ৰক্তচিহ্ন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 5, 2025

ৰক্তচিহ্ন

 

ৰক্তচিহ্ন


                       অবিনাশ বাস্তৱ 


সূৰ্যাস্তৰ পিছৰছোৱাৰ কাহিনী –

ৰাতি দুপৰলৈকে দুৱাৰখন খুলি থওঁ 

মোৰ নগ্ন শৰীৰৰ দৰ-দামৰ অপেক্ষাত।

পৃথিৱীখনৰ হেলনীয়া অংশৰ পৰা আৰম্ভ হয় 

জিভাখনৰ আদেশত পুৰুষৰ দীঘলীয়া শাৰী।

স্কুল-কলেজ, অফিচ, কাচাৰি, চেম্বাৰাদিৰ 

গৌৰৱময় দীঘলীয়া দিনবোৰৰ বুকুত,

চুটি হৈ পৰে ৰাতিবোৰ।

উৰে ৰাতি বিষ্ঠা চেলেকি –

খুলি পেলাই সভ্যতাৰ সতামপুৰুষীয়া পোচাক।


চহৰত ভ্ৰমি ফুৰে কত শিয়াল 

সূৰ্যাস্তৰ পিছত শগুণ এটা হৈ 

চুহি চুহি খাই মোৰ ৰঙা তেজ,

নিৰৱে বোৱাই বিষাদৰ বেজ, 

ভক্ষণ কৰে মানুহৰ মঙহ,

ৰক্তেৰে চেচেলি চেচেলি আঁকি থৈ যায় 

কলিজাৰ সিপাৰে এটি ৰক্তচিহ্ন।

মোৰ চকুত চকু পৰিলেই 

হাজাৰজন যৌৱনাক্ৰান্তৰ যৌৱনৰ কামনা।

মাতাল ৰাতি উত্তাল মোৰ দেহ,

ৰঙা শাৰীখন বুকুত মেৰিয়াই 

হৈ পৰো মই –

কত মুখা পিন্ধা প্ৰেমিকৰ মাতাল প্ৰেমিকা।

মাতাল ৰাতি সকলো হৈ পৰে 

সংগ্ৰামে বাট হেৰুওৱা গাভৰুজনীৰ 

ফুলশৰ্য্যাৰ প্ৰেমিক।


Doksiri দকচিৰি, জুলাই, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages