ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী
ড° বুলজিৎ বুঢ়াগোহাঁই
শিক্ষাৰ্থীসকলৰ বাবে স্নাতকোত্তৰ ডিগ্ৰী বাছনি কৰাতো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই সিদ্ধান্তই তেওঁলোকৰ ভৱিষ্যতৰ কেৰিয়াৰ পথ নিৰ্ধাৰণ কৰে। শিক্ষাৰ্থীসকলৰ উদ্দেশ্য, অভিৰুচি আৰু ভবিষ্যতৰ লক্ষ্যৰ ওপৰত ভিত্তিত কৰি ইন্টেগ্ৰেটেড স্নাতকোত্তৰ ডিগ্ৰী নে স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰীৰ পাঠ্যক্রম অধ্যয়ন কৰিলে ভাল, সেইটো নিৰ্ভয় কৰিব। দুয়োটা পাঠ্যক্রমতে সুবিধা আৰু অসুবিধা আছে। তলত পাঠ্যক্রম দুটাৰ কিছুমান সুবিধা আৰু অসুবিধাসমূহ বিষয়ে আলোচনা কৰা হৈছে।
ইন্টেগ্ৰেটেড স্নাতকোত্তৰ ডিগ্ৰী (উদাহৰণঃ B.Sc.+M.Sc., B.A.+M.A., B.C.A.+M.C.A, B.Tech+M.Tech আদি)ৰ কিছুমান সুবিধা আৰু অসুবিধাৰ বিষয়ে তলত উল্লেখ কৰা হৈছে।
সুবিধাসমূহঃ
সময় আৰু খৰচ বচায়ঃ
সাধাৰণতে স্বতন্ত্ৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীতকৈ ইন্টেগ্ৰেটেড স্নাতকোত্তৰ ডিগ্ৰী পাঠ্যক্রমত কম সময় লাগে আৰু খৰচ কম হয়।
নিৰৱচ্ছিন্ন পাঠ্যক্ৰমঃ
স্নাতক আৰু স্নাতকোত্তৰৰ মাজত কোনো নামভৰ্তিৰ ব্যৱধান নথকা এক অবিৰত আৰু সু-গাঁথনিযুক্ত শৈক্ষিক কাৰ্যসূচী আগবঢ়ায়।
গৱেষণাৰ পথঃ
উচ্চ শিক্ষা বা গৱেষণালৈ যাবলৈ ই ভাল পটভূমি প্ৰস্তুত কৰে।
অসুবিধাসমূহঃ
নমনীয়তাৰ অভাৱঃ
শিক্ষাৰ্থীসকলক এটা শৈক্ষিক ধাৰাত আবদ্ধ কৰি ৰখা হয় যাৰ ফলত সাধাৰণতে মাজভাগত বিষয় বা প্ৰতিষ্ঠান সলনি কৰাটো কঠিন।
সীমিত প্ৰস্থান বিকল্পঃ
যদি শিক্ষাৰ্থীসকলে স্নাতক শেষ কৰিয়েই শিক্ষা এৰিবলৈ ইচ্ছা হয়, তেন্তে কিছুমান বিশ্ববিদ্যালয়ে স্বতন্ত্ৰ ডিগ্ৰী নিদিয়ে বা চাকৰিৰ সুবিধা সীমিত হ’ব পাৰে।
বেলেগ পৰিৱেশৰ অভিজ্ঞতা নহয়ঃ
৫ বছৰ একেটা প্ৰতিষ্ঠানত থাকিলে বেলেগ শিক্ষানুষ্ঠান, শৈক্ষিক পদ্ধতি বা সংস্কৃতিৰ সৈতে পৰিচয় হ’বলৈ সুবিধা নাপায়।
কেৰিয়াৰ সলনি কৰাত অসুবিধাঃ যদি পিছত উপলব্ধি হয় যে শিক্ষাৰ্থীৰ আগ্ৰহ আন এটা ক্ষেত্ৰত আছে, তেন্তে ইণ্টেগ্ৰেটেড ডিগ্ৰীৰ পৰা ওলাই অন্য ক্ষেত্ৰলৈ যোৱা কঠিন হ’ব পাৰে।
স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী (উদাহৰণঃ M.A., M.Sc., M.C.A., M. Tech, MBA আদি)ৰ কিছুমান সুবিধা আৰু অসুবিধাৰ বিষয়ে তলত উল্লেখ কৰা হৈছে।
সুবিধাসমূহঃ
বেছি নমনীয়তাঃ স্নাতকৰ পিছত নতুন বিষয় বা বা বেলেগ শিক্ষা প্ৰতিষ্ঠান বাচি ল’ব পাৰি।
কামৰ অভিজ্ঞতাঃ স্নাতকৰ পিছত কিবা চাকৰি বা ইণ্টাৰ্নশ্বিপ কৰি অভিজ্ঞতা ল’ব পাৰি।
সচেতন সিদ্ধান্তঃ পৰিণত বয়সত নিজৰ আগ্ৰহ আৰু লক্ষ্য বুজি, বেছি সচেতনভাৱে স্নাতকোত্তৰ ডিগ্ৰী বাচিব পাৰি।
বিশেষীকৰণঃ কিছুমান উচ্চস্তৰীয় পাঠ্যক্রম (যেনে- MBA, M.Tech আদি) মাত্ৰ পৰম্পৰাগত পদ্ধতিত উপলব্ধ।
অসুবিধাসমূহঃ
বেছি খৰচঃ স্নাতকোত্তৰৰ বাবে সুকীয়াকৈ আবেদন, পৰীক্ষা (যেনে- GATE, JAM, CAT আদি) দিব লাগিব পাৰে।
বেছি সময়ঃ স্নাতক আৰু স্নাতকোত্তৰৰ মাজত সময়ৰ ব্যৱধান হ’ব পাৰে।
সেয়ে, যদি শিক্ষাৰ্থীসকলে চাকৰি, বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ, আৰু অধ্যয়নৰ ক্ষেত্ৰত নমনীয়তা বিচাৰে, তেন্তে স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰীৰ পাঠ্যক্রম বাছনি কৰাটো অধিক উপযুক্ত হ’ব।
অন্যহাতে, যদি শিক্ষাৰ্থীসকলে গৱেষণা, পি এইচ ডি, একাডেমিক কেৰিয়াৰ গঢ়ি তোলা আৰু বিষয়ৰ ওপৰত আগতিয়াকৈ নিশ্চিত থাকে, তেন্তে ইন্টেগ্ৰেটেড স্নাতকোত্তৰ ডিগ্ৰীৰ পাঠ্যক্রম বাছনি কৰাটো বেছি লাভজনক হ’ব।
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com
বিঃদ্রঃ কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন (৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে।
Doksiri দকচিৰি, জুন, ২০২৫
No comments:
Post a Comment