কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
উৰিশ্মা নাথ
গৰুখুটি, দৰং
বড়ো-কছাৰী বংশত জন্ম যদিও উপাধি তেওঁৰ ৰাভা,
জনতাৰ শিল্পী তেওঁৱেই হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা।
হালোৱা-হজুৱা,খাটি খোৱা বনুৱাৰ মাজত,
বিলাই দিলে শোষণ-বঞ্চনাৰ আভা।
চিফুং বাঁহীৰ সুৰ সমলয়ত যদিও লালিত-পালিত,
শংকৰী কলা-কৃষ্টিৰ প্ৰতি আছিল আজন্ম আসক্ত।
কঁকালত লোহাৰ শিকলি পিন্ধি অন্ধকাৰ কাৰাগাৰত,
ধৰণীত মুক্তিময়ীৰ জ্যোতিৰ সন্ধান কৰিলে,
সুন্দৰৰ এচেৰেঙা পোহৰত।
অসমবাসীৰ কলিজাৰ এফাল বিষ্ণু ৰাভা,
জনতাৰ দুখ-দুৰ্দশা উপলব্ধি কৰি,
মুক্তিৰ বাবে জগাই তুলিলে বিপ্লৱী সত্তা।
সৰ্বাঙ্গীন উন্নতি,সহস্ৰ সংগ্ৰামৰ ৰণশিঙা বজায়,
তেজৰ বোলেৰে লিখিলে সোণালী ইতিহাস।
সুন্দৰ সাধনাৰ সংস্কৃতিৰ পূজাৰী,
আৱেগৰ ভাষাত লিখিলে জনতাৰ মুক্তিৰ অমিয়া বাণী।
বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি,
সাৰে আছোঁ আমি সাৰে আছে প্ৰীতি।
পৰজনমৰ শুভ লগনত তেওঁৰ হিয়াৰ অপূৰ্ণ আশা,
কবিতাৰে কৃষক বনুৱাৰ জীৱনলৈ
কঢ়িয়াই আনিলে মনৰ বতৰা।
চৌষষ্ঠি কলাৰ নটৰাজ নৃত্য কৰি সকলোকে মোহিলে।
সুৰৰ দেউলৰ শিকলিৰ বান্ধোন ছিঙি,
জীৱনৰ আকাশত সাতোৰঙী ইন্দ্ৰধনু গঢ়িলে।
বিদেশী বনিকক সকিয়াই দিলে,
নচলিব লুণ্ঠন ৰাজ।
তোমাৰ বিপ্লৱত ফুটি উঠে,
নিস্পেষিত নিৰ্যাতিত জনতাৰ কৰুণ আৰ্তনাদ।
অসমীয়াৰ তেজৰ প্ৰতিটো কণিকাত,
বিচাৰি পাওঁ তোমাৰ চিনাকি গোন্ধ।
আজিও বিচাৰি ফুৰোঁ প্ৰতিটো শব্দত,
তোমাৰ কবিতাৰ ছন্দ।
মহান শিল্পী তুমি “কমৰেড” বিষ্ণুপ্ৰসাদ ৰাভা,
সাহিত্যিক নাট্যকাৰ তুমিয়েই মুক্তি যুদ্ধা।
“বাঁহী”, “আৱাহন”ত আছিল তোমাৰ অনবদ্য অৱদান,
শিল্পী তুমি চিৰ জোতিষ্মান।
হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বেপল্লী ৰাধাকৃষ্ণণ যাৰ নাম,
তেওঁৱেই কৰিলে তোমাক “কলাগুৰু" উপাধি প্ৰদান।
“সৈনিক শিল্পী” নামেৰেও আছিল তোমাৰ এটা সুনাম,
তোমাৰ ভাষণ বক্তৃতাই অসমবাসীৰ চুই গ'ল পৰাণ।
অসম মাতৃৰ সুযোগ্য সন্তান তুমি "বিষ্ণু ৰাভা"।
দিগ্বিজয়ী ন-জোৱানৰ মাজত বোৱালা আন্দোলনৰ বৰষা।
তুমিয়েই কৈ গ'লা আমাক অসমতেই ভগনীয়া হোৱা,
প্ৰকৃত অসমীয়াৰ কথা।
লিখি কাহানিও শেষ কৰিব নোৱাৰা
তোমাৰ সৃষ্টিৰাজিৰ কথা,
যিমান লিখিলেও সিমান ৰৈহে যায়।
তুমি গুৰু কলাগুৰু কেনেকৈ পাহৰো,
বিশ জুনৰ দিনটোতে সমগ্ৰ অসমবাসীয়ে
তোমাক সহস্ৰ প্ৰনাম কৰোঁ।
Doksiri দকচিৰি, জুলাই, ২০২৫

No comments:
Post a Comment