হে কলাগুৰু
শিল্পী দাস
হোজাই
হে কলাগুৰু...
বিপ্লৱী শিল্পী অমৰ চিৰ যুগমীয়া,
গীতিকাৰ নটৰাজ সাহিত্যিক অভিনেতা
অপাৰ তোমাৰ সৃষ্টিৰ মহিমা।
গীতৰ জাগ্ৰত সুৰৰ সুগন্ধি
বিয়পিছে আত্মাৰ অন্তৰে অন্তৰে,
অগণন পুষ্প চৰণে নমঃ
হিয়াৰ শ্ৰদ্ধা মনে-প্ৰাণে।
ইতিহাস বুৰঞ্জী তোমাৰ নামতে
বাঁহীৰ যাদু ওঁঠৰ ফাঁকতে,
পাহাৰ-ভৈয়াম নৈ-পানী
লিখিছা কিমান যে গীত কাহিনী।
জনতাৰ জনপ্ৰিয় হৈ
আজিও জিলিকি আছা যশ-খ্যাতিৰে,
সুৰীয়া সুৰেৰে আলোকৰ যাত্ৰা
বাজে অসমবাসীৰ হিয়াত গৰ্বৰে।
হে কলাগুৰু...
মহাবীৰ বিষ্ণুপ্ৰসাদ ৰাভা,
ধন্য মই অসমীয়া
আছে এই দেশত তোমাৰ প্ৰতিভা।
Doksiri দকচিৰি, জুলাই, ২০২৫

No comments:
Post a Comment