সৰ্বহাৰা জনতাৰ চোতালত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 5, 2025

সৰ্বহাৰা জনতাৰ চোতালত


 সৰ্বহাৰা জনতাৰ চোতালত


                                                   নৱ কাশ্যপ


পালতৰা নাৱেৰে ৰান্ধনী বেলিৰ

আছঁল টানি

সপোনবোৰ হেৰাই যাব ধৰিছে

 ৰঙানদীৰ ৰূপালী পানীত

বলুকাত পৰি ৰল সপোনৰ অৱশেষ

চাকনৈয়াৰ  হেৰাল মোৰ জীৱন গীতৰ কলি


চাপৰিৰ সিমূৰে বজা

বাঁহীৰ সুৰবোৰ গধুৰ হৈ গ’ল

সেমেকা বতাহৰ পৰশ লাগি

বাৰিষাৰ বাঢ়নী পানীয়ে

মৃত্যুৰ মৃদং বজোৱা ঠাই বোৰত এতিয়া

বৰভোজৰ কিৰিলি

য'ত নিঃশব্দে উচুপে দুই বাই -ভনী চুইটি-ৰুমাই

দুগ্ধ বৰণীয়া বালিৰ মাজত

নিজৰ হেৰুৱা মাতৃক বিচাৰি

ক'ত যে উচুপনি…


এতিয়া প্ৰতিবাদৰ ধ্বনিৰে অকাশ কপোঁৱা শব্দবোৰ

এদিন এনেকৈয়ে বতাহত মিলি যাৱ

বাৰিষা আকৌ আহিব

আকৌ ভাঙিব পাৰ

আকৌ কৰিম প্ৰতিবাদ

হাতত সাহায্যৰ টোপোলা লৈ

সৰ্বহাৰা জনতাৰ চোতালত।


Doksiri দকচিৰি, জুলাই, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages