বীৰত্ব
মফিজুদ্দিন চৌধুৰী
নগাঁও
পিছমুৱাকৈ একান্ত মনেৰে কাঁহী-বাটি মাজি আছে নতুন বোৱাৰীজনীয়ে। ব্লাউজৰ তলেদি ধকধকীয়া বগা পিঠিখনত মাৰ খাই ক'লা পৰি যোৱা চিনবোৰ ওলাই আছে।
ননদেকজনীৰ তাত চকু পৰাত ওচৰলৈ চাপি গ’ল। পিচ ফালৰ পৰা আলফুলকৈ বৌৱেকক সাৱটি ধৰি ক'লে—
“আই ঐ মোৰ বৌজনী! আমাৰ বনৰীয়া ককাইটোৱে তোমাক আকৌ মাৰিলে ন? ইচ্, পিঠি ফাটি তেজ ওলাই ক'লা পৰি গৈছে।”
“হৈছে দিয়া, তুমি আৰু নিমখ ছটিয়াব নালাগে।”
বৌৱেক ফেঁকুৰি উঠিল, “মাৰিছে তো মাৰিছে, জহৰাটোৱে মোক গোটেই ৰাতিখন আঠু কঢ়াইও থৈছে।”
“এই চুপ, চুপ! শুনিব লাগিলে আকৌ দিব…” ননদেকে তৎক্ষণাত বৌৱেকৰ মুখত সোপা মাৰি ধৰি ইফালে সিফালে চাবলৈ ধৰিলে। ভাগ্যে বীৰ পুৰুষজন তেতিয়া ঘৰত নাই।
এয়া এটা যুগৰ কাহিনী যদিও সেই নিষ্ঠুৰতা এতিয়াও শেষ হৈ গ’ল বুলি ডাঠি কব নোৱাৰি।
বোৱাৰী জনী নিৰক্ষৰ যদিও দেখাত গাঁওখনৰ ভিতৰতে ধুনীয়া। এই ৰূপৰ মোহতেই চগা হৈ পৰিল সেই তথাকথিত শিক্ষিত প্ৰেমীকজন।
পৰিয়ালৰ সকলোৱে বুজনি দি কৈছিল— “তই লিখা-পঢ়া জনা ল’ৰা হৈ এই মূৰ্খজনীৰ লগত কেনেকৈ সংসাৰ কৰিবি। তই কবি এটা, তাই কৰিব এটা। সংসাৰত কত শিক্ষিত ধুনীয়া ধুনীয়া ছোৱালী আছে, তাৰেই এজনী আনি ল। এই জনীক বাদ দে।”
নাই, সি নামানে। তাক এইজনী ছোৱালীৱেই লাগে। প্ৰয়োজন হ’লে সকলো শিকাই বুজাই ল’ব।
পৰিণতি কি হ’ল? বিয়াৰ দুদিনো ভালকৈ নগ’ল, আজি এই গতি। বাকীছোৱা জীৱন কেনেকৈ পাৰ হব? তাতে সি কুৎসিত পৰম্পৰাৰে আক্ৰান্ত পুৰুষতান্ত্ৰিক সমাজৰ এক দুৰ্বল পুৰুষ।
শিক্ষিত হ’লে কি হ’ব, তাৰ ভিতৰৰ বশ নমনা পশুটো আৰু তাৰ মিজাজটোতো সদায় লগতে থাকিব!
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment