চুটি কবিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 1, 2025

চুটি কবিতা

 


চুটি কবিতা 


                       আগমনি ফুকন শইকীয়া

                                   মুম্বাই, মহাৰাষ্ট্ৰ


ক)

শীতৰ তীব্ৰতাক আওকাণ কৰি

আকাশত জোনে 

অকলেই খোজ কাঢ়ি আছে


খ)

চুলি দীঘল কৈ ৰখা চিত্ৰকৰজনে

সাগৰৰ গৰ্জন শুনি

বালিতে পৰি ৰ’ল


গ)

উৰিবলৈ শিকা চৰাইজাকে ঠোঁটত লৈ ফুৰিছে

শীতৰ সূৰ্য


ঘ)

ঘন অৰণ্যৰ মাজলৈ

জোন গ’লগৈ

চোতালত পাৰি থোৱা পিৰাখন এৰি


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages