আই এ এছ নিৰ্মাণৰ সপোন
ৰবীন কুলি
(ক)
অসমৰ প্ৰচলিত শিক্ষাৰ পৰিৱেশৰ প্ৰতি অতি সাধাৰণভাবে সচেতন যিকোনো লোকেই সহজে উপলব্ধি কৰিব পাৰে যে অসমত স্কুলৰ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলৰ বিষয়ত যিমান চৰ্চা হয় সিমানো চৰ্চা নহয় ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ বিষয়ে। এই কথা বহলাই নক’লেও হ’ব যে স্কুলৰ শ্ৰেণী পৰীক্ষাৰ প্ৰতি সচেতন হোৱাটো বেয়া কথা হ’ব নোৱাৰে। কিন্তু স্কুলৰ পৰীক্ষাই একমাত্ৰ লক্ষ্য হোৱাটো বেয়া কথাই নহয় অভিভাৱকে সন্তানৰ আৰু শিক্ষকে শিক্ষাৰ্থীৰ ভৱিষ্যত নষ্ট কৰা ধৰণৰ কথা। অৱশ্যে কথাষাৰ অতিৰঞ্জিত কৰি কোৱা যেন লাগিব পাৰে কাৰণ বিহংগম দৃষ্টিৰে চালে হ্ৰস্বকালৰ লক্ষ্য শ্ৰেণীৰ পৰীক্ষা হ’লেহে দীৰ্ঘকালত শিক্ষাৰ্থীয়ে শৈক্ষিক প্ৰগতি লাভ কৰিব পাৰিব। বিসংগতিতো তাতেই। অৰ্থাৎ আমাৰ অধিকাংশ অভিভাৱকৰ এল কেজি, ইউ কেজিৰ পৰা মেট্ৰিককুলেচনৰ ডেউনা পাৰ হোৱালৈকে অথবা খুব বেছি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষালৈহে সন্তানৰ পঢ়াৰ প্ৰতি সচেতন। শিক্ষাৰ্থী তথৈবচ। তাকো পৰীক্ষাত ভাল ফলাফল কৰাতহে। এনে লক্ষ্য নিৰ্ধাৰণে কেনেকৈ সম্ভাৱ্য মানৱ সম্পদক এক প্ৰকাৰ বিপদলৈ ৰূপান্তৰ কৰে সেই কথা সহজ সৰলকৈ নিজে পোৱা অভিজ্ঞতাৰে বহলাই কোৱা বেয়া নহ’ব কিজানি।
শিক্ষকতাৰ আৰম্ভণি বৰ্ষৰ দ্বিতীয় সাময়িক মূল্যায়নৰ ফলাফল দিয়াৰ পিছদিনাখন খঙত ৰুদ্ৰ মূৰ্তি ধাৰণ কৰি এজন অভিভাৱক অধ্যক্ষৰ অফিচলৈ আহিল – বোলে অমুক ছাৰে মোৰ সন্তানক অমুক বিষয়ত এক নম্বৰ কম দিছে ! প্ৰথমে ভাবিলোঁ গণনাত ভুল কৰিলোঁ। কিন্তু নহয়, পাঁচ নম্বৰৰ প্ৰশ্ন এটাৰ উত্তৰ চাৰি নম্বৰ দিয়াতহে আপত্তি! অৱশ্যে মই কিয় পাঁচৰ ঠাইত চাৰি দিছোঁ সেয়া কাষতে লিখা আছে। (পৰাপক্ষত উত্তৰ বহীবোৰত কাৰ কি ভুল হৈছে দেখুৱাই দিওঁ। নিজৰো সুবিধা হয়। সদায় প্ৰতিজন ছাত্ৰৰ ক্ষেত্ৰত অৱশ্যে সম্ভৱ নহয়) তথাপিও আকৌ এবাৰ চালোঁ। নাই মোৰ বিবেকে আৰু জ্ঞানে যিমান দূৰ ঢুকি পাইছে মোৰ ভুল নাই হোৱা। তেওঁক তাকে কোৱাত তেওঁ চিঞৰিবলৈ আৰম্ভ কৰিলে– ‘I’m also a teacher, rather principal of a school.’ মই তেতিয়া এক ছেকেণ্ড সময় অপব্যয় নকৰি ক’লো – ‘আপুনি যদি শিক্ষক হয় তেন্তে ৪ ৰ ঠাইত ৫ কিয় ১০ দিম।’ আৰু দিলোঁ। তেওঁ জয়ী হ’ল! এক নম্বৰৰ বাবে থাকি যোৱা প্ৰত্যাখিত ৰেংক তেওঁৰ সন্তানে পালে। তেওঁ মই প্ৰশ্নোত্তৰ লিখি নিদিয়াৰ বাবে মোৰ ওপৰত কমপ্লেইন কৰিব বুলি জনোৱাৰ ওপৰিও এই কথাও জনালে যে মোক লৈ ইতিমধ্যে বহুত অভিযোগ আছে।
অৱশ্যে মোৰ বিপক্ষে যে ইতিমধ্যে কেইবাখনো অভিযোগ পত্ৰ দাখিল কৰা হৈছে সেই কথা মোৰ জ্ঞাত আছিল। সেই প্ৰসংগত ছাত্ৰ-ছাত্ৰীক বুজাইছিলোঁ যে মই যিদিনাখনলৈকে শিক্ষক হৈ থাকিম সেইদিনালৈকৈ ছাত্ৰ-ছাত্ৰীক অন্যায় কৰিব নোৱাৰোঁ। আৰু মই অন্তঃকৰণেৰে উপলব্ধি কৰোঁ – ছাত্ৰ-ছাত্ৰীক সকলো প্ৰয়োজনীয় প্ৰশ্নৰ উত্তৰ লিখি দিয়াটো বা উত্তৰ যোগান ধৰাটো সিহঁতৰ প্ৰতি কৰা অন্যতম ডাঙৰ অপৰাধ-অন্যায়। সেয়া শিক্ষকে কৰক অথবা অভিভাৱকে। তাৰ মানে এইয়া নহয় যে মই একেবাৰে উত্তৰ লিখি নিদো, দিওঁ কিন্তু খুব সম্ভৱ পাঠৰ সম্ভাৱ্য প্ৰশ্নৰ ১ বা ২ শতাংশৰহে উত্তৰ লিখি দিওঁ; তাকো উত্তৰ লিখাৰ কৌশল শিকাবলৈহে। উত্তৰ লিখি যোগান দিয়াতকৈ প্ৰশ্নোত্তৰ লিখিব পৰা সক্ষম কৰাটোহে শিক্ষকৰ ধৰ্ম বুলি মই অনুধাৱন কৰোঁ। এ আই, নোট অথবা আন শিক্ষকে লিখি দিয়া উত্তৰলৈ মই চকু নিদো।
কাৰণ শিক্ষকতাৰ খুব কম দিনৰ ভিতৰতে এই কথা হৃদয়ংগম কৰিব পাৰিছিলোঁ যে বেছিভাগ শিক্ষাৰ্থীয়ে আচলতে নতুনকৈ বৰ বিশেষ একো নিশিকাকৈ এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ উত্তীৰ্ণ হয় । স্কুললৈ যায় – স্কুলত শিক্ষকে প্ৰশ্নোত্তৰ লিখি দিয়ে অথবা ইতিমধ্যে লিখি দিয়া প্ৰশ্নোত্তৰ পঢ়ে। ঘৰলৈ আহি তাকেই পঢ়ে। আকৌ টিউচনতো একেটা প্ৰশ্নোত্তৰেই পঢ়ে। পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰস্তুত কৰে সেই নিৰ্দিষ্ট বিষয় শিক্ষক তথা টিউচন শিক্ষকজনেই পৰীক্ষাৰ বহীয়ো মূল্যায়ন কৰে একেজন শিক্ষকেই। আৰু বাকীখিনি বহলাই নকয় এইখিনি ক’লেই হ’ব যে এই পদ্ধতিৰ দ্বাৰা তিনিকুল নিচিন্ত হৈ থাকিব পাৰে। ফলাফল দেখি শিক্ষাৰ্থী-অভিভাৱক-শিক্ষক তিনিয়ো ভাবে পঢ়া-শুনা ঠিকেই চলি আছে। কিন্তু প্ৰকৃতে এই পদ্ধতিৰ পাক চক্ৰত পেলায়েই নষ্ট কৰা হয় অলেখ প্ৰতিভাৰ।
(খ)
কেন্দ্ৰীয় লোকসেৱা আয়োগৰ চি এছ ই পৰীক্ষা (Civil Services Examination) মুঠেই সহজ নহয়। এই পৰীক্ষাত উত্তীৰ্ণ হাৰ প্ৰায় ১% তকৈয়ো কম। ২০২৪ ত এই হাৰ ০.২%। ২০২৪ ৰ চি এছ ই ৰ বাবে প্ৰায় ১৩.৪ লাখ পৰীক্ষাৰ্থীয়ে আবেদন কৰিছিল। ইয়াৰে ১৪,৬২৭ জন প্ৰাৰ্থীয়ে দ্বিতীয় পৰ্যায়লৈ পাবলৈ সক্ষম হৈছিল। আৰু ২,৮৪৫ জন প্ৰাৰ্থী ব্যক্তিত্ব পৰীক্ষা বা সাক্ষাৎকাৰলৈ উপনিত হৈছিল। ইয়াৰে ১০০৯ জনহে শিখৰত উপনীত হোৱাৰ (অসমৰ পৰা এইবাৰ কেৱল দুগৰাকীহে উত্তীৰ্ণ হৈছে, তাৰে এজনে পূৰ্বে উৰ্ত্তীণ হোৱা আৰু বৰ্তমান কৰ্মৰত) বিপৰীতে ১৮০ জনক আই এ এছৰ বাবে অনুমোদন জনোৱা হৈছে। “আই এ এছ বিষয়া হোৱাৰ পথটো কঠোৰ প্ৰত্যাহ্বানৰে ভৰা। এই যাত্ৰাত প্রার্থীসকলে কঠিন মানসিক পৰীক্ষা আৰু আৱেগিক বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়। তৃতীয় প্ৰচেষ্টাত সাক্ষাৎকাৰৰ পৰ্যায়ত উপনীত হোৱা সত্ত্বেও চতুর্থ আৰু পঞ্চম প্ৰচেষ্টাত প্ৰাৰম্ভিক পৰীক্ষাত সফলতা লাভ কৰিব নোৱৰাৰ বাবে হতাশাত ডুব যোৱা মিন্নুলৈ চাওক (পিতৃহাৰা তথা কম বয়সতে বিয়া হোৱা মিন্নু পি এম, আই এ এছ ২০২১, লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰস্তুতিকালত দুবছৰীয়া সন্তানৰ দায়িত্ব, ঘৰৰ কাম কাজ আৰু এটা কষ্টকৰ ‘আৰক্ষী বিভাগৰ নিম্নবৰ্গৰ কেৰাণী’ চাকৰিৰ ভাৰসাম্য ৰক্ষা কৰি চলিবলগীয়া হৈছিল।) সম্পূর্ণৰূপে প্রস্তুত হ’ব নোৱাৰাৰ আশংকাত মূল পৰীক্ষাৰ মাত্ৰ কেইদিনমান আগতে সত্যম (সত্যম গান্ধী, আই এ এছ -২০২২ - তেওঁ আই আই টি - জে ই ই ত ব্যৰ্থ হোৱাৰ লগতে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ পৰা প্ৰত্যাখ্যানৰ সন্মুখিন হৈছিল।) মানসিকভাৱে ভাঙি পৰিছিল। দ্বিতীয়বাৰ প্ৰচেষ্টা চলোৱাৰ সময়ত প্ৰাৰম্ভিক পৰীক্ষাৰ পাছত আৰু সাক্ষাৎকাৰৰ পৰৱৰ্তী সময়ত শ্রুতিয়ে (শ্ৰুতি শৰ্মা, আই এ এছ -২০২১) কান্দিবলগীয়া হৈছিল। প্রথম প্রচেষ্টাত ২২৫ সংখ্যক স্থান দখল কৰাৰ পাছতো দ্বিতীয়টো প্ৰচেষ্টাত প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱৰাৰ ফলত ওৱাছিমে (ওৱাছিম আহমেদ - আই এ এছ ২০২২) এক নেতিবাচক পৰিস্থিতিৰ সন্মুখীন হ’বলগা হৈছিল।
বাহ্যিক চাপে প্রায়েই আভ্যন্তৰীণ সংঘাত অধিক তীব্ৰতৰ কৰি তোলে। শিক্ষকৰ উপহাস, আত্মীয়ৰ বিদ্রূপ আৰু সমাজখনে প্রদৰ্শন কৰা সন্দেহৰ মনোভাবে আত্মবিশ্বাস ধ্বংস কৰিব পাৰে। তথাপি এইটো ঠিক যে এনেধৰণৰ মুহূৰ্তবোৰতেই ভৱিষ্যতৰ সফলতাৰ বীজ অংকুৰিত হয়। সত্যমে তেওঁৰ শিক্ষাগুৰুৰ পৰা ‘চোৱা, আজি আয়ুক্ত চাহাব ক্লাছলৈ আহিছে’ আৰু ‘আপুনি সাধাৰণ কথাবোৰেই নাজানে; কেনেকৈ আই এ এছ বিষয়া হোৱাৰ সপোন দেখিছে?’ আদি বিদ্রূপাত্মক কথা শুনিবলগা হৈছিল। মিন্নুক তেওঁৰ প্ৰচেষ্টাত ব্যর্থ হোৱাৰ পাছত সহকর্মীসকলে উপহাস কৰিছিল। এজন সম্পৰ্কীয় ভায়েকে ভৰতৰ (ভৰত সিংহ, আই এ এছ) মাকক ঠাট্টাৰ সূৰত কৈছিল, ‘তেওঁ ঘৰত বহি আছে কিয়? মোৰ সন্তানটোকে টিউচন কৰি কিছু টকা উপাৰ্জন কৰিবলৈ কওক।’ - ‘লক্ষ্য আই এ এছ’ - অনুবাদ প্ৰশান্ত কুমাৰ কলিতা। মূল গ্ৰন্থ- Scaling Mountain UPSC: Inspiring Stories of Young IAS Officers.
(গ)
এতিয়া এই কথা বহলাই নক’লেও নিশ্চয় হ’ব যে কেৱল স্কুলৰ শ্ৰেণী পৰীক্ষাৰ ফলাফলৰ নিগনিৰ দৌৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ শিকোৱা ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক-মানসিক-আৱেগিক শক্তি কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক পৰীক্ষাৰ দৰে পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ উচ্চাকাংক্ষা-সাহস-ধৈৰ্য নাথাকেগৈ। ভাবিলে আচৰিত লাগে আমাৰ একাংশ অতি উচ্চ শিক্ষিত অভিভাৱকেও আজিৰ তাৰিখতো বুজিবলৈ আগ্ৰহী নহয় যে স্কুলৰ শ্ৰেণীৰ পৰীক্ষা কিয় ব’ৰ্ডৰ পৰীক্ষাবোৰত পোৱা নম্বৰৰো বৰ বিশেষ মূল্য নাথাকে যদিহে শিক্ষাৰ্থীয়ে বিষয়বস্তুৰ অ, আ, ক, খ বুজি নলয়। কিমান মুখস্থ কৰিব, ভাটৌৰ দৰে কিমান দিন পঢ়িব; কল্পনা কৰকচোন, ক্লাছ ৱানৰ পৰা বুলি ধৰিলেও অতি বেছি... টুৱেলফলৈ! তাৰ পাছত! মেট্ৰিক-হায়াৰ চেকেণ্ডাৰী পৰীক্ষাৰ দৰে পৰীক্ষাৰ ফলাফলেও যে জীৱনৰ গতি-প্ৰকৃতি নিৰ্ধাৰণ নকৰে সেই কথাও বুজিব নোখোজে। অথচ তাৰ উদাহৰণ চৌদিশে বিদ্যমান। আমাৰ দেশৰ আটাইতকৈ জটিল পৰীক্ষা ৰূপে জনাজাত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসমাৰিক পৰীক্ষাত উত্তীৰ্ণ কেইজনমান আই এ এছ বিষয়াৰ কথাকে ধৰা যাওক - ২০১৫ ৰ আই এ এছ নিতিন চাংৱানে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৰাসায়ন বিজ্ঞানত ৭০ নম্বৰত লাভ কৰিছিল মাত্ৰ ২৪ নম্বৰ। যিটো উত্তীৰ্ণ হোৱাতকৈ ১ নম্বৰহে বেছি। ওচৰ-চুবুৰীয়া তথা বন্ধু বান্ধৱসকলে সন্তানক মাৰ্কৰ বাবে যোৰ দিয়া কাৰ্যক অসমৰ্থন কৰি তেওঁ নিজৰ মাৰ্কচিট সামাজিক মাধ্যমত নিজেই ছেইয়াৰ কৰি কৈছিল জীৱনটোৰ শিক্ষাৰ মূল উদ্দেশ্য নম্বৰ নহয়। ২০১২ ৰ আই এ এছ তুশাৰ ডি চুমেৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষা কাণে কাণ মাৰি উত্তীৰ্ণ হৈছিল। উল্লেখ্য যে তেওঁ ইংৰাজীত ৩৫% গণিত ৩৬% আৰু সাধাৰণ বিজ্ঞানত মাত্ৰ ৩৮% নম্বৰ লাভ কৰিছিল। আন এজন আই এ এছ ছাহিদ চৌধাৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫০০ নম্বৰত ৩৩৯ লাভ কৰিছিল। উল্লেখ্য সমাজ বিজ্ঞান আৰু গণিত বিষয়ত মাত্ৰ ৫৫% নম্বৰ লাভ কৰিছিল। আমাৰ অসমৰ নাৰায়ণ কোঁৱৰে (২০১০ চনত তেওঁ সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত ১১৯ নং স্থানত উত্তীৰ্ণ হৈছিল।) দ্বাদশ শ্ৰেণীত এবাৰ ফেইল কৰাৰ কথা নিজেই স্বীকাৰ কৰিছে সংবাদ মাধ্যমৰ আগত।
(ঘ)
শিক্ষকতাৰ আৰম্ভণি দিনৰপৰাই বুকুত কঢ়িয়াই লৈ ফুৰিছো আই এ এছ নিৰ্মাণৰ সপোন ! কিন্তু আমি আমাৰ ল'ৰা-ছোৱালীবোৰক যিবোৰ সপোনৰ পাছত দৌৰাই থাকোঁ তাৰ মাজতে হেৰুৱাই পেলাও অনেক আই এ এছ সম্ভাৱনাময় ছাত্ৰ-ছাত্ৰী! ওপৰতে উল্লেখ কৰি আহিছোঁ যে যি সময়ত ল’ৰা-ছোৱালীবোৰে ভাষা-সাহিত্য, অংক, বিজ্ঞানৰ প্ৰাথমিক কথাখিনি জানি-বুজি-শিকি আয়ত্ত কৰিব লাগে সেই সময়ত সিহঁতক নম্বৰৰ পিছে পিছে, শ্ৰেণীত এক নম্বৰ হোৱাৰ দৌৰত অৱতীৰ্ণ কৰাই তেওঁলোকক এক নকল জীৱন জীয়াবলৈ আমি শিকাওঁ। নকল জীৱনেৰেনো কিমান দূৰ সম্ভৱ আগুৱাই যোৱা, তেওঁ লাগিলে যিমানেই দক্ষ - প্ৰতিভাশালী নহওক। এই বিষয়ে ওপৰত কৈ আহিছোঁ যদি কথাখিনি আৰু অলপ বহলাই কোৱাৰ প্ৰয়োজন অনুভৱ কৰিছোঁ।
সাধাৰণতে ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অসৎ পন্থাৰে উত্তৰ লিখাটো নকল কৰা বুলি আমি কওঁ আৰু তাৰ বাবে সিহঁতকে প্রত্যক্ষভাৱে জগৰীয়া কৰোঁ। কিন্তু নকল কৰা প্ৰক্ৰিয়াত-অভিভাৱক, শিক্ষক, শিক্ষার্থী আনকি শিক্ষা মন্ত্রণালয়ো জড়িত। অভিভাৱকে সন্তানৰ শিক্ষা, সু-চৰিত্ৰ, সু-অভ্যাস গঢ়াৰ প্রতি প্রয়োজনীয় মনোযোগ নিদিয়াটো নকল কৰা। শিক্ষকে ভালকৈ শিক্ষা নিদিয়া, শিক্ষার্থীক শুনি-পঢ়ি-বুজি-ক’ব-লিখিব পৰা কৰি গঢ় দি নোতোলা, পৰিৱৰ্তনশীল পৃথিৱীৰ সৈতে খাপ খাব পৰাকৈ গঢ়ি নোতোলা, প্রতিযোগিতাৰ এই পৃথিৱীত শিক্ষার্থীক একো একোজন প্রতিযোগি হিচাপে গঢ় দিবলৈ অক্ষম হোৱাটো নকল। শিক্ষা মন্ত্রণালয় অথবা শিক্ষা প্রশাসনে উন্নত আন্তঃগাঁথনি, উন্নত পাঠ্যক্রম, উন্নত পদ্ধতিৰে শিক্ষা নিদিয়াটো নকল। ৮০% তকৈয়ো বেছি নম্বৰ পায় মেট্ৰিক অথবা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হৈয়ো সাধাৰণ কথা এটা অন্ততঃ নিজে অধ্যয়ন কৰা ভাষাৰ মাধ্যমত প্ৰকাশ কৰিব নোৱৰাতো, সাধাৰণ অংক এটা কৰিব নোৱৰাতো, বিজ্ঞান, সমাজ বিজ্ঞানৰ ধাৰণা বুজি নোপোৱাটো আজিৰ তাৰিখত অন্যতম সুলভ নকল।
আই পি এছ মনোজ কুমাৰ শৰ্মাৰ জীৱন সংগ্ৰামৰ আধাৰত নিৰ্মিত তথা সমগ্ৰ দেশতে বহুলভাৱে চৰ্চিত বোলছবি ‘12th Fail' ৰ নকল সম্পৰ্কীয় এটা ডায়লগে দেশৰ শিক্ষা ব্যৱস্থাৰ open secret কথাকেই তুলি ধৰিছে - “জনাই নাছিলোঁ নকল কৰা বেয়া। আমাৰ তাত শিক্ষকে নিজেই নকল কৰায়” বোলছবিখনৰ আন এটা ডায়লগৰ সাৰাংশ এনেধৰণৰঃ ‘নকল কৰিবলৈ এৰা সিমান সহজ হোৱা নাই! ১৯/২০ বছৰ প্ৰয়োজন হ’ল নকল কৰা যে বেয়া সেয়া বুজিবলৈ। আমাৰ অধ্যক্ষই কয়– নকল এক পৰম্পৰা! নকলৰ অবিহনে উৰ্ত্তীণ হোৱাই অসম্ভৱ! নকল অপৰিহাৰ্য - এনে এক ধাৰণাই দিয়া হয় - ছাত্ৰ -ছাত্ৰীক!’ কিন্তু আমি নকল কিয় কৰোঁ? সহজ উত্তৰ হ’ল - অভিভাৱকে আনক দেখুৱাব লাগে - মোৰ সন্তানে পৰীক্ষাত ভাল কৰিছে! এতেকে সন্তানে নকল কৰিলেও আপত্তি নাই! শিক্ষকে দেখুৱাব লাগে - আমাৰ বিদ্যালয়ৰ গুণাগুণ ভাল – এতেকে ছাত্ৰ-ছাত্ৰীৰ বাবে (?), বিদ্যালয়ৰ বাবে (?) নকল কৰিলেও নিজৰ মান সন্মান হানি নহয় ! আনে এষাৰ কিবা ক’লেই - শিক্ষকৰ মান সন্মান নাই নেকি বুলি গৰ্জি উঠাজন শিক্ষকজনেও দ্বিধাহীন হৈ নকল কৰে! বিদ্যালয় কৰ্তৃপক্ষৰো আপত্তি নাই- বৰ বিশেষ আপত্তি নাই চৰকাৰৰ; কাৰণ - আমাৰ চৰকাৰৰ দিনত শিক্ষা ভাল হৈছে বুলি তথ্য লাগে! ক’বলৈ তথা শুনিবলৈ বেয়া হ’লেও এইয়া সত্য যে নকলৰ (কেৱল পৰীক্ষাত নকলৰ কথা কোৱা নাই) যোগেদি ডাঙৰ দীঘল কৰা সন্তানৰ বাবে নিজৰ মুখ দেখুৱাব নোৱাৰি এচাম অভিভাৱকে আজিৰ তাৰিখত নিজৰ সন্তানক দিল্লী-মুম্বাইৰ বিভিন্ন অপ্ৰাসংগিক কলেজত পঢ়াই নিজৰ মুখ কেইবছৰমানৰ বাবে ঢাকে!
(ঙ)
এইখিনিলৈ পঢ়াৰ পাছত মোক কমেও দুটা প্ৰশ্ন কৰিব পাৰে! প্ৰথম প্ৰশ্নটো আহিব পাৰে মোক ব্যক্তিগতভাৱে জনা সকলৰপৰা - তেওঁলোকে ভাবিব পাৰে মই আই এ এছ নিৰ্মাণৰ সপোন দেখাতকৈ নিজে আই এ এছ হোৱাৰ সপোন নেদেখোঁ কিয়? কাৰণ এতিয়াও মোৰ পৰ্যাপ্ত বয়স আছে। উত্তৰত এইখিনি ক’লেও হ’ব যে মই লাজলো পোলগাৰৰ তত্ত্বত যিদৰে বিশ্বাসী একে সময়তে Excessive motivation ৰ ঘোৰ বিৰোধী। এইখিনিতে কৈ থোৱা ভাল হ’ব যে হাংগেৰিয়াৰ দবা শিক্ষক তথা শিক্ষা মনোবিজ্ঞানী লাজলো পোলগাৰে ছক্রেটিছ, আইনষ্টাইনকে আদি কৰি চাৰিশৰো অধিক মহান বুদ্ধিজীৱী-জিনিয়াছ ব্যক্তিৰ জীৱনী অধ্যয়ন কৰি কৈছিল- A genius is not born but is educated and trained. When a child is born healthy, it is a potential genius। পৰৱৰ্তী সময়ত নিজৰ সন্তান ক্রমে সুজান পোলগাৰ, সোফিয়া পোলগাৰ আৰু জুডিট পোলগাৰ তিনিও গৰাকীকে শিক্ষা তথা প্ৰশিক্ষণৰ বলত একো একো গৰাকী বিশ্বৰ চেচ জিনিয়াছ ৰূপে গঢ়ি তুলিছিল। কিন্তু নক’লেও হ’ব সম্পৰীক্ষাটো আৰম্ভ কৰিব লাগিব শিশু অৱস্থাতেই, অন্ততঃ বেছিভাগ শিশুৰ ক্ষেত্ৰত। এইখিনিতে Excessive motivation ৰ কথাটো অলপ কোৱা যাওক – আজিকালি চহৰত বিভিন্ন বিষয়ৰ advance শিক্ষাৰ বাবে coaching centres ৰ অভাৱ নাই। আমাৰ বিসংগতিপূৰ্ণ শিক্ষা ব্যৱস্থাক অলপ হ’লেও প্ৰলেপ সানিবৰ বাবে এইবোৰৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি। কিন্তু এইবোৰত Excessive motivation ক মূলধন হিচাপে লৈ শিক্ষাক লেতেৰা ব্যৱসায়লৈ পৰ্যৱেসিত কৰিব নালাগে। উদাহৰণ স্বৰূপে NEET উত্তীৰ্ণ হোৱাৰ একেবাৰে সম্ভাৱনা নথকা শিক্ষাৰ্থী এজনক বছৰৰ পাছত বছৰ Excessive motivation ৰ জৰিয়তে টকা উপাৰ্জনৰ উৎস কৰি coaching centre ত ৰখাটোৰ মই বিৰোধিতা কৰোঁ।
এইখিনিতে অভিভাৱক-শিক্ষকে মনত ৰাখিব লাগিব যে যদিও লোকসেৱা আয়োগৰ অসামৰিক পৰীক্ষাৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে ২/৪ /৫ বছৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আহিছোঁ বুলি কোৱা দেখা যায় কিন্তু তেওঁলোকৰ পৰোক্ষ প্ৰস্তুতি খুব সৰুৰেপৰাই আৰম্ভ হয়। সেয়া জ্ঞাতহাৰে অথবা অজ্ঞাতহাৰে। এইক্ষেত্ৰত অভিভাৱকৰ ভূমিকা উল্লেখযোগ্য। কেৱল পাঠ্যপুথি পঢ়িবলৈ দি অন্য বিষয়ক কিতাপ পঢ়িবলৈ সুযোগ -সুবিধা নিদি স্কুলীয়া জীৱন পাৰ কৰোৱা সন্তানক আই এ এছ হোৱাৰ সপোন দেখাতকৈ নেদেখাই ভাল।
দ্বিতীয় প্ৰশ্নটো যিকোনো লোকেই কৰিব পাৰে- চৰকাৰৰ ভূমিকাৰ কথা কিয় আলোচনা কৰা নাই! সন্দেহ নাই মানৱ সম্পদ উন্নয়নত চৰকাৰ এখনৰ ভূমিকা অপৰিসীম। (চৰকাৰী ভুল শিক্ষা নীতি তথা পয়ালগা শিক্ষা ব্যৱস্থাৰ বাবে আমাৰ প্ৰতিভাৰ কেনেকৈ অপচয় হয় সেই কথা মই প্ৰকাৰন্তৰে কেইবাবাৰো বিস্তৃত ৰূপত আলোচনা কৰিছোঁ) কিন্তু দুৰ্ভাগ্যবশতঃ আমি উচ্চ শিক্ষিত চামে চৰকাৰী শিক্ষা ব্যৱস্থাক ইতিমধ্যে বিদায় দিলোঁৱেই এতেকে এই আলোচনাত চৰকাৰৰ ভূমিকাতকৈ সমাজৰ ভূমিকাক প্ৰাধান্য দি আলোচনা কৰা হৈছে!
(চ)
সি যি নহওক আমাৰে দুৰ্ভাগ্য, চৰ্চা কৰিবলগা বিষয়বোৰ চৰ্চা কৰিব নলগা বিষয়বোৰৰ চৰ্চাৰ মাজতে হেৰাই যায়। যিবোৰৰ চৰ্চাই ব্যক্তি তথা সমাজৰ প্ৰগতিত সাৰপানী যোগাব বুলি আশা কৰিব পাৰি তেনে কিমান যে বিষয় প্ৰতিদিনে, প্ৰতিমাহে, প্ৰতিবছৰে উপেক্ষিত হৈ থাকি যায় তাৰ হিচাপ ৰখাই টান কিন্তু বজৰুৱা, নিৰৰ্থক বিষয়বোৰৰ চৰ্চাই ব্যক্তি তথা সমাজত কেনে ঋণাত্মক প্ৰভাৱ পেলাই তাৰ বিশ্লেষণ তথা মূল্যায়ন কৰা বৰ বেছি টান নহয়। আমাৰ এই আলোচনাত তেনে শ শ উপেক্ষিত (সীমিত লোকৰ মাজত চৰ্চিত) বিষয়ৰ এটা বিষয়হে হয়তো স্পৰ্শ কৰিলোঁ। সুযোগ সুবিধা পালে এনে আৰু বিষয় পৰৱৰ্তী সময়ত নিশ্চয় আলোচনা কৰিম। কিন্তু এই কথা কৈ থোৱা ভাল হ’ব যে এজন ব্যক্তিয়ে কেনে বিষয়ৰ চৰ্চা, কেনেকৈ কৰে তাৰ প্ৰতিফলন হয় ব্যক্তিজনৰ চেতনাত। ঘৰৰ মূৰব্বীৰ চিন্তা-চৰ্চা-চেতনাত প্ৰকাশ পায় ঘৰখনৰ পৰিচয়। একেদৰে সমাজ এখনৰ মাজত চলিত আলাপ-আলোচনা-তৰ্ক-বিতৰ্কত প্ৰকাশ পায় সমাজখনত বসতি কৰা মানুহৰ মাজত থকা আশা-আকাংক্ষা বৰ্তমান ভৱিষ্যতৰ আৰ্থ-সামাজিক, সাংস্কৃতিক-ৰাজনৈতিক দৃশ্যপট। প্ৰয়োজনত আমাৰ চৰ্চাৰ বিষয়-ধৰণ সলনি নকৰিলে আমাৰ ভাগ্যৰো সলনি নহয়।
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment