প্ৰয়োজন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 5, 2025

প্ৰয়োজন

 

প্ৰয়োজন


                       ৰফিকুল ইছলাম

               ভোজখোৱা, তেজপুৰ


কিহৰ নাই প্ৰয়োজন 

একোটা একোটাৰ অবিহনে 

মাথোঁ হৈ পৰে আধৰুৱা।

ৰ’দ, বৰষুণ 

পানী, বতাহৰ উপৰিও 

গছ গছনি সকলো প্ৰয়োজন।

প্ৰকৃতিৰ মনোমোহা ৰূপৰ ৰূপ 

কেতিয়াবা বতাহ 

কেতিয়াবা বৰষুণ 

কেতিয়াবা ৰ’দ 

আকৌ কেতিয়াবা পানী।

ৰ’দ আছে বাবেই পৃথিৱী

বৰষুণ ভালপোৱা আছে 

বতাহ ভালপোৱা আছে।

খৰাং বতৰৰ বাবে 

কিয় খং ইমান।

সময়ৰ লগে লগে 

বতৰৰ পৰিৱৰ্তন ঘটে 

এয়া হৈছে 

প্ৰকৃতিৰ ৰূপৰ ৰূপ 

আছে গুণৰ গুণ।

কিহৰ নাই প্ৰয়োজন 

আছে সকলো প্ৰয়োজন।


Doksiri দকচিৰি, জুলাই, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages