তুমি শিল্পী ! শিল্পী তুমি তিনিও কালৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 5, 2025

তুমি শিল্পী ! শিল্পী তুমি তিনিও কালৰ

 

তুমি শিল্পী ! শিল্পী তুমি তিনিও কালৰ


নিপু কুমাৰ দাস                                                     

কাজিপাৰা, নলবাৰী 


তুমি মহান শিল্পী হে কলাগুৰু বিষ্ণু ৰাভা

অসমী আইৰ তুমিওতো সুযোগ্য সন্তান 

তুমি বীৰ সৈনিক আই অসমীৰ মান 


তুমি জাগ্ৰত বিপ্লৱী বীৰ কৃষক সন্তান 

প্ৰাণৰো প্ৰাণৰ তুমি যেন গানৰো গানৰ

তুমি শিল্পী ! শিল্পী তুমি তিনিও কালৰ


তুমি ৰূপান্তৰৰ যুগনায়ক কালজয় বীৰ 

জাতীয় চেতনাৰেই তুলিছিলা জগাই

অসমীৰ সুপ্ত সন্তানক তুমি বিপ্লৱী সজাই


বিষ্ণুৰাভা এতিয়া তুমি সাৰে আছা নে ? 

অশান্ত অসমত জ্বলিছে হিংসাৰ জুই 

চৌদিশে যেন চানি ধৰিছে কুণ্ডলীয়াই

 

কোৱা না তুমি আকৌ এবাৰ আহিবা নে ?  

অসমীৰ গৌৰৱ তুমি হিয়াৰ আমঠু হৈ

বিশ্ব বিজয়ী ৰূপান্তৰৰ খনিকৰ হ’লা গৈ

 

তুমি পল অনুপল প্ৰতি পল সুৰ মিলাই  

গোৱা গান নিষ্পেষিত জনতাৰ প্ৰেৰণা হৈ

তুমি আকৌ আহিবা অসমীৰ বুকুত বিপ্লৱী হৈ –।


Doksiri দকচিৰি, জুলাই, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages