মহাবাহু ব্ৰহ্মপুত্ৰ
চাহিদুল আলম চৌধুৰী
মুকালমুৱা, নলবাৰী
চিৰ প্ৰবাহিত মহাবাহু তুমি
ব্ৰহ্মপুত্ৰ বুলি কওঁ,
তোমাৰ ৰূপত জিলিকে অসম
অতিশয় মুগ্ধ হওঁ।
হিমালয়তেই জনম তোমাৰ
কি যে অপৰূপ সৃষ্টি !
পাহাৰে-ভৈয়ামে অবিৰাম বৈ গৈ
ৰাখা ৰহণীয়া কৃষ্টি।
তোমাৰ শক্তিৰ অপাৰ মহিমা
কাহানিও নাই শেষ,
দিহিঙে দিপাঙে বিদ্যমান তুমি
নোলোৱা অকণো বেশ।
তোমাৰ বুকুত আমাৰ অসম
সোণেৰে জিলিকি ৰয়,
তোমাৰ সৌন্দৰ্য্য তোমাৰ বোঁৱতী
কদাপি নহয় ক্ষয়।
মহামিলনৰ তীৰ্থ হেনো তুমি
আমি সকলোৱে জানো,
তোমাৰ পদত সেৱাটি জনাই
শান্তিৰ সম্প্ৰীতি আনো।
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment