অধিক দৰমহাৰ চাকৰি আৰু শিক্ষানুষ্ঠানৰ ৰেংকিং - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 5, 2025

অধিক দৰমহাৰ চাকৰি আৰু শিক্ষানুষ্ঠানৰ ৰেংকিং


 

অধিক দৰমহাৰ চাকৰি আৰু শিক্ষানুষ্ঠানৰ ৰেংকিং


ড° বুলজিৎ  বুঢ়াগোহাঁই


   ২০০৫ চনৰ পৰা প্ৰতি শনিবাৰে সন্ধ্যা ৬ বজাৰ পৰা ৯ বজালৈ ফোন (০৯৪৩৫১৮৮৬৩০) যোগে অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকলক বিনামূলীয়াভাৱে কেৰিয়াৰ পৰামৰ্শ দি আহিছোঁ। এই সময়ছোৱাত শিক্ষাৰ্থী তথা অভিভাৱকসকলে সঘনাই সোধা দুটা গুৰুত্বপূৰ্ণ কেৰিয়াৰ সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ তলত আলোচনা কৰা হৈছে।


১। কি লাইনত পঢ়িলে সোনকালে অধিক দৰমহাৰ চাকৰি পোৱা যাব?


উত্তৰঃ চাকৰি পোৱাটো কেৱল এটা বিশেষ শিক্ষাগত শাখা বা ডিগ্ৰীৰ ওপৰত নিৰ্ভৰ নকৰে।  কাৰণ, অধিক উপাৰ্জনৰ পথ নিৰ্ধাৰিত হয় শিক্ষাৰ্থীৰ ব্যক্তিত্ব, আগ্ৰহ, দক্ষতা, লগতে বৰ্তমানৰ চাহিদা আৰু ভৱিষ্যতৰ বজাৰৰ সম্ভাৱনাৰ ভিত্তিত। তথাপিও জনসাধাৰণৰ মাজত এই ক্ষেত্ৰত সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে, কিছুমান গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰাৰ প্ৰয়োজন অনুভৱ কৰিছোঁ।   প্ৰথমতে উল্লেখ কৰিবলগীয়া কথা হ’ল — শিক্ষাৰ্থীয়ে কলা, বিজ্ঞান বা বাণিজ্য — যিকোনো শাখাৰ শিক্ষাত ভালদৰে উত্তীৰ্ণ হ’লেই যথেষ্ট নহয়; সফলতা তেতিয়াহে সম্ভৱ, যেতিয়া তেওঁ নিজৰ অভ্যন্তৰীণ সক্ষমতা, আগ্ৰহ আৰু জীৱনৰ লক্ষ্যৰ সৈতে সঙ্গতিপূৰ্ণ উপযুক্ত কেৰিয়াৰ নিৰ্বাচন কৰে। সেয়ে প্ৰতিজন শিক্ষাৰ্থীয়ে প্ৰথমে নিজৰ ব্যক্তিত্ব গভীৰভাৱে চিনাক্ত কৰা উচিত — তেওঁ কি ধৰণৰ ব্যক্তিত্বৰ অধিকাৰী — অন্তৰ্মুখী, বহিৰ্মুখী, বাস্তৱধৰ্মী, অনুসন্ধানী, শৈল্পিক, সামাজিক, উদ্যমী নে গতানুগতিক।  নিজৰ ব্যক্তিত্বৰ সৈতে সঙ্গতিপূৰ্ণ কেৰিয়াৰ বাছনি কৰিলে, সেই পথত আত্মবিশ্বাস বৃদ্ধি পায়, জীৱনলৈ সন্তুষ্টি আহে, আৰু দীঘলীয়া সফলতা লাভৰ সম্ভাৱনাও অধিক হয়।  কেৱল শিক্ষাগত অৰ্হতা থাকিলেই নহয়, আজিৰ যুগত চাকৰি লাভৰ ক্ষেত্ৰত প্ৰযুক্তিগত দক্ষতা, আন্তঃ-ব্যক্তিক কৌশল, আৰু চিন্তা-ভিত্তিক সমস্যা সমাধানৰ ক্ষমতাও সমানে গুৰুত্বপূর্ণ। তথাপিও দেখা যায় যে বহু শিক্ষাৰ্থীয়ে উচ্চ নম্বৰ অৰ্জন কৰিও চৰকাৰী বা ব্যক্তিগত খণ্ডত আশানুৰূপ নিযুক্তি লাভ কৰিব নোৱাৰে। ইয়াৰ মূল কাৰণ হ’ল — কেৱল ডিগ্ৰী থাকিলেই নহয়; আজিৰ প্ৰতিযোগিতামূলক যুগত বাস্তৱিক দক্ষতা ,ব্যৱহাৰিক জ্ঞান আৰু সময়ৰ চাহিদা অনুসৰি নিজকে সদায় আপডেট কৰি ৰাখিবলৈ সক্ষম হোৱাটো অত্যাৱশ্যক। চাকৰিৰ বাহিৰেও নিজস্ব সৰু-বৰ উদ্যোগ গঢ়ি তোলা বা ব্যৱসায়-বাণিজ্য আৰম্ভ কৰাৰ জৰিয়তে নিজে উপাৰ্জনক্ষম হৈ উঠিব পাৰি; লগতে আনকো চাকৰি দিয়াৰ সুযোগ সৃষ্টি কৰিব পাৰি। আমি সকলোৱে জানো যে - ভুকুতে কল নপকে, পকিবলৈ সময় লাগে। চাকৰি হওক বা ব্যৱসায়ে — অধিক দৰমহা বা উচ্চ উপাৰ্জনৰ পথত গভীৰ অধ্যয়ন, সঠিক প্ৰশিক্ষণ, আৰু কঠোৰ পৰিশ্ৰমৰ কোনো বিকল্প নাই। অধিক উপাৰ্জন সেইসকলৰ বাবে সম্ভৱ, যিয়ে নিজৰ আগ্ৰহ, ব্যক্তিত্ব, আৰু সময়ৰ চাহিদাৰ সৈতে সঙ্গতিপূৰ্ণভাৱে দক্ষতা ভিত্তিক পাঠ্যক্ৰম আৰু উচ্চ-চাহিদাৰ খণ্ড   কেৰিয়াৰ বাছনি কৰে।


২। ৰেংকিঙৰ ওপৰত ভৰসা কৰি শিক্ষানুষ্ঠানত নামভৰ্তি কৰা উচিত নে?

উত্তৰঃ শিক্ষানুষ্ঠান বাছনি কৰোঁতে ৰেংকিং একমাত্ৰ নিৰ্ণায়ক হ’ব নালাগে, কাৰণ ৰেংকিং ব্যৱস্থাসমূহ বহু ক্ষেত্ৰত আপেক্ষিক, অসম্পূৰ্ণ, আৰু বিভ্ৰান্তিমূলক হ’ব পাৰে। বহু শিক্ষাৰ্থীয়ে অনলাইনত পোৱা ৰেংকিঙৰ তথ্য সত্যতা পৰীক্ষা নকৰাকৈ নামভৰ্তি কৰাৰ সিদ্ধান্ত লোৱাৰ ফলত বিপদত পৰিছে। সাধাৰণতে ৰেংকিঙৰ মানদণ্ডত গৱেষণা প্ৰৱন্ধ, বৈদেশিক সহযোগিতা, আৰু পুঁজি সংগ্ৰহ আদি বিষয়ত বেছি গুৰুত্ব পায় । এইবোৰ স্নাতকোত্তৰ শিক্ষাৰ বাবে গুৰুত্বপূৰ্ণ হ'লেও স্নাতক শিক্ষাৰ গুণাগুণৰ ওপৰত ইয়াৰ প্ৰভাৱ কম। বস্তুনিষ্ঠ মূল্যায়নৰ উদ্দেশ্যে নহয়, বৰং কেৱল আয়ৰ লক্ষ্য লৈ কিছুমান বেচৰকাৰী সংস্থাই ৰেংকিং প্ৰকাশ কৰে। শিক্ষানুষ্ঠানখনৰ ৰেংকিং উচ্চ হ’লেও নিৰ্দিষ্ট বিভাগটোৰ মানদণ্ড কম হ'ব পাৰে।  সেয়ে যিকোনো মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত নামভৰ্তিৰ পূৰ্বে শিক্ষাৰ্থীসকলে নিজে অনুসন্ধান কৰি, সেই শিক্ষা প্ৰতিষ্ঠান আৰু অধ্যয়ন কৰিব বিচৰা বিভাগটোৰ বিষয়ে সবিশেষ তথ্য সংগ্ৰহ কৰা অধিক যুক্তিসংগত। বিশেষকৈ, শিক্ষা প্ৰতিষ্ঠানখন আৰু বিভাগটোৰ বৈধতা আৰু স্বীকৃতি আছে নে নাই, সেইটো নিশ্চিত কৰা অতি প্ৰয়োজনীয়। এই বিষয়ৰ তথ্য বিভিন্ন শিক্ষা বিষয়ক পৰিষদ আৰু সংস্থাৰ চৰকাৰী ৱেবচাইটসমূহত উপলব্ধ। যেনে- শিক্ষা  মন্ত্রালয় (https://education.gov.in),    বিশ্ববিদ্যালয়  অনুদান আয়োগ (https://www.ugc.ac.in),  ৰাষ্ট্রীয় চিকিৎসা আয়োগ  (https://www.nmc.org.in), ভাৰতীয় দন্ত পৰিষদ (https://dciindia.gov.in), ভেটেৰিনেৰী কাউঞ্চিল অৱ ইণ্ডিয়া (https://vci.dahd.gov.in/), ৰাষ্ট্ৰীয় হোমিঅ’পেথী আয়োগ (https://nch.org.in), ৰাষ্ট্রীয় মূল্যাঙ্কন আৰু স্বীকৃতি পৰিষদ (http://naac.gov.in/), নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদ (https://www.aicte-india.org), ভাৰতীয় ফাৰ্মাচী পৰিষদ (https://www.pci.nic.in‎), ভাৰতীয় বিশ্ববিদ্যালয় সংস্থা (https://aiu.ac.in), দূৰ শিক্ষা পৰিষদ (https://deb.ugc.ac.in),  ভাৰতীয় নাৰ্ছিং পৰিষদ (https://www.indiannursingcouncil.org), আৰ্কিটেকচাৰ পৰিষদ (https://www.coa.gov.in), ভাৰতীয় বাৰ পৰিষদ (https://www.barcouncilofindia.org), ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদ (https://ncte.gov.in), ভাৰতীয়  পুনৰ্সংস্থাপন পৰিষদ(https://rehabcouncil.nic.in)  আদি । তদুপৰি, শিক্ষানুষ্ঠান বাছনি কৰাৰ সময়ত কেইটামান গুৰুত্বপূর্ণ দিশৰ বিষয়ে এক সম্যক ধাৰণা ল’লে ভাল হয়। উদাহৰণস্বৰূপে — শিক্ষানুষ্ঠানখনৰ পৰা উত্তীৰ্ণ শিক্ষাৰ্থীসকলে নিজৰ ক্ষেত্ৰত কেনেধৰণে সফলতা লাভ কৰিছে, সেই বিষয়ে আগতীয়াকৈ অৱগত হ’বলৈ চেষ্টা কৰাটো শিক্ষাৰ্থীসকলৰ বাবে সহায়ক হ’ব পাৰে। লগতে, শিক্ষানুষ্ঠানখনৰ পাঠদান ব্যৱস্থা, উত্তীৰ্ণৰ হাৰ, নামভৰ্তিৰ প্ৰক্ৰিয়া, পুথিভঁৰাল আৰু ইণ্টাৰনেট সেৱা, আবাসন সুবিধা, আৰ্থিক সহায় আদিৰ বিষেয়েও পূৰ্বে ভালদৰে বুজি লোৱাটো অত্যন্ত প্ৰয়োজনীয়। ইয়াৰ উপৰিও বিবেচনা কৰিবলগীয়া আন দিশবোৰ হ'ল- শিক্ষানুষ্ঠানখন চৰকাৰী নে বেচৰকাৰী? সুৰক্ষিত স্থানত অৱস্থিত নে নহয়?শিক্ষাৰ্থী আৰু শিক্ষকৰ অনুপাত কিমান? ঘৰৰ পৰা দূৰত্ব কিমান? কেম্পাছ ইণ্টাৰভিউ আয়োজন হয় নে নহয়? খেলা-ধূলা, সাংস্কৃতিক কাৰ্যকলাপ, আৰু অন্যান্যপাঠ্যক্ৰমৰ বাহিৰৰ কাৰ্য্যকলাপ  কৰাৰ সুযোগ আছে নে নাই?3 ৰেংকিঙে কোনো শিক্ষানুষ্ঠানৰ বিষয়ে এটা প্ৰাথমিক ধাৰণা দিব পাৰে, কিন্তু কেৱল তাৰ ওপৰত ভিত্তি কৰি চূড়ান্ত সিদ্ধান্ত লোৱা উচিত নহয়। চূড়ান্ত সিদ্ধান্ত লোৱাৰ আগতে শিক্ষানুষ্ঠানখন প্ৰত্যক্ষভাৱে দৰ্শন কৰা, বৰ্তমান আৰু প্ৰাক্তন শিক্ষাৰ্থীৰ সৈতে কথা পতা, আৰু নিজস্ব লক্ষ্য, প্ৰয়োজন আৰু পৰিস্থিতিৰ সৈতে মিলাই বিবেচনা কৰা অতি প্ৰয়োজনীয়। যুক্তিভিত্তিক বিশ্লেষণ আৰু সত্য তথ্যৰ আধাৰত লোৱা সিদ্ধান্তই শিক্ষাৰ্থীৰ দীঘলীয়া ভৱিষ্যৎ গঢ়িবলৈ অধিক সহায়ক হ’ব।



ড° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা   তথা মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়

ফোনঃ ৯৪৩৫১৮৮৬৩০

ই-মেইলঃ buljit@gmail.com

Website: www.buljit.com

 

বিঃ দ্রঃ কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে ,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন (৯৪৩৫১৮৮৬৩০) ত যোগাযোগ কৰিব পাৰে।


Doksiri দকচিৰি, জুলাই, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages