেশন কৰিলে বৰষুণ
পৃথিৱীৰ হৃদয়ৰ ওপৰত।
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment