নীলা খামৰ চিঠি
দীপ্তি ঠাকুৰ গোস্বামী
প্রিয়তম,
প্রিয়তম তুমি পাহৰি গ’লা নেকি নীলা খামৰ ভিতৰত থকা প্রেমপত্ৰখন লিখিবলৈ। যান্ত্রিক যুগৰ যান্ত্রিকতাই নিঃশেষ কৰিলে নেকি নীলা খামৰ চিঠিখনৰ মিঠা মিঠা ভাষাবোৰ ঝৰ্ণাৰ শব্দধ্বনি। নীলা খামৰ চিঠিখন মোৰ অনুভৱৰ দুৱাৰত এনে লাগে পাহাৰৰপৰা কুলু কুলুকৈ বৈ অহা ঝর্ণাৰ স্নিগ্ধ জোনাক নিশাৰ ৰূপোৱালী ৰহন আৰু এচাটি সুগন্ধি মলয়া।
বহুত দিন হ’ল সুন্দৰ ভাষাৰে কাব্যিক অলংকাৰেৰে সজ্জিত নীলা খামৰ চিঠিখন ডাকোৱালে দি যোৱা নাই। আজিও সজীৱ নীলা খামৰ চিঠিখন হাতত তুলি লোৱাৰ মধুৰ ক্ষণ। কৰবিজোপাৰ তলত বহি ৰজনিগন্ধাৰ সুবাসেৰে সুবাসিত হৈ থকা সেই ফুলনিখন আৰু দি গৈছিলমৰমৰ টোপোলা নঙলা খুলি। সেই ডাকোৱালজনে যিজনে পিঠিত মৰমৰ বোজা কঢ়িয়াই আনে। নীলা খামৰ পত্ৰখনৰ সুন্দৰ সুন্দৰ ভাষাবোৰ বৈ গৈছিল প্ৰেমৰ তৰঙ্গনীৰ সোঁতে সোঁতে। তাত আছিল মৰম, স্নেহ, শ্রদ্ধা, ভক্তিৰ এক পবিত্ৰ ভাবধাৰা আৰু সাহিত্যৰ মেটমৰা ভঁৰাল। কবিতাৰ ছন্দৰে লিখা প্ৰেমৰ ভাষাবোৰ কিমান মিঠা; যেন জীৱনৰ মাদকতাবোৰ কবিতাৰ ছন্দৰ মাজতেই বিলীন হৈ থাকে। প্ৰেমৰ চিঠিখনৰ মাজতেই বৈ থাকে বিশ্বাসৰ নদীখন স্বর্ণাভ ক্ষণৰ সোণালী মুহূৰ্তৰ অপেক্ষাত। ইজনে সিজনক হাতত হাত ধৰি আগবাঢ়ি যায় কান্ধত দায়িত্বৰ গধুৰ বোজা কঢ়িয়াই কঢ়িয়াই তাতেই নিহিত হৈ থাকে সোণৰ সংসাৰখনৰ অন্তর্নিহিত হৃদয়ৰ ভাষাবোৰ। ওৰেটো জীবন বুকুৰ মৰমবোৰে গতি কৰে জীৱনৰ অকোৱা-পকোৱা পথেৰে কঠিন বাস্তৱৰ মাজেৰে তথাপিও চকুলোৰ ভাষাবোৰে মিঠা মিঠা সুৰ হৈ সংগীতৰ লহৰ তোলে। কিমান মিঠা মিঠা ভাষাৰ শব্দধ্বনিয়ে ঝংকাৰ তুলিছিল হৃদয়ত। এছাটি প্ৰেমৰ মলয়া হৈ আজি যেন বুজিও নুবুজা সেই ভালপোৱাৰ আৰু বিশ্বাসৰ নদীত বৈ থাকে এখন সংসাৰ গঢ়াৰ ছবি; য’ত থাকে অজস্ৰ দুখ, বেজাৰ, অভাৱ, অনাটনৰ মাজতো শান্তিৰ বন্যা।
আজি ডাকোৱাল হেৰাই গ’ল। নীলা খামৰ চিঠিখনো নহা হ’ল। তথাপি কিয় জানো বিচাৰি ফুৰোঁ সেই অতীতৰ সেণালী আখৰৰ নীলা খামটো।
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment