সম্পাদকীয় - Doksiri

Post Top Ad

Sunday, June 1, 2025

demo-image

সম্পাদকীয়

Responsive Ads Here

Nébíngké Lupénam সম্পাদকীয়

Doksiri%20Thumbnail%20%20_20241005_180400_0000


অসমৰ বানপানীৰ সমস্যাঃ প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট দুৰ্যোগ?


   অসমৰ বানপানী সম্প্রতি বাৰ্ষিক ঋতুজনিত সংকটত পৰিণত হৈছে। বৰ্ষা ঋতু আগমনৰ প্ৰাক ক্ষণতেই প্ৰবল বৰষুণৰ ফলত অসমত প্ৰতি বছৰে বানপানীৰ সমস্যাই দেখা দিয়ে। ৰাজ্যখনৰ লখিমপুৰ, ধেমাজী, মাজুলী আদিৰ দৰে নৈপৰীয়া অঞ্চলবোৰত প্ৰলয়ংকৰী বানে দেখা দিয়ে। ইয়াত প্ৰাকৃতিক কাৰণবোৰ যথেষ্ট যদিও, এই সংকটক মানৱসৃষ্ট ব্যৱস্থাপনাগত ব্যৰ্থতাই অধিক জটিল কৰি তুলিছে। মানৱসৃষ্ট ব্যৱস্থাপনাৰ ফলতেই গুৱাহাটীৰ দৰে মহানগৰীত প্ৰতি বছৰে সৃষ্টি হয় কৃত্ৰিম বানপানী আৰু স্তব্ধ হৈ পৰে জনজীৱন। অসমত বৰ্ষা ঋতুৰ সময়ত হোৱা প্ৰবল বৰষুণে বানপানীৰ সৃষ্টি কৰে। বিশেষকৈ দক্ষিণ-পশ্চিম মৌচুমী বৰষুণৰ সময়ত অসমত প্ৰচুৰ বৰষুণ হয় যাৰ ফলত নদীৰ পানীৰ প্ৰবাহ বৃদ্ধিৰ পায় আৰু বানপানীৰ সৃষ্টি হয়।

   বানপানীৰ ফলত ৰাজ্যখনৰ প্ৰতি বছৰে বিস্তৰ ক্ষতি সাধন হয়। এক প্ৰকাৰ ক’বলৈ গ’লে ৰাজ্যখনক বানপানীয়ে পংগু কৰি তুলিছে। মূহুৰ্ততে হাজাৰ হাজাৰ লোকক স্থানচ্যুত কৰা, ঘৰ বাৰী, সা সম্পত্তি ধ্বংস কৰা, জীৱিকা ধ্বংস কৰা, উন্নয়ন স্তব্ধ কৰা আদি অসমৰ বাৰ্ষিক ধ্বংসলীলা উৎসৱলৈ পৰিণত হৈছে। এতিয়া প্ৰশ্ন উদয় হয় অসমৰ এই বাৰ্ষিক ধ্বংসলীলা উৎসৱ আৰু কিমান দিনলৈ ? অসমৰ বানপানী প্ৰাকৃতিক দুৰ্যোগ নে মানৱ সৃষ্ট ?

  প্ৰতি বছৰে বানপানীৰ ফলত অসমৰ জনসাধাৰণৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা দেখা যায়। প্ৰতি বছৰে শ শ গাঁও ডুব যায়, ঘৰ-বাৰী, সা সম্পত্তি হেৰাই যায়। খেতিয়কৰ কষ্টৰ ফচল কৃষি-শস্য ধ্বংস হয়, তথাপিও তেওঁলোকৰ স্থিতিস্থাপকতাক সহজভাৱে লোৱা হয়। সকাহ দেৰিকৈ আহে, আৰু পুনৰ্বাসন প্ৰায়ে অসম্পূৰ্ণ হৈ ৰৈ যায়। দীৰ্ঘম্যাদী মানসিক আৰু অৰ্থনৈতিক ক্ষতিৰ বহুলাংশে আজিও সমাধান হোৱা নাই।

  হয়! অসমৰ ভূ-প্ৰকৃতি আৰু ইয়াৰ অত্যাধিক বৰষুণৰ পৰিমাণে ইয়াক বান-প্ৰৱণ কৰি তুলিছে, যদিও বানপানী সৃষ্টিৰ প্ৰকৃতিয়েই মূল কাৰক বুলি ক’ব নোৱাৰি। অনিয়ন্ত্ৰিত মানুহৰ হস্তক্ষেপৰ বাবে অসমত এতিয়া বিভিন্ন অঞ্চলত বানৰ ধ্বংসলীলা ক্ৰমাগতভাৱে বৃদ্ধি পোৱা দেখা গৈছে। অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ পাহাৰত অবাধ বনাঞ্চল ধ্বংসৰ ফলত ব্ৰহ্মপুত্ৰত অধিক পলস হোৱাৰ ফলত নদীখনৰ পানী ধৰি ৰখাৰ ক্ষমতা হ্ৰাস পাইছে।  

   অসমত প্ৰতি বছৰে বান আৰু ভূমিস্খলনৰ ফলত যথেষ্ট ক্ষতি হয়, যাৰ ফলত মানুহ আৰু আন্তঃগাঁথনি উভয়তে প্ৰভাৱ পৰে। এক পৰিসংখ্যা অনুসৰি প্ৰতি বছৰে গড়ে ৯.৩১ লাখ হেক্টৰ মাটি বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হয়। বিশেষকৈ প্ৰচণ্ড বৰষুণৰ সময়ত ভূমিস্খলনেও স্থানচ্যুতি আৰু বিস্তৰ ক্ষতিৰ সাধনৰ ক্ষেত্ৰত অৰিহণা যোগাইছে।

  অসমৰ বানপানীৰ সমস্যাৰ ক্ষেত্ৰত চৰকাৰী আঁচনি সমূহেও মুখ্য ভূমিকা পালন কৰে। বানৰ সময়ত সুৰক্ষাৰ বাবে নিৰ্মিত মথাউৰিসমূহ প্ৰায়ে নিম্নমানদণ্ডৰে নিৰ্মাণ কৰাৰ উপৰিও ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত খুব কমেইহে গুৰুত্ব দিয়া দেখা যায়। ৰাজ্যখনৰ বান ব্যৱস্থাপনা এতিয়াও আওপুৰণি পদ্ধতিৰ ওপৰত নিৰ্ভৰশীল হৈয়েই আছে। আধুনিক পূৰ্বাভাস ব্যৱস্থা, আগতীয়া সতৰ্কবাণী ব্যৱস্থা, ড্ৰেজিং বা বানপানীৰ অঞ্চলৰ দৰে দীৰ্ঘম্যাদী নদী ব্যৱস্থাপনা কৌশলত বিনিয়োগ কম।

   তদুপৰি নদীৰ পাৰৰ ওচৰত অপৰিকল্পিতভাৱে নিৰ্মাণ কৰা নগৰ সম্প্ৰসাৰণৰ দৰে উন্নয়নমূলক প্ৰকল্পই নদীখনৰ প্ৰাকৃতিক গতিপথত বাধাৰ সৃষ্টি কৰা পৰিলক্ষিত হয়। বহু ক্ষেত্ৰত অবৈধ বালি খননে নদীৰ তল আৰু মথাউৰি আৰু অধিক দুৰ্বল কৰি তোলে। জলবায়ু পৰিৱৰ্তন আৰু অস্বাভাৱিক বৰষুণৰ ফলত অসমৰ বানপানীৰ অভাৱনীয়তা বৃদ্ধি পাইছে।

    বানপানী প্ৰাকৃতিক হ’লেও, ইয়াৰ বিধ্বংসী ৰূপ মূলতঃ মানৱসৃষ্ট। এই সংকট নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজন সুপৰিকল্পিত ব্যৱস্থা: শক্তিশালী মথাউৰি নিৰ্মাণ, জলাশয় পুনৰুদ্ধাৰ, বনাঞ্চল সংৰক্ষণ, জ’নিং আইনৰ কঠোৰ প্ৰয়োগ, আৰু বৈজ্ঞানিক গৱেষণা আৰু আধুনিক পূৰ্বাভাস ব্যৱস্থাত বিনিয়োগ। প্ৰকৃতিক দোষাৰোপৰ পৰিৱৰ্তে ব্যৱস্থাগত সংস্কাৰ আৰু দায়বদ্ধতাৰ ওপৰত গুৰুত্ব দিয়াৰ সময় সমাগত।

তপন লাল


Doksiri দকচিৰি, জুন, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Pages