জীৱনৰ আঁৰৰ জীৱন
শৰৎ হাজৰিকা
ৰঙাগড়া ঘাট, গোলাঘাট
: বুজিছে বৰুৱা ৰাতি সি অকলে অকলে কান্দে। সি তাৰ পৰিবাৰ আৰু মাকৰ আঁৰ চকুত কান্দে। কাৰণ সংসাৰ এখনৰ চিন্তাৰ পোকবোৰে মগজুটোক কীটিক কীটিককৈ কামোৰে। ইফালে দিনটো Computerত নিবদ্ধ চকুৰ ৰেটিনা পোৰে আৰু সি টোপনিহীনতাত ভোগে।
অহ বৰুৱা ! অহৰহ সি Computer centreত কাম কৰি মানসিকভাৱে অতিশয় ভাগৰুৱা হৈ পৰে। এই ভাগৰ তাৰ শাৰিৰীক নহয়। মানসিক ভাগৰ। শাৰীৰিক ভাগৰ হোৱা হ’লে অন্তত সি মিঠা টোপনি এটা মাৰিব পাৰিলে হয়। আৰু স্বাস্থ্যটোলৈ ৰোগৰ আগমন নঘটিলে হয়। এই কথাবোৰ সি ঘৰত ক’ব নোৱাৰে। কাৰণ তাৰ মাকে তাৰ ওচৰ চুবুৰীয়াক হেনো কয়- তাইৰ ল’ৰাই এদিন এই দৈন্যতাক জয় কৰিব আৰু এমুঠি ভালকৈ খুৱাব। চোৱাচিতা কৰিব।
: কওকচোন বৰুৱা এতিয়া সি কি সতে কয় যে সি এতিয়া ৰোগৰ ওচৰত নতি স্বীকাৰ কৰিছে। যাৰ হাতত
শকত কড়ি নাই।
পানীকেঁচুৱাতে পিতৃহাৰা হোৱা এই মহেন্দ্ৰৰ চলচলীয়া চকু হাললৈ চাই সেইদিনা হাইদৰৰো বুকুখনে কান্দি উঠিছিল। আৰু আজি মহেন্দ্ৰৰ নিচিনা চফল ডেকা এটাৰ ডাৱৰ ক’লা গধুৰ দুখবোৰ জানিব পাৰি বৰুৱাৰো বুকুখন বেজবেজাই উঠিল।
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment