অস্তিত্ব
গজেন চন্দ্ৰ নৰহ
মাজুলী
দূৰণিৰ সীমনা দেখি
হেজাৰ বাধাকো নেওচি
সম্বন্ধৰ এনাজৰী বন্ধাৰ মানসেৰে
আগোৱাও অচিন পথে।
হয়তো নিবিচাৰোঁ কাহানিও
শাৰীৰিক সম্পৰ্ক
মাত্ৰ বিচাৰো
হৃদয় থাপনাত
প্ৰতিচ্ছবিৰ অৱস্থিতি
চিৰ যুগমীয়াকৈ
কল্পনাৰ ৰঙীন পৃথিৱীত।
সময়বোৰ দিবা স্বপ্নত আত্মবিভোৰিত,
তথাপিও জীয়াই আছোঁ
এনেদৰেই
কল্পনাৰ কাৰেংখনিলৈ
পৃথিৱীৰ পৰা মনলৈ
মনৰ পৰা ভাৱনালৈ
নিৰৱধি কোনেও নজনাকৈ।
Doksiri দকচিৰি, জুলাই, ২০২৫

No comments:
Post a Comment