মোৰ আকাশৰঙী এই অপাপ নীল নিঃসঙ্গতা
ৰুদ্ৰ সিংহ মটক
ত্রিবেণী পথ, গুৱাহাটী
নেজানো কিমান আকুলতা আছে তোমাৰ নীহাৰিকাৰ দৰে উজ্জ্বল
নীলাভ চকুহালিত তোমাৰ দীঘল লাহি আঙুলিবোৰত---
যি কাহানিও চুৰ পৰা নাই মোক আৰু মোৰ প্ৰাচীন নিঃসঙ্গতাক
বুকুৰ গভীৰত নিমাতে থিয় দি থকা আকাশৰঙী এজাৰজুপিক, ভাগি পৰা
ডালবোৰ আৰু শেষ ফাগুনৰ সৰি পৰা হালধীয়াৰঙী কবিতাৰ পাতদুখিলা
মোৰ উশাহৰ মৃত বতাহজাকেও ডিঙি মেলি ডুব খোজা নাই—
তোমাৰ সুগোল গালৰ ধুনীয়া তিলফুলপাহ তোমাৰ খোলা চুলিৰ কিচকিচীয়া কলা ঢৌ
তোমাৰ লাহি আঙুলিৰ নখ মৌৰঙী ন-জোন এচকল
তুমি বাৰু মোৰ প্ৰেয়সী নে পত্নী, আপোন হৈও অচিনাকি, মোৰপৰা যেন বহুযোজন দূৰৈত;
তুমি কাহানিও পাঠ কৰিব শিকা নাই মোৰ আত্মা নামব নীলৰঙী আখৰবোৰ
কোনে জানে, নিঠুৰ মৃত্যুয়েও জয় কৰিব পৰা নাই নক্ষত্ৰৰ দৰে
মৰি মৰি জ্বলি উঠা মোৰ এই অপাপ নীল নিঃসঙ্গতাক—
যি মোৰ একান্তই নিজা, যাৰ বৈভৱ মোৰ শূন্যতাৰ বুকু ভৰি থকা নিফুট
সমুদ্রগৰ্ভৰ হেজাৰ সোণালী শঙ্খ
মই গর্ব কৰা নাই কোনো দিন জীবনানন্দৰ দৰে
তুমি কিয় কোনেও স্পর্শ কৰিব নোৱাৰে মোৰ মাজত লুকাই থকা বৃহদাৰণ্যক
বিষ্ণুতাৰ জুখিব নোৱাৰ সেই অতল গভীৰতা
জানোচা সাগৰতলিৰ পৰা উঠি অহা এক প্রচণ্ড ধুমুহাই জীৱনৰ ভগ্ন উপকূলত মুহূৰ্ত্ততে পেলাই থে যায় মোৰ বৃথা অহঙ্কাৰ, নে সাতোটা মৰা শামুকৰ
মটীয়া ৰঙৰ খোলা!
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment