একাপ কফি আৰু মই
আগমনি ফুকন শইকীয়া
কফিখিনিয়ে কাপটোৰপৰাই ভেঙুচালি কৰি মোক সুধিলে,
তুমি কফি ভালপোৱা কেতিয়াৰপৰা হ’লা ?
মই ক’লোঁ, ভাল আজিও নাপাওঁ !
তেতিয়াহ’লে ?
ডাক্তৰে যিদিনা ক’লে, চাহে তোমাৰ শৰীৰটো নষ্ট কৰিলে। এনেদৰে নহ’ব।
মই ক’লোঁ, চাহ নহ’লে মই মৰি যাম
ডাক্তৰে ক’লে, চাহৰ সলনি কফি খাবলৈ লোৱা
প্ৰয়োজন হ’লে
আৰম্ভণিতে অকণমান চেনি মিহলাই ল’বা
আৰু মিহলাবা এচামুচ গৰুৰ ঘিউ…
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment