আই
ববী দত্ত
টীয়ক
আই তই যে বহাগৰ এফাল কটা বেলি
জুইৰ আঙনি হৈ জিলিকিছিল তোৰ অটলস্পৰ্শী বুকু, যিদিনা
মই শুৱনি কৰিছিলোঁ তোৰ সাত্বিক কোলা।
ৰ’দৰ পোহৰত তই জলফাই ৰঙী সাজ পিন্ধি গুণগুণাই গাইছিলি নিচুকনি গীত “আমাৰে মইনা শুব এ বাৰীতে বগৰী ৰুব এ…”
মই মূৰৰ চুলি খামুচি অপলকনেত্ৰে চাই আছিলোঁ তোক
তই বাৰু বেলিটোৰ আনফাল পিতাইক দিলি নেকি?
বুকুখন দুহাত ডাঠ কৰি পথাৰৰ আলিত বহি মোক পিয়াহ দিওঁতে তোৰ ওঁঠৰ একৈয়া বুটলা হাঁহিবোৰ গলিছিল
আঘোণৰ পথাৰ চাওঁতে তোৰ পিঠিত মই এক হণ্ডৰ বোজা।
তোৰ ৰ’দে উকি মৰা মনত আমি সদায় সুৰৰ নিষ্পাত ইলিজী
“গাঁঠিৰ গোৱা”ৰে সন্তুষ্ট হোৱা তোৰ মনটো চন্দ্ৰকান্তি পুৱাৰ দৰে।
আই আঙঠাত সৰকি পৰা তোৰ বুকুৰ কামীহাৰত আমাক শুৱাই
নিতৌ অনুশীলন স্বৰ্ণ সমৃদ্ধিৰ
বাঃ তোৰ কি যে অমিয়া মাত !
মোৰ বাবে প্ৰসাৰিত আজিও তোৰ আশীষৰ উদাৰ দুহাত।
Doksiri দকচিৰি, জুন, ২০২৫


No comments:
Post a Comment