মায়ংৰ বেজ
নৱজ্যোতি বৰা
: অ…ই… নয়ন কথাবোৰ তই গ’ম পাইছনে ?
: এৰা, কথাটো মই নুশুনা নহয়। কাথাটো আজি তিনিদিন ধৰি বাসুদেৱ বাটচৰা মুখৰ সকলো মানুহৰ মুখে মুখে আলোচনা হোৱাৰ লগতে আবেলি ৰাজীৱ হতৰ চুতালত বহা আদহিয়া সকলৰ মাজতো এই কেইদিন আলোচনাৰ বিষয় বস্ত হৈ পৰিছে।
কথাবোৰ আৰম্ভ হৈছিল আজিৰ পৰা দহ দিন মান আগৰ পৰা। লক্ষিমপুৰ চহৰৰ পৰা প্ৰায় এশ কিলোমিটাৰ মান দূৰত অৱস্থিত বাসুদেৱ বাটচৰা গাওঁখন। এটা সময়ত এই গাৱৰ যাতায়ত ব্যৱস্থা বৰ ভাল নাছিল। প্ৰত্যক বছৰে অহা বানে বাসুদেৱ বাটচৰাৰ ৰাস্তাটো দুই-তিনি ঠাই চিঙি থৈ যোৱাৰ ফলত গাওঁখনৰ মানুহ বোৰ সন্ধিয়া লগাৰ আগতে ঘৰ সোমাইছিলহি। কিন্তু গাওঁ হ’লেও আজি পৰিবৰ্তনৰ ঢৌয়ে লাহে লাহে ঠাই দোখৰ উন্নত হোৱাৰ লগতে যোগা-যোগৰ ব্যৱস্থিও সুচল হ’ব ধৰিছে। এই বাসুদেৱ বাটচৰা গাৱঁতে বিষ্ণু হতৰ ঘৰ । বিষ্ণুয়ে উচ্চ শিক্ষাৰ বাবে গুৱাহাটীৰ এখন কলেজত নাম লগালে। সেই কলেজতে মৰিগাওঁ জিলাৰ মায়ংৰে সমীৰ আৰু ৰন্টু নাম লগোৱাৰ ফলত বিষ্ণু লগত সিহত দুটাৰ বন্ধুত্ব গঢ় লৈ উঠিল। বিষ্ণুয়ে যেতিয়া ঘৰ পৰা মেজ পায় তেতিয়া বিষ্ণু হতৰ গাওঁৰ মানুহবোৰৰ সৰলতাবোৰ সিহঁত দুটাত আগত বিৱৰি কয়। এই দ্বৰে কৈ থকাৰ পাছত এই বাৰ সমীল আৰু ৰন্টুৱে বিষ্ণুৰ লগত বাসুদেৱ বাটচৰা গাওঁ ফুৰিবলৈ বিষ্ণু লগতে আহিব বাবে মন কৰিলে ।
যোৱা সপ্তাহত বিষ্ণু ঘৰলৈ আহিছিল । এই বাৰ তাৰ লগত সমীল আৰু ৰন্টুও আহিল । বিষ্ণুয়ে সিহঁত দুটাক লৈ গাওঁখনৰ কেইবাঘৰ লৈ গৈছিল। সিহঁতে দুটাই গাওঁখনত গৈ দেখিলে গাওঁখনৰ আধাতকৈও বেছি পৰিয়ালে বিজুলীবাতিৰ মুখ দেখা নাপালেও গাওঁখনৰ মানুহবোৰ বৰ সহজ-সৰল। সিহঁত দুটা যেতিয়া বিষ্ণুৰ ঘৰ পালেহি বিষ্ণুৰ মাকে ধুনীয়াকৈ চাহ একাপ একাপ দিয়াৰ লগতে তিল পিঠা, নাৰিকলৰ লাডু, ঘিলা পিঠা, চুঙা পিঠা খাবলৈ দিলে । সিহঁত দুটাই চাহ কাপ খাই ভৰি-হাত ধুই বিষ্ণুৰ লগত গাওঁখন এপাক ফুৰিবলৈ গ’ল। বাসুদেৱ বাটচৰা গাঁৱৰ মানুহৰ ঘৰ বোৰ দুই এঘৰ পকী হোৱাৰ বাদে প্ৰায় ঘৰবোৰ কেচা । ঘৰবোৰ কেচাই হওঁক বা পকীয়েই হওঁক ঘৰবোৰ কিন্ত আটোমটোকাৰীকৈ বনোৱা । প্ৰত্যেকৰে ভঁৰাল বা গোহালী ঘৰৰ ওপৰত কোমোৰা, জাতি লাউ, তৰৈ লাগি আছে । ঘৰৰ সীমা বুলিবলৈ তাতি-চেকুৰা একো নাই মাথো ঘৰৰ সন্মুখভাগত একোডাল নঙলা আছে। বাসুদেৱ বাটচৰাৰ মানুহৰ বাৰীবোৰ আহল বহল হোৱাৰ লগতে বাৰীবোৰৰ বিভিন্ন ধৰনৰ ফলৰ গছ-গছনি থকাৰ উপৰিও নানা ধৰনৰ শাক-পাচলিৰ খেতি কৰি ৰাখিছে। ইয়াৰ পাছত বিষ্ণুয়ে বাসুদেৱ বাটচৰাৰ গাতে লাগি থকা কিলা-কিলি নদীখনৰ ফালে লৈ গ’ল। বৰ্তমান সময় এই নদীখন গাওঁৰ বহু লোকে বৰসি তথা জাল মাৰি মাছ ধৰাত লাগি আছে । আমাৰ ভোগৰ বিহু ভোগালীত বাসুদেৱ বাটচৰা গাওঁৰ ৰাইজে সমূহীয়াকৈ মাছ মাৰি ভোজ ভাত খাই ৰং তামাছা কৰে । নদীখনৰ কাষে কাষে থকা মেটেকাৰ ওপৰত বগলী, কনামোচৰি, ডাউক, হাহঁৰ লগতে নানাধৰণৰ চৰায়ে বহি মাছৰ অপেক্ষাত আছে । নদীৰ মাথাউৰিটোত গৰু, ছাগলি, গাহৰি, কুকুৰা, ৰাজ হাঁহে নিজৰ ৰাস্তা বুলি ব্যৱহাৰ কৰিছে। মাথাউত থকা সৰু সৰু গাত তথা গৰুৰ গোবৰৰ পৰা নিজক বচাই সমীল আৰু ৰন্টুৱে যেনে-তেনে বিষ্ণুৰ ঘৰ পালেহি ।
দুপৰিয়া ভাতকেইতা খাই অলপ জিৰাণি লব লাগিব বুলি সমীল আৰু ৰন্টু ভাতৰ পাতত বহিলহি । বিষ্ণুৰ মাকে সিহঁতক গৰম গৰম জহা চাউলৰ ভাত, আৰি মাছৰ জোল, হাহঁৰ মাংসৰ জোল। ঘৰতে কৰা ৰঙালাও আৰু সৰু আলুৰ ভাজি। পোৰা বেঙেনাৰ পিটিকা আৰু সৰু সৰু মাছৰ ভজি দিলে। সিহঁত কিতাই বৰ আনন্দ মনে সকলোবোৰ খালে। পিছে সিহঁতৰ বাসুদেৱ বাটচৰা গাওঁখনহে বিশেষ পছন্দ হোৱা নাই। গাওঁখনৰ প্ৰায়বোৰ মানুহৰঘৰৰ লেট্ৰিন-বাথৰুমৰ লগতে ৰাস্তাবোৰ বোকাময় । কিন্ত বাসুদেৱ বাটচৰা গাওঁৰ মানুহবোৰ বিৰাট মৰমীয়াল । কথাবোৰ ভাবি ভাবি সিহঁতৰ কেতিয়া যে টোপনি আহিল গমকে নাপালে । বিষ্ণুৰ মাতহে সিহঁত দুটাই সাৰ পাই দেখিলে আন্ধাৰ নামিবৰ হ’ল । বাসুদেৱ বাটচৰাত আজিলৈকে কাৰেন্টৰ ব্যৱস্থা নাই যদিও দুই এঘৰত চলাৰৰ দ্বাৰা ঘৰবোৰ পোহৰাই ৰাখে। কাৰেন্ট নাই বাবে গাৱঁৰ মানুহবোৰ সোনকালে খাই বৈ শুই থাকে ।
সিহঁত তিনিতাই আবেলি বিষ্ণু হতৰ ঘৰৰ বাৰান্দাত বহি চাহ খোৱাৰ মাজতে বাসুদেৱ বাটচৰাৰ গাওঁখনৰ সমস্যাৰ কথাবোৰেই পাতি আছিল। গাওঁখনৰ পৰিবৰ্তন হৈছে যদিও বৰ কাছ গতিতহে কামবোৰ কৰিছে। ইয়াত অসম বিখ্যাত বাসুদেব থানখন আছে যদিও সেই হিচাবে ইয়াৰ আশে-পাশে থকা ঠাইবোৰ সিমান উন্নতি হোৱা নাই। কথা বোৰ পাতি থাকোতেই বাহিৰত হুলস্থুলৰ শব্দ শুনা গ’ল। বিষ্ণুৰ লগতে সমীল আৰু ৰন্টুও উলাই আহিল পদূলিলৈ। বিষ্ণু হতৰ ঘৰৰ সন্মুখৰ ঘৰটোত থকা কনপাই দোকানীৰ ল’ৰাটোৰ হঠাৎ গাটো ইচাত-বিছাত লাগিছে। পেটটো ফুলি উশাহ ল’ব নোৱাৰা হৈছে । বমি বমি ভাবো আহিছে । কানি- মুনি সময়ত সি কিলা-কিলি নদীৰ পাৰৰ মূকলি পথাখনৰ পৰা এৰাল দিয়া গৰু কেইতা আনি গোহালিত বান্ধি হাত ভৰি ধুই চাহ কাপ মূখত লওঁতেই আৰম্ভ হৈছে এইবোৰ বেমাৰ । কি হৈছে বুলি কনপাই দোকানীয়ে নহৰো গাত সানি দি সোকান জলকীয়া পুৰি নাকত লগাইছে তথাপিও ভাল হোৱাৰ লক্ষন নেদেখি মূৰে-কপালে হাত দিত থি বহি পৰিল। সমীলে লাহেকৈ ভিৰৰ মাজৰে এজনক সুধিলে কিবা উল্টা-পুল্টা বস্তু খাইছিল নেকি ? কতাটো ঘৰৰ এজনে শুনি খঙেৰে সমীলক ক’লে— খোৱাৰ কাৰণে নহয়, সন্ধিয়া নদীৰ পাৰৰ মূকলি পথাৰলৈ গৈছিল অকলে সেই তাৰ পৰাই হয়তো তাৰ গাত কিবা লাগি আহিছে । জৰা-ফুকা কৰিলে হয়টো ভাল হ’ব তাৰ। কথাটো শুনি জোৰেৰে আহিব খোজা হাঁহিটো বন্ধ কৰি সমীলে তাত উপস্থিত থকা মানুক শুনাকৈ ক’লে– তাক ভাল কৰা দৰব এটা দিব পাৰো মই। কথাটো শুনি কনপাই দোকানীয়ে সমীলৰ মূখলৈ চালে। ৰন্টুয়েও সমীলৰ কথাটো শুনি তাৰ ফালে খঙেৰে চই পথিয়াই তাৰ কানৰ কাষত ৰন্টুৱে ক’লে– এইখন গাওঁ হয়, মুখত যি আহে তাকে কৈ নিদিবিছোন। দৰৱ জানো বুলি কৈছ যেতিয়া এতিয়া দৰৱ দিবি ক’ৰ পৰা । সমীলে ৰন্টুৰ কথা গুৰুত্ব নিদি কনপাই দোকানীক গাখিৰ এগিলাছ বিছৰাৰ লগতে অলপ কেচা হালধিৰ ৰস আৰু অলপ নিমখ আনিব কলে। সেই মতে কনপাই দোকানীয়ে সকলো বস্ত আনি সমীলক দিলেহি । সমীলে সকলো বস্ত গাখীৰ খিনিত মিহল কৰি ভালকৈ ঘূতি ল’ৰাটোক খাবলৈ দিলে ।
গাখীৰ খিনি খোৱাৰ দহ মিনিট মান পাছৰ পৰা লৰাটোৱে লাহে লাহে আৰাম পাব ধৰিলে । কনপাই ঘৰত গোট খোৱা মানুহবোৰো ঘৰা-ঘৰি যাবলৈ লৈছে। বিষ্ণু আৰু ৰন্টুৱে সমীলৰ মুখলৈ চাই ঘৰ সোমালহি। সমীলে ঘৰলৈ আহি বিষ্ণু আৰু ৰন্টুক আগত ক’লে – কনপাই দোকানীৰ লৰাটোৰ লক্ষণকেইটা দেখি গ’ম পাইছিলো তাৰ পেটতত গেছ জমা হৈছে । সৰুতে আমাক মায়ে গুণাকৰ খনিকৰে লিখা বনৌষধি কিতাপ পৰা লক্ষনবোৰ চাই তাত দিয়া বিধানবোৰৰ পৰা গৰম গাখীৰত কেচা হালধিৰ ৰস আৰু নিমখ দি খাবলৈ দিয়াৰ পাছতে আমি গেছৰ পৰা উপশম পাইছিলো । সেইখিনি সময়তে ৰন্টুয়ে মুখ পাতি ধৰিলে — যদি গেছ নহ’ল হয় তেতিয়া কি কৰিলিহেঁতেন তই । কি কৰিলো হেঁতেন সময়ত ভাবিলো হয় ।
পিছদিনা কনপাই দোকানীয়ে সমীল, ৰন্টুৰ লগতে বিষ্ণুকো ৰাতিৰ ভাত সাজ খাবলৈ নিমন্ত্ৰণ দি গ’লহি ৰাতিপুৱাতেই। ভাতৰ পাতত বহি হাঁহ-কোমোৰাৰ জুতি লৈ থাকোতেই কপাই দোকানীয়ে সমীলক সুধিলে– এই দৰৱ দিয়া কথাবোৰ সি কৰ পৰা সিকিলে। সমীলে ধেমালিতে কৈ দিলে যে – তাৰ মোমায়েক মায়ংৰ ফালে নামজ্বলা বেজ আছিল। সেই সময় মোমায়েকে কিমান মানুহৰ ডাঙৰ ডাঙৰ বেমাৰ ভাল কৰি দিছিল। ৰন্টুয়েও সমীলৰ কথাত হাঁহি হাঁহি হয়ভয় দি থাকিল। পিছদিনা গাঁৱৰে সিটো মূৰত থকা মনি আহিল সমীলক লগ কৰিবলৈ । মনিৰ ভৰিত ঘাঁ এডোখৰ হৈছে। বহু কিবা- কিবি কৰিছে যদিও ঘাঁ ডোখৰ ভাল হোৱা নাই। ঘাঁ ডোখৰ ভাল হোৱাৰ উপায় এটি বিছাৰি লগ পাব আহিছে মনিয়ে । সমীলে মন দি মনিৰ ভৰিৰ ঘাঁ ডোখৰ চাই বুজিলে যে- পথাৰৰ বোকা পানী গচকি ভালদৰে নোধোৱাৰ বাবে খজুৱাই খজুৱাই খৰ হৈ গৈছে। সমীলে মনিক ক'লে-এই ঘাঁ ডোখৰ ভালকৈ গৰম পানীৰে ধূই অলপ ভালকৈ পিছি হালধিৰ ৰস পাঁছ দিন মান লগালে ঘাঁ ডোখৰ ভাল হব।
সমীলৰ কথা মতেই মনিয়ে ভালকৈ ঘাঁ ডোখৰ পৰিস্কাৰ কৰি হালধীৰস লগোৱাৰ ফলত ঘাঁডোখৰ ভাল হ'বলৈ ধৰিলে । সমীলৰ এই বোৰ কথা মানুহৰ মূখ বাগৰি বাগৰি বাসুদেৱ বাটচৰা গাঁৱৰ মানুহৰ মাজত গুণগুণনি উঠিল বিষ্ণু হতৰ ঘৰলৈ অহা মায়ংৰ বেজ দুজন বৰ কামৰ মানুহ । সেই কেই দিন ৰাতি পুৱাৰে পৰা ৰাতিলৈকে বিষ্ণুহতৰ ঘৰত গাঁৱৰ মানুহে ভৰি থকা হ’ল। এদিন বাসুদেৱ বাটচৰাৰ গাঁৱৰ কাষতে থকা ভৰালৰ ভেটীৰ গাঁৱৰে সমীল আৰু ৰন্টুহঁতৰ কথাবোৰ শুনি সিহঁতক লগ কৰিবলৈ বিষ্ণু হতৰ ঘৰলৈ আহিল । কথাটো হ’ল সিহঁতৰ বিয়া পতা দহ বছৰে হ’ল। বিয়াৰ দহ বছৰৰ পিছতো ল'ৰা-ছোৱালী মূখ দেখা নাই। কিবা উপাই বিছাৰি সিহঁত সমীল হঁতৰ হাতে-ভৰিয়ে ধৰিলহি। যেনে তেনে সিহঁতক কিবা এটা উপায় দিব লাগে। এই বাৰহে সমীতৰ গাত হুচ আহিল । ৰন্টুৰ চিন্তা বাঢ়িল । সিহঁত দুটাক ভাল দিন এটা চাই বিধান দিব বুলি আজিলৈ পথাই দিলে ।
নিঃসন্তান দম্প্ৰতি হালে সমীলক চিন্তুাত পোলোৱাৰ লগতে সিহঁত কি উপাই দিব একো ভাবি নাপাই এদিনৰ পাছতে বিষ্ণুৰ লগতে সিহঁতে পুৱতি নিশাতেই মেধীৰ গাড়ীখনতে বাসুদেৱ বাটচৰা গাওঁখন এৰি আহিল। বিষ্ণুৰ মাকে গাওঁৰ মানুহক ক'লে ৰাতি চহৰৰ পৰা কিবা বিশেষ ফোন অহাত সিহঁত কিতা বেগা-বেগিকৈ যাৱ লগিয়া হ’ল । বিষ্ণুৰ মাকৰ কথাত বাসুদেৱ বাটচৰাৰ মানুহবোৰ পতিয়ন গল নে নাই নজানিলে। কিন্ত সকলোৰে মুখে মুখে এটা কথাই বিষেশ ঠাই পালে বৰ ভাল বেজ আছিল দেই সিহঁত দুটা। সিহঁত দুটাই বাৰু বাসুদেৱ বাটচৰা গাওঁৰ কোনোৱা মানুহৰ কথাত বেয়া পাই এই গাঁৱৰ পৰা অতি শোনকালে গলগৈ নেকি বাৰু। হাজাৰ হ'লেও সিহঁত দুটা এই গাওঁলৈ আলহি হৈ হে আমাৰ বিষ্ণুৰ লগত আহিছিল। সযয় যোৱাৰ লগে লগে গাঁৱৰ পৰিৱেশবোৰ সহজ হ’ব ধৰিলে। সিহঁতক দুটাক থৈ আহাৰ পাছত এই বাৰ বিষ্ণু গাওঁৰ ঘৰলৈ এক মাহ থাকিবৰ বাবে আহিল। তাৰ মাজতে দুই এজনে বেজ দুজনৰ খৱৰ খাতি লৈ থাকিল ।
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment