ভালপোৱাৰ এপিটাফ
মেঘালী গগৈ
প্ৰেমৰ সমস্ত দাবীৰ পৰা কেতিয়াবা
বহুত দূৰলৈ আঁতৰি যোৱা হয় অভিমানত
অপ্ৰেমৰ অনন্ত অন্ধকাৰ
সহজে ল’বলৈ অহৰহ চেষ্টা কৰা হয়
কৰাল মাৰিবলৈ লোৱা ক্ষতবোৰ
কিয়যে ৰুকি দিয়ে সময়ে নিষ্ঠুৰতাৰে
কাঠহাঁহি এটা মাৰি কয়…
“ইমানো সহজ নহয় সকলো কথা
সহজ কৰিব পৰা।”
চাৰিওকাষ যেন নীলাভ হৈ আহে
এক অদ্ভূত বিষণ্ণতাৰ ৰঙেৰে
বতাহেও কঢ়িয়ায় নীলা বিষ
দূৰণিৰ এক অচিন কবৰখানাত
এপিটাফ পঢ়ি থৰ হৈ ৰৈ থাকে
ভালপোৱাৰ নীলা চৰাই।
Doksiri দকচিৰি, জুন, ২০২৫


No comments:
Post a Comment