জনতাৰ শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা
প্ৰৱীণ ৰাজবংশী
জাজৰি, মৰিগাঁও
তুমি জনতাৰ শিল্পী
বিষ্ণু প্ৰসাদ ৰাভা বহু যুগৰে,
এগৰাকী শিল্পীৰ বাবে
মঞ্চখন হৈছে উপাসনাস্থলী
শ্ৰোতা-দৰ্শক হৈছে ভগৱান
তুমি শিল্পী বহু যুগৰে আপোন।
তুমি জনতাৰ শিল্পী তুমি মহান
শিল্পী তোমাৰ অভিনয়ে
হওঁক বা সংগীতে হওঁক,
প্ৰতিখন মঞ্চতে আমি
নিজকে ভগৱানৰ চৰণত
উৎসৰ্গিত কৰোঁ
তুমি শিল্পী বহু যুগৰে।
প্ৰণামো তোমাক
তুমি যে মহান বহু যুগৰে
নেদেখা জনৰ ওচৰত
শতকোটি বাৰ প্ৰাৰ্থনা কৰিছোঁ,
তোমাৰ নিজৰ প্ৰাপ্য
সন্মানখিনি লাভ কৰা
শিল্পী তুমি বহু যুগৰে।
হে শিল্পী তুমি
এখন সুস্থ সমাজৰ
সঁচা মানৱতাৰ নিভাঁজ
নাগৰিক হিচাপে নিজৰ সংস্কৃতিক
আগুৱাই লৈ যোৱাতো
সত্য পথেৰে আগবাঢ়ি যোৱা
তাকেই কামনা কৰিছোঁ,
শিল্পী তুমি বহু যুগৰে আপোন
Doksiri দকচিৰি, জুলাই, ২০২৫

No comments:
Post a Comment