পিৰিতি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 5, 2025

পিৰিতি

 

পিৰিতি


                  আব্দুৰ ৰহমান প্ৰামাণিক

                   কুর্শাকাটি, কোকৰাঝাৰ


প্ৰেমত দাহ্য হৃদয় মোৰ অবাধ্য সদায়, 

নোপোৱাৰ ক্ষোভ নাই তোমাৰেই গুণ গায়।

বেদনাৰ উল্কাই ভুমুকি মাৰে মোৰ জীৱন পথত,

সোণৰ যৌৱন মাটি কৰিলোঁ তোমাৰ বিৰহত!


তুমি বিনে মই নাই কোনেও নুবুজে প্ৰিয়!

প্ৰাণহীন দেহ মন জীয়াই থাকিব কিয়?

শূণ্য নদীত বঠা ধৰি কেনেকৈ হওঁ পাৰ,

সযত্নে ৰখা প্ৰেম অমৰ দুই পাৰ!


নিয়তিৰ মায়াজাল সমাজৰ অভিশাপ,

পৱিত্ৰ বন্ধনত মামৰ লগাই ভেদভাৱ।

ভাল পাওঁ তোমাক প্ৰিয় বিধাতাই জানে, 

যিমান খিনি প্ৰেম বিধাতাৰ আছে  মনে।


বামুণ বুলি চন্দ্ৰ খেদি জীবনৰ অঙ্কৰ নাই চাবি,

শেষ বিচাৰত বিধিৰ দুৱাৰত তোমাৰেই দাবী। 

শয়নে-সপোনত জীৱন ও মৰণত 

মোৰ প্ৰেম প্ৰিয় তোমাৰেই চৰণত!


Doksiri দকচিৰি, জুলাই, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages