বৌদ্ধিক, সাংস্কৃতিক নবজাগৰণৰ শিল্পমাধ্যম কবিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 1, 2025

বৌদ্ধিক, সাংস্কৃতিক নবজাগৰণৰ শিল্পমাধ্যম কবিতা

 

বৌদ্ধিক, সাংস্কৃতিক নবজাগৰণৰ শিল্পমাধ্যম কবিতা


ৰুদ্র সিংহ মটক

অম্বিকাগিৰী নগৰ, গুৱাহাটী


    বিতা হ’ল পাঠকচিত্ত আলোড়িত কৰিব পৰা বৌদ্ধিক আবেগেৰে সম্পৃক্ত ও সমুজ্বল এক স্পন্দনশীল শব্দশিল্প। সংবেদনশীল কবি হৃদয়ৰ স্বতঃস্ফূর্ত আবেগ-অনুভূতি, স্মৃতি-কল্পনা আৰু অভিজ্ঞতাৰ সৌন্দর্যমণ্ডিত শিল্পৰূপেই কবিতা। “Poetry is the spontaneous overflow of powerful feelings… It takes its origin from emotions recollected in tranquility.” - William Wordsworth & Samuel


Taylor Coleridge/Lyrical Ballads, 1798)। কাব্য ৰচনাৰ আপাতঃ জটিল এই ৰহস্যময় প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত আমাৰ অসমীয়া সাহিত্যৰ বিশিষ্ট সমালোচক ড° মৃদুল শৰ্মাদেৱৰ তাৎপর্যপূর্ণ অভিমত মন কৰিবলগীয়াঃ “ভাৱশক্তিক উপযুক্ত ভাষাৰে মূৰ্ত ৰূপ দিবলৈ যত্ন কৰোঁতেই কবিসকলে সর্বাধিক কষ্ট স্বীকাৰ কৰিবলগীয়া হয়। কাৰণ ভাৱনা সকলো সময়তে একক বা স্পষ্ট নহয়। গতিকে অলেখ ভাৱনাৰ অহা-যোৱাৰ মাজৰপৰা সৰ্বাধিক ক্রিয়াশীলখিনিক নির্বাচন কৰাটো-যিখিনিয়ে প্রকৃততেই এক শক্তিৰ ৰূপ লৈ বহিপ্রকাশ ঘটাবলৈ কবিক ভিতৰৰপৰাই অস্থিৰ কৰি তোলে, আৰু সেই নির্বাচিত ভাবনাক উপযুক্ত স্থিতিস্থাপক ভাষাৰে সত্য কিম্বা কল্পনাৰ অপলাপ নঘটোৱাকৈ প্রকাশ কৰাটো কবি এজনৰ বাবে এক প্রত্যাহ্বানতুল্য আৰু যন্ত্রণাদায়ক যাত্ৰাৰ দৰে। অথচ তেনে যাত্ৰাৰ অভিজ্ঞতাৰে ক্ষতবিক্ষত হোৱাটোৱেই কবিসকলৰ লক্ষ্য।” (পাতনি, শংখবোৰ সাৰে আছে)।

    ভাৱাবেগ সততে সজীৱ, সংবেদী বাবেই হয়তো কাব্যশিল্পৰ আবেদন ক্ষমতা সাহিত্যৰ আনবোৰ সংৰূপতকৈ অধিক গভীৰ। আমাৰ দৃষ্টিত কবিমানস যিমানেই সূক্ষ্ম, আলোকিত আৰু অধিকতৰ সমৃদ্ধ হয়, তেওঁৰ সৃষ্টিকৰ্মৰ সজীৱতা আৰু স্পর্শময়তাও সিমানেই তীব্ৰতৰ হৈ উঠে। কবি এজনৰ বিষয়বস্তু, ভাষা আৰু প্ৰকাশভঙ্গিমাৰ ওপৰত কবিতাৰ আবেদন, অভিব্যঞ্জনা বহু পৰিমাণে নিৰ্ভৰ কৰে। যিসকল কবিৰ ভাষা উৰ্বৰ, দৃষ্টি সমাজমুখী, অভিজ্ঞতা ব্যাপক আৰু বৈচিত্র্যময়, তেওঁলোকৰ কবিতা মানব জাতিৰ আত্মিক দলিল স্বৰূপ। যুগমানসৰ সাৰ্থক ছৱি হৈও সেয়া যুগান্তৰৰ ৰূপচিত্ৰ-বিশ্বজনীন আৰু কালোত্তীর্ণ। এনে সার্থক কাব্যকর্ম সন্দর্ভত পাবলো নেরুদাই থিকেই মন্তব্য কৰিছিল– “মানুহৰ স’তে সম্পর্ক নাথাকিলে কবিতাই শব্দ কৰিব, কিন্তু গান নাগায়।” স্বদেশ-স্বকালৰ সীমা ভাঙি বিশ্বজনতাৰ হৃদয় আৰু বিবেক স্পৰ্শ কৰিব পাৰিছে বাবেই নাজিম হিকমৎ, পাবলো নেবুডা, লেংষ্টন হিউজ, অক্টাভিঅ পাজ, শ্বেক্সপীয়েৰ, কীটছ, ৰবীন্দ্ৰনাথ ঠাকুৰ, সুকান্ত ভট্টাচার্য, হীৰেন ভট্টাচার্য, নবকান্ত বৰুৱা, সমীৰ তাঁতী অথবা সনন্ত তাঁতীৰ কবিতাৰাজী বিশ্ব সাহিত্যৰ বাছকবনীয়া সম্পদ।

    “কুশল বার্তা দিবলৈকে আমাৰ কবিতা...।” এই বাণী যুগদ্রষ্টা কবি নবকান্ত বৰুৱাৰ। কিন্তু আমি সকলোৱেই জানো আজিৰ সমাজবাস্তৱ ভাবিব নোৱাৰাকৈ ৰূঢ় আৰু নিৰ্মম দাৰিদ্ৰ, ধৰ্মান্ধতা, যৌতুক, ধর্ষণ, বর্ণবৈষম্য, সাম্প্রদায়িকতা, যুদ্ধ, সন্ত্রাস, সংস্থানহীতাৰ দৰে এশ-এবুৰি সংকট আজি সমাজ-সভ্যতাৰ বাবে প্রত্যাহ্বান হৈ দেখা দিছে। সেয়ে আমি কবিসকল হীৰুদাই কোৱাৰ দৰে জীৱন বিমুখ নহৈ বাস্তৱৰ মুখামুখি হ’ব লাগিব।– “সন্ন্যাসে শোভা কৰে জানো কবিক, কলম যাৰ জাগৰ তৰোৱাল?/কাব্যতো নহয় সহজ পণ্য,/ অন্য ধাতুৰে গঢ়া তাৰ বিপন্ন শৰীৰ/তেজত প্রতিবাদ সত্ত্বাত বিপ্লৱ।” কবিৰ বাবে এয়া নখে মাটি নেলেখি সাবধানে খোজকঢ়াৰ সময়। কবিতা যে আন্দোলিত বিবেকৰ বিজ্ঞান। আমি সমাজদর্শী কবিসকলে সততে মনত ৰাখিব লাগিব, চকুৰ আগৰ সমাজখন অথবা বিশ্বজীৱন প্রবাহৰ যিকোনো ঘটনা বা বিষয়েই আজিৰ কবিতাৰ সমল হ’ব পাৰে। কিন্তু কবিক লাগিব শব্দৰ কলিজাৰ সেউজ সৌগন্ধ সন্ধান কৰিব পৰা সুগভীৰ অন্তদৃষ্টি, ভাষাৰ কালিকা উন্মোচন কৰিব পৰা অভ্রভেদী কল্পনাশক্তি। আন কথাত উজ্জ্বল আংগিক বা ভাৱমণ্ডল বিনির্মাণৰ বাবে কবিৰ থাকিব লাগিব সংস্কৃত আলংকাৰিকে কোৱা আশ্চৰ্যকৰ সেই “অপূর্ব নির্মাণক্ষম প্রজ্ঞা”। তৰুণসকলৰ হাতত উচৰ্গিত– “কবিতাৰ আত্মা” শীর্ষক এটি কবিতাত আমি এই সহজ সত্যটিকে শিল্পীত ভাষাত তুলি ধৰাৰ প্ৰয়াস কৰিছোঁ। –


গম

গোলাপৰ গোন্ধ

সৰি পৰা পাত, চকুলোৰ নিমখ

ইস্পাত আৰু কলঘৰৰ ধোঁৱা-এই সকলোবোৰেইতো

হ’ব পাৰে আজিৰ কবিতাৰ বিষয়


পিছে আমি মনত ৰখা দৰ্কাৰ ---

ধোঁৱাৰ দৰে যাতে কুণ্ডলী পকাই উৰি নাযায় কবিতাৰ

আবেগ, শব্দৰ কলিজাৰ ভৰপূৰ সেউজ সৌগন্ধ…


যাতে অশ্রু হুমুনিয়াহ কাটি সংহত ক্ষোভ,

ইস্পাতৰ তেজ আৰু দৃঢ়তাৰে টংকাৰি উঠে

কবিতাৰ শাৰীবোৰ


কাৰণ

নাঙলৰ ফালেহে চিনি পায়-

মাটি

পলস

আৰু

টো খেলা শইচ্

   আধুনিক কবিতা হৃদয় আৰু মগজুৰ, জুই আৰু জোনাকৰ এক বিৰল ফিউছন। বিষয়বস্তু নির্বাচন, আঙ্গিক আৰু উপস্থাপন শৈলী-এনেবোৰ দিশতে আমি কবিসকল হ’ব লাগিব আধুনিক যুগমানসৰ যথার্থ প্রতিভূ। ধুনীয়া জোনটোতকৈ ভোকৰ এটুকুৰা বুটি, ফুল এপাহতকৈ যুদ্ধৰ ভয়াবহতা, পখীৰ গীততকৈ জীৱনৰ স্খলন, জুৰিৰ জলছৱিতকৈ মানুহৰ মোলান মুখ, স্বপ্নৰ মধুৰ স্মৃতিতকৈ ভগা বুকুৰ আৰ্তনাদ আজিৰ কবিৰ বাবে অধিকতৰ আকর্ষণীয় সমল। অপ্ৰেমৰ বিপৰীতে প্ৰগাঢ় প্রেম, নৈৰাশ্যৰ সলনি উদ্যম, ভয়ৰ সলনি সাহস, অন্ধবিশ্বাসৰ বিপৰীতে যুক্তিনিষ্ঠা, ঈশ্বৰচিন্তাৰ পৰিবৰ্তে আত্মবিশ্বাস আৰু গণমুখিতা, উগ্র জাতীয়তাৰ বিপৰীতে সুস্থ আন্তর্জাতিকতাবোধ, সন্ত্ৰাসৰ পৰিবৰ্তে সংগ্ৰামৰ সঠিক দৃষ্টিকোণ-এইবোৰৰ আধাৰতে গঢ়িব লাগিব আধুনিক কবিতাৰ বৰ্ণময় ৰূপচিত্র। চৌপাশৰ বাৰেৰহণীয়া লোকজীৱন আৰু লোকবাস্তৱো আমাৰ কবিতাৰ আকর্ষণীয় সমল হ’ব পাৰে। কবিৰ অন্তৰৰ ধাউতি, সাধনা-জিজ্ঞাসা আৰু সম্পৰীক্ষা হ’ব পাৰে কলানৈপুণ্য আৰু সাৰস্বত সৃষ্টিৰ সঁচাৰ-কাঠি। আন কথাত সেয়েতো যথার্থ কবিতাঃ শব্দৰ ভিতৰতে সৌন্দৰ্যৰ অন্য এক সোণৰ খনি; জীৱনৰ ভিতৰতে উদ্ভাসিত জীৱনৰ অনন্য এক উজ্জ্বল আৱিষ্কাৰ।— “The poem is a little myth of man’s capacity of making life meaningful. And in the end, the poem is not a thing we see-it is, rather, a light by which we may see-and what we see is life.” - Robert Penn Warren

   কবিতাই দাপোণৰ দৰে মানবসত্ত্বাৰ ৰহস্যময় অন্তর্জগতৰ ছবি প্ৰতিফলিত কৰে। লগতে চৌপাশৰ বিশ্বপ্রকৃতিৰ ৰহস্যময় সৌন্দৰ্যৰ ৰূপছবি আমাৰ মানস চকুত তুলি ধৰে। ই আমাক ভিতৰি ভিতৰি পুলকিত, উদ্বেলিত কৰে; চহকী কৰে ইন্দ্ৰিয়জ অভিজ্ঞতাৰ গোপন ভঁৰাল। আৰু কেতিয়াবা আমি গম নোপোৱাকৈয়ে অর্বাচীন স্বর্ণস্পর্শৰে তিলতিলকৈ উজ্বলাই তোলে আমাৰ নান্দনিকতাবোধৰ অলিখিত ব্যাকৰণ। কবিমননৰ দীপ্ত, জাগ্রত সৌন্দর্যচেতনাৰ মাজেৰেই প্ৰকাশ পায় প্রগাঢ় জীৱনসত্যৰ জ্যোৎস্নাছায়া, নীল-নক্ষত্ৰৰ গান। কবি কেৱল হৃদয়ৰ কহিনুৰ কবিতাৰেই খনিকৰ নহয়; জীৱন আৰু সমাজৰো সংগঠক। “সত্য যি সুন্দৰ যাৰ অনন্ত যৌৱন” তাৰ বুকুতে সমাজকানন প্রতিষ্ঠা কৰাটোৱেই হ’ল প্ৰতিজন মহৎ কবিৰ জীৱনৰ পৰম ব্রত। কবিতা এটা লিখা, গীত এটি গোৱা, শিশু নাটিকা এখন মঞ্চস্থ কৰা অথবা যুদ্ধৰ বিৰুদ্ধে কোনো আলোচনাচক্র আয়োজন কৰা– এনে প্রতিটো সাংস্কৃতিক কর্মই সমাজ উত্তৰণৰ জখলাডালৰ একো একোটা সৰু ঢাপ। মানুহৰ চিন্তা-চেতনাৰ স্তৰ উন্নীত কৰাত সফল শিল্প, কবিতাৰ ভূমিকা অপৰিসীম। বহুজনৰ বহুযুগৰ শ্ৰম-চিন্তা কল্পনা-সাধনাৰে ক্ৰমে ক্রমে গঢ় লৈ উঠে এটা জাতি এখন সমাজ। এই প্রক্রিয়াটো এহাতে যিদৰে বৃহৎ আৰু বিশাল, আনহাতে অতিশয় জটিল, গতিশীল আৰু বৈচিত্র্যময়। দলিত, বঞ্চিত, নিপীড়িত জনগণক সমাজ আৰু দেশৰ শুভ-অশুভ শক্তিবোৰ ভালদৰে চিনাই দি শুভ শক্তিবোৰৰ সৈতে সৌহার্দ স্থাপন কৰি অশুভ, অসুন্দৰ আৰু প্ৰতিক্রিয়াশীল শক্তিবোৰৰ বিনাশ ঘটাই সমাজ জীৱন সুন্দৰ আৰু মহীয়ান কৰাৰ বৌদ্ধিক, সাংস্কৃতিক সংগ্রামত ক্রান্তদর্শী কবি, শিল্পীসকলেই যুগে যুগে অগ্রণী ভূমিকা পালন কৰিবলগা হয়। এনে ক্ষেত্ৰত কবিতা হৈ পৰে অন্য এক ৰেনেছাঁ আলোকস্নানৰ এক শক্তিশালী আন্দোলন।

   আমি সকলোৱে জানো অসমীয়া কবিতাৰ আছে এক গৌৰৱ-মণ্ডিত ঐতিহ্য। পৃথিৱীৰ বিভিন্ন দেশৰ, ঘাইকৈ লেটিন আমেৰিকাৰ প্রগতিশীল কাব্যধাৰাৰ পৰা আমি শিক্ষা ল'ব লাগিব। এনেদৰে আহৰণ কৰা শিল্পচিন্তাৰ স'তে বাস্তৱৰ বহল অনুভূতি আৰু জাতীয় অভিজ্ঞতাৰ যথার্থ সমন্বয়ৰ যোগেদিহে কবিৰ সমাজবীক্ষা গভীৰ আৰু সমুজ্বল হয; ক্রমে দীপ্ত আৰু প্ৰসাৰিত হয় কবিৰ বিশ্ববীক্ষা। গার্থিয়া লর্কা, বার্টল্ট ব্রেখট, জীৱনানন্দ দাস, অমূল্য বৰুৱা আদি কবিসকলে পুৰণিক ভাঙি নতুনকৈ গঢ়াৰ ফুলাৰ মন্ত্ৰৰে উজ্জীৱিত, পেশীবহুল যি ৰূপান্তৰৰ শিল্পবীক্ষা আঁকোৱালি লৈছিল সেয়া আমাৰ বাবেও আর্হিস্বৰূপ। স্বদেশ-স্বকালৰ ছৱি আৰু হৃদস্পন্দনযুক্ত, আধুনিকতাৰ ৰং-ৰূপ-তেজ-বীৰ্যৰে মণ্ডিত এটি প্রাঞ্জল আৰু প্ৰাণৱন্ত কাব্যভাষা আত্মস্থ কৰাৰ অনুশীলন আৰু আন্তৰিক আমি সাধনাও অব্যাহত ৰাখিব লাগিব। তাকে কৰিবলৈ আগবাঢ়োঁতে জাতীয় জীৱনৰ ভৱিষ্যত স্বপ্নৰ ছাঁ-জোনাকো লাগিব আমাৰ ভিছন আৰু চিন্তাৰ জুমুঠিত। আমি মনত ৰাখিব লাগিব গণকবি নাজিম হিকমতৰ সেই মর্মবাণীঃ “যিসকলে ধ্বংস কৰে আৰু গঢ় দিয়ে নতুন সৃষ্টিক/কেৱল তেওঁলোকৰ জয়গানত/ মুখৰ আমাৰ কবিতা।” তেতিয়াহে আমাৰ নতুন দিনৰ সৃষ্টিয়ে আহৰণ কৰিব গণমানস আন্দোলিত, উজ্জীৱিত কৰি গণসংগ্ৰাম সংহত আৰু দুর্ণিবাৰ কৰি তুলিব পৰা গতিশীল এক নতুন মানবায়তন, বৈচিত্র্য আৰু গভীৰতা।


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages