জীৱন আছনে কুশলে ?
হিতেনদাস
ভৱানীপুৰ, বৰপেটা
জীৱনৰ আবেলী পৰত
কেতিয়াবা নিজকে সুধিৱলৈ মন যায়।
জীৱন তই আছনে ভালে ?
নিশব্দ ৰাতি,
তোৰ উচুপনি শুনি টোপনিৰ পৰা সাৰ পাও মই।
তই আছনে ভালে ?
জীৱন আছনে কুশলে ?
সময়বোৰ দেখোন দুঃসময় হ’ল
মানৱতাবোৰ দেখোন হেৰাই থাকিল আজিওঁ।
সপোনবোৰ আজি দেখোন সপোন হৈয়ে থাকিল।
মানৱতা আজি ক’ত হেৰাল ?
জীৱন আছনে জীৱন হৈ ?
সংগোপনে কেতিয়াৱা তোৰ সৈতে কটোৱা মোৰ উজাগৰি নিশা।
কবিতাৰে সংপৃক্ত পাতত লিখিব
খোজা মোৰ অতীত, বৰ্তমান আৰু ভৱিষ্যৎ গাঠাঁ।
জীৱন আজিওঁ উন্মুক্ত হ’ব নোৱাৰিলি মোৰ মনৰ পৰা।
জীৱন আছনে কুশলে ?
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment