ভাৰ্চুৱেল জগত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 5, 2025

ভাৰ্চুৱেল জগত

 

ভাৰ্চুৱেল জগত


                             ৰিজু মণি বৰা

                                      নগাঁও


চন পৰা পথাৰৰ দুখ নৰায়ে জানো বুজে

বাৰিষাৰ বৰষুণেহে  মৰম সানে,


বুকুত গজা সেউজীয়া অৰণ্যখন

ব্যস্ততাৰ ভৰত

সোণাৰুফুলীয়া বৰণ পিন্ধে

কুন্দত কটা সময়বোৰো

আঙুলিৰ ফাঁকেৰে সৰে

লগতে সৰি পৰে বেলিফুলৰ পাহিবোৰ


আকাশখন বিশাল

মানুহৰ মনো বিশাল

বিশাল হ'ব ধৰিছে এতিয়া

মানুহে পিন্ধি থকা মুখাবোৰ


মুখাবোৰে আশ্ৰয় লয় হৃদয়ত

আৰু

ভাৰ্চুৱেল জগতত,

আন্তৰিকতাবোৰ

সুহুৰি হৈ ওলমি ৰয় বতাহত


প্ৰতিশ্ৰুতিৰ মুদ্ৰা হাতৰ মুঠিৰ খেল

প্ৰেম ভালপোৱা ইমজিতে আবদ্ধ

সকলো যে এতিয়া 

ভাৰ্চুৱেল জগতত ব্যস্ত


ভাৰ্চুৱেল জগতখন

আৰু মুখাবোৰৰ বাহিৰে

কুঁৱলীয়ে সকলোবোৰ ঢাকি ৰাখে!


Doksiri দকচিৰি, জুলাই, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages